গল্প

উত্তৰ

যামিনী অনুৰাগ

ডেকা বয়সৰ উদ্ভট চিন্তাবোৰৰ ভিতৰত ৰমানন্দৰ এইটোও এটা অন্যতম চিন্তা আছিল। কেতিয়াও নঘটিব ধৰণৰ অসম্ভৱ কল্পনা কিছুমান কৰি ৰমানন্দ‍ই কিবা এক অদ্ভুত তৃপ্তি লাভ কৰিছিল। সি প্ৰায়ে কল্পনা কৰিছিল বহু আগতীয়াকৈ সি তাৰ মৃত্যুৰ সময়টো গম পাই গৈছে আৰু প্ৰয়োজনীয় সকলো কাম-কাজ সমাধা কৰি সি ঘড়ীলৈ চাই নিজৰ আসন্ন মৃত্যুলৈ অপেক্ষা কৰিছে। বহু ৰাতি সি এই অনুভৱটোৰ মুখামুখি হোৱাৰ চেষ্টা কৰে। কেতিয়াবা বিনিদ্ৰ ৰজনী পাৰ কৰি সি ভাবে, অলপ সময়ৰ পিছতে সি গুচি যাব এইখন পৃথিৱীৰ কোনো আকৰ্ষণে টানিব নোৱাৰা এক অনন্ত ধামলৈ আৰু এটা এটাকৈ প্ৰতিটো মুহূৰ্তক লিৰিকি বিদাৰি সি ৰৈ আছে সেই মুহূৰ্তলৈ।

কল্পনাৰ বাহিৰে কেতিয়াবা সঁচাকৈ যে তাৰ জীৱনত এনে ঘটনা ঘটিব সেই কথা ৰমানন্দ‍ই ভুলতো ভাবিব পৰা নাছিল। কিন্তু সচাঁকৈয়ে যেতিয়া এনে এটা ঘটনা আচম্বিতে ঘটিছে বুলি সি গম পালে, সি কোনোপধ্যেই সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিলে আনন্দ নে বিষাদ অনুভৱ কৰিছে। এটা কথা কিন্তু ৰমানন্দৰ মনলৈ লগে লগে‍ই আহিছিল যে জীৱনটোত বহু কিবাকিবি কৰিবলৈ বাকী থাকি গ’ল। অন্য প্ৰকাৰে ক’বলৈ হ’লে সমগ্ৰ জীৱনটো ৰমানন্দই এনেয়ে কটালে, এটা মনত ৰাখিব পৰা কামো কৰিবলৈ সমৰ্থ নহ’ল। যিদিনা ডাক্তৰ চৌধুৰীয়ে জনালে যে তাৰ লিউকেমিয়া হৈছে -লগে লগেই সি জীৱনৰ দেনা-পাওনাৰ হিচাপৰ পাত লুটিয়াবলৈ তৎপৰ হৈ উঠিছিল। বুজি পাইছিল মাত্ৰ কেইটিমান মাহৰ বাবেহে সি পৃথিৱীৰ আলহী। তেজত অস্বাভাৱিক ধৰণে বাঢ়ি অহা শ্বেত ৰক্তকণা বিলাকে ক্ৰমশঃ জীৱনৰ প্ৰতিটো হিচাপ-নিকাচ অকামিলা কৰি এটা সময়ত তাৰ এই গতিশীল দেহক অকামিলা বুলি স্বীকৃতি দিব।

