অসমধুবুৰী

অসমৰপৰা বাংলাদেশলৈ ৰে’লৰ দাবী

আছিকুৰ ৰহমান
অসমৰপৰা বাংলাদেশলৈ ৰে’ল যোগাযোগ ব্যৱস্থা আৰম্ভ কৰাৰ দাবী। এই প্ৰসংগত অল পাৰ্টীছ কো-অৰ্ডিনেচন কমিটীছ ফ’ৰ ডেভেলপমেণ্ট অব্ ধুবুৰী ডিষ্ট্ৰীক্টৰ এটি সঁজাতি দলে মঙলবাৰে গুৱাহাটীৰ মালিগাওঁ স্থিত এন এফ ৰেল ৱেৰ জেনেৰেল মেনেজাৰক সাক্ষাৎ কৰে। ধুবুৰীৰ পৰা কলকাতা হৈ বাংলাদেশৰ মাজত যাত্ৰীবাহী আৰু মালবাহী ৰে’ল চলাচলৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ মহাপ্ৰবন্ধকজনক প্ৰদান কৰে দলটোৱে। আজি কমিটীৰ এক সূত্ৰই প্ৰথম খবৰক জনাইছে এই তথ্য। উল্লেখ্য যে এই ৰে’ল সেৱা আৰম্ভ হ’লে পশ্চিম অসমৰ লগতে মেঘালয়ৰ গাৰোপাহাৰ জিলা আৰু পশ্চিমবংগ ৰাজ্য বাণিজ্যিক দিশত লাভান্বিত হ’ব বুলি স্মাৰকপত্ৰখনত উল্লেখ কৰে অল পাৰ্টীছ কো-অৰ্ডিনেচন কমিটীছ ফ’ৰ ডেভেলপমেণ্ট অব্ ধুবুৰী ডিষ্ট্ৰীক্টে।

Tags

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close