অসম

অবৈধভাৱে বাস কৰা এহাল দম্পতীক আটক

প্ৰথম খবৰ, বৰপেটা: বৰপেটাৰোডৰ ৯ নম্বৰ ৱাৰ্ডত মিছাকৈ স্বামী স্ত্ৰী হিচাবে পৰিচয় দি ভাৰাতীয়া নামত থকা এহাল যুৱ দম্পতীক আজি স্থানীয় ৰাইজে আটক কৰে। আটক হোৱা পুৰুষজন হৈছে বাঁহবাৰীৰ মোহিনী ৰাজবংশী (৩৫) আৰু দিপালী বিশ্বাস (২৮)। প্ৰাপ্ত খবৰ মতে, দিপালী বিশ্বাসৰ ৬বছৰ মান পূৰ্বে লুৱাশুৰৰ ৰাজু বিশ্বাসৰ লগত বিয়া হৈছিল আৰু তেওঁলোকৰ এটি পাচ বছৰীয়া কন্যা সন্তানো আছে। আনহাতে মোহিনী ৰাজবংশীও বিবাহিত তেওঁৰো সন্তান আছে। যোৱা তিনি মাহ মান ধৰি দুয়ো স্বামী স্ত্ৰী হিচাবে চিনাকি দি প্ৰায়ে ভাৰাঘৰটোত আছিল। উল্লেখ্য যে, জাল নোট সৰবৰাহ কৰা, অবৈধ ভাৱে মৰণাস্ত্ৰ ৰখা আৰু হত্যাৰ গোচৰ এইজন মোহিনী ৰাজবংশীৰ নামত পঞ্জীয়ন হৈ আছে। নিজকে হিন্দু যুৱ পৰিষদ বৰপেটাৰোড সমিতিৰ সম্পাদক বুলি পৰিচয় দিলেও  যুৱক জন পিছে সংগঠনটোৰ কোনো সদস্য নহয় বুলি জনাইছে জিলা সম্পাদক বিকাশ শৰ্মাই। পিছত দুয়োকে আৰক্ষীয়ে আটক কৰি দুয়োকে বৰপেটাৰোড থানালৈ আনে।

Related Articles

Leave a Reply

Close