গ্ৰীষ্মৰ কোনোবা এটা আবেলি অকণমান সজীৱ বতাহ লবলৈ বুলি কাছাৰী ঘাটত বহা আবেলি এটাৰ কথা তাৰ মনত পৰিল। একঘেয়ামী জীৱন-যাত্ৰাৰ মাজত এনেকৈ কাছাৰী ঘাটত বহি কোনোবা আবেলি জুৰ বতাহ লোৱাটো এক প্ৰকাৰ বিলাসেই আছিল তাৰ বাবে। তাৰ পত্নী নিৰলাৰ মৃত্যৰ এমাহৰ পিছৰ দিন আছিল সেইটো। পৰলোকলৈ গুচি যোৱা মানুহবোৰে ইহলোকৰ বাবে এৰি যোৱা চিৰাচৰিত নিয়মবোৰ শেষ কৰি ৰমানন্দৰ খুউব ভাগৰুৱা আৰু অৱস যেন অনুভৱ হৈছিল। খোজকাঢ়ি খোজকাঢ়ি এনেয়ে ওলাই আহিছিল কাছাৰী ঘাটৰ ফালে আৰু গৰমৰ মাজত অকণমান সকাহ পোৱাৰ মানসেৰেই ৰমানন্দ কাছাৰী ঘাটত বহিছিল। ডুবিব ধৰা বেলিটো ৰঙচুৱা হৈ ইমানেই শান্ত যেন অনুভৱ হৈছিল যে তাক চাই কল্পনা কৰিবলৈ অসুবিধা হৈছিল গোটেই দিনটো ইয়েই মানুহবোৰক উৎকট গৰমত উশাহ নোপোৱা অৱস্থা কৰিছিল। সেইদিনা ৰমানন্দৰ নিৰলালৈ খুউব বেছিকৈ মনত পৰিছিল। ভাব হৈছিল নিৰলা যেন তাৰ আকাশৰ সেই বেলিটো আছিল আৰু জীৱনৰ আবেলি হঠাৎ শান্ত সমাহিত ৰঙচুৱা বেলিটো হৈ তাৰ কাষৰ পৰা বিদায় লৈ গুচি গ’ল। তাৰ সিদিনাৰ তুলনাটো নিজৰ স’তে কৰিবৰ মন গ’ল। আবেলিৰ সেই বেলিটোক তাৰ নিজৰ লগত তুলনা কৰি তাৰ কিবা এটা ভাল লাগি গ’ল। ক্ৰমান্বয়ে নিস্তেজ, শেতা হৈ অহা এটা বেলি আৰু অলপ সময়ৰ পাছতে দিগন্তৰ কোনোবাখিনিত আঁৰ হৈ হেৰাই যাব। ৰমানন্দই নিজকে শীতৰ কোনোবা দিনৰ বেলি এটাৰ স’তে ৰিজাই চালে, যাৰ উত্তাপত গ্ৰীষ্মৰ প্ৰখৰতা নাছিল, আছিল মাত্ৰ কোনেও গম নোপোৱা নিস্তেজতা। গমি চালে সি, নভৱাকৈয়ে অহা তাৰ আবেলিটো খুউব দেৰিকৈ আহিল আৰু সি অনুভৱ কৰাৰ আগতেই দিনটো শেষ হৈ যাবৰে হ’ল।

য’ৰ ধূলি বালিৰে জীৱনৰ অ-আ-ক-খ পঢ়িবলৈ আৰম্ভ কৰিছিল, সেই গাওঁখনলৈ মনত পৰিল ৰমানন্দৰ। গাওঁখনৰ কথা মনত পৰিলেই ৰমানন্দৰ প্ৰথমেই মনত পৰে হৰিধন কাইলৈ। গাওঁখনৰ মানুহবোৰৰ মুখবোৰ স্মৃতিৰ ধোঁৱাই অস্পষ্ট কৰি তুলিলেও হৰিধন কাইৰ মুখখন তাৰ স্পষ্টকৈ জিলিকি উঠে। হৰিধন কাইৰ হাতত ধৰিয়েই শৈশৱৰ প্ৰতিটো খোজ দিবলৈ শিকিছিল ৰমানন্দ‍ই। গোটেই অঞ্চলটোৰ নদী-বিল-পুখুৰীবোৰ হৰিধন কাইৰ লগত ৰমানন্দৰ চিনাকি হৈ পৰিছিল। কেতিয়াবা বেলি নুঠোতেই বৰশীৰ ডাঁৰ-দুডাল কান্ধত পেলাই ওলাই যোৱা হৰিধন কাই ৰমানন্দৰ বাবে আছিল প্ৰৱল কৌতুহল আৰু আকৰ্ষণৰ থল। বালি-ধূলি খেলি দিন পাৰ কৰাৰ পিছত লাহে লাহে যেতিয়া সি গছৰ আগ পৰ্যন্ত নিমিষতে বগাই উঠি যাব পৰা হ’ল, তেনেকুৱা এটা দিনতে সি হৰিধন কাইৰ লগত বৰশী বাবলৈ যাব পৰা হ’লগৈ। চামপৰা বিলত মাছধৰিবলৈ যোৱা দিন এটাৰ কথা তাৰ হৰিধন কাইৰ মুখখনৰ দৰেই জল-জল-পট-পটকৈ মনত আছে তাৰ। সিদিনা ৰাতিপুৱাই হৰিধন কাইৰ লগত ওলাই গৈছিল ৰমানন্দ। চামপৰা বিলৰ সিহঁতৰ প্ৰায় নিগাজী ঠাই ডোখৰত বহি বৰশী টোপাবলৈ আৰম্ভ কৰিছিল সিহঁতে। কেইবাবাৰো বৰশীৰ টোপ কাঢ়ি নিয়া ডাঙৰ মাছটো ধৰাৰ বাবে হৰিধনকাই যেন প্ৰতিজ্ঞাবদ্ধ। সিদিনা ৰমানন্দ আচৰিত হৈছিল। হৰিধন কাইয়ে বৰশীৰ ডাঁৰ তুলিলেই মাছ এটা উঠি অহাটো এটা চিৰ শাশ্বত নিয়ম যেনেই হৈ পৰিছিল। সিদিনা ৰমানন্দ‍ই প্ৰথমবাৰ দেখিলে- চিপ মৰা বৰশীৰ ডাঁৰ দালৰ পৰা টোপ বিহীন খালী বৰশীটো ওলমি আছে। এবাৰ এবাৰ কৈ বহুকেইবাৰ খালী বৰশীটো তুলি হৰিধনকাই হতাশ হৈ পৰা নাছিল বৰং দুগুণ উৎসাহেৰে অকৌ বৰশী টুপাইছিল। মাছৰ লগত খেলি খেলি তেনেকৈ গোটেই দিনটোৱেই পাৰ হ’বৰ সময়তে ৰমানন্দ‍ই দেখিলে হৰিধনকাইৰ বৰশীত লাগি আহিছে এটা প্ৰকাণ্ড শ’ল মাছ -ৰঙচুৱা মাছটো তাৰ কিবা মায়াবী মায়াবী লাগি গ’ল। হৰিধন কাইৰ দুচকুত যুদ্ধজয়ৰ উল্লাস। কোনোমতে নিচিগাকৈ থকা বৰশীৰ ৰছীডাল তাক টানি থাকিবলৈ দি হৰিধন কাই তললৈ নামি দুহাতেৰে ধৰি মাছতো ওপৰোলৈ লৈ আহিছিল। এটা প্ৰকাণ্ড মাছ, ইমান ডাঙৰ মাছটো বৰশীডাল নিছিগাকৈ কেনেকৈ যে উঠিল ৰমানন্দ‍ই  একো ভাবি নাপালে। ৰমানন্দৰ আচৰিত হোৱাৰ পৰ্ব তেতিয়াও শেষ হৈ যোৱা নাছিল। হৰিধন কায়ে সিদিনা কোনোদিনে নকৰা এটা আচৰিত কাম কৰি পেলালে। বৰশীৰ পৰা মাছতো খুলি দুহাতেৰে ধৰি আলফুলে পানীত এৰি দিলে। চকুৰ পচাৰতে মুকলি পানীত মাছতো নোহোৱা হৈ গ’ল। হৰিধন কাইৰ চকুত সিদিনা স্বাভাৱিক দৃষ্টি নাছিল। সেই চকুদুটালৈ চাই ৰমানন্দৰ শ’ল মাছটোৰ চকু দুটা সমুখত ভাঁহি উঠিছিল। একেই উদাস, ভাৱলেশহীন দুটা চকু, তালৈ চাই একো বুজিবও নোৱাৰি আৰু বেছি সময় চাই থাকিবও নোৱাৰি সেই দৃষ্টি। ৰমানন্দৰ সেই দুটা চকুলৈ মনত পৰিল। এতিয়াও মাজে মাজে তাক বিভ্ৰান্ত কৰি তোলে শূন্যতাই ।

কোনোদিন ৰমানন্দ‍ই ভাবি চোৱা নাছিল জীৱনটোত সি কিমান সুখী নতুবা অসুখী। এবাৰ তাৰ ভাবি চাবৰ মন গ’ল, সি জীৱনটোৰপৰা কিমান সুখ আজুৰি ল’লে নতুবা কিমান দুখ জীৱনটোৱে তাক দি গ’ল। সুখ-অসুখৰ হিচাপত সি কোনোদিনেই আগ্ৰহী নাছিল। বৰং যি পাইছে তাক সহজকৈ গ্ৰহণ কৰাৰ মনোভাবেৰেই সি ইমানদিনে চলি আছিল। ডাক্তৰৰ মুখত দুৰাৰোগ্য ৰোগৰ কথা শুনি সি বিচলিত হোৱা নাছিল। সকলোবোৰ সহজভাৱে লোৱাৰ মানসিকতাই নিজৰ মৃত্যুৰ মুখামুখি হ’বলৈও তাক বিচলিত কৰিব পৰা নাই। পত্নী নিৰলা আৰু এটা মাত্ৰ সন্তানেৰে তাৰ পৰিয়ালটোৰ অভাৱ নামৰ শব্দটোৰ স’তে কোনোদিনেই চিনাকি নাছিল। পত্নী আৰু পুত্ৰৰ বাবেই ৰমানন্দ‍ই সকলো উজাৰি  দিছিল। একমাত্ৰ পুত্ৰ ৰবীনেও বিদেশতে পঢ়া-শুনা কৰি নিজৰ পছন্দমতে বিদেশী বোৱাৰীৰ স’তে বিদেশতে থাকি যাব খুজিলে, ৰমানন্দ‍ই তেতিয়াও কোনো আপত্তি নকৰিলে। সহজভাৱে ল’বলৈ চেষ্টা কৰিলেও তাৰ বুকুত যেন এটা পুৰণা বিষে যেন খামোচ মাৰি ধৰিছিল। পত্নী নিৰলাই তাক এৰি যোৱাৰ সময়তো সি নিস্পৃহ হৈয়েই থাকিব পাৰিছিল। সকলোবোৰ সমস্যাৰ সমুখতে নিৰাসক্ত হৈ থাকি সি কোনোদিনেই দুখ অনুভৱ কৰিব পৰা নাছিল। সুখী-অসুখীৰ বিচাৰ কৰি নাচালেও অৱচেতন মনত সি সদায়েই নিজকে সুখী বুলি এটা ধাৰণা বান্ধি লৈ ফুৰিছিল। আজি প্ৰথমবাৰ সি অনুভৱ কৰিলে, যদিও সি নিজকে সুখী বুলি ধৰি লৈছিল, মনে মনে অকলশৰীয়া হৈ যোৱাৰ এটা দুঃখবোধে তাক সদায়েই ঘেৰি ৰাখিছিল। সেইবাবেই পত্নীৰ মৃত্যুৰ পাছতো ৰবীনক এবাৰ ঘূৰি আহ বুলি সি নক’লে। ৰমানন্দই অনুভৱ কৰিলে গোটেই জীৱনটো সুখী হোৱাৰ ধাৰণা এটা কঢ়িয়াই লৈ ফুৰাটো আচলতে তাৰ নিজকে লুকুৱাই ৰখাৰ এটা নিজস্ব উপায়হে আছিল। যি ধাৰণাৰ বশৱৰ্তী হৈ সি নিজকে ক্ৰমান্বয়ে অকলশৰীয়া কৰি তুলিছিল আৰু এদিন একেবাৰে অকলশৰীয়াত পৰিণত হৈ গ’ল ।

নিঃসংগতাই ৰমানন্দক এখন ভৰা সংসাৰৰ স্বাদ লোৱাৰ পৰা বহুত দূৰত ৰাখি থ’লে । কথাবোৰ ভাবি সি অলপ পৰ তভক মাৰি ৰ’ল। কোনোদিনেই নিঃসংগতাক অনুভৱ কৰিবলৈ সুবিধা নথকা জীৱন এটাৰ ওপৰত সি একান্ত নিজৰ ইচ্ছাৰেই নিঃসংগতাৰ বোজা জাপি দিলে। এই বয়সত নাতি-পুতি বোৱাৰীৰে ভৰা সংসাৰ এখনত ব্যস্ত থাকিব লাগিছিল অথচ সি সকলো সম্ভাৱনা নিজ হাতেৰেই ঢাহি মুহি অকলশৰে ব্যস্ত হৈ আছে তাৰ পোৱা-হেৰুওৱাৰ হিচাপ-নিকাচত। সি সদায়েই ভাৱিছিল নিৰ্জঞ্জাল জীৱন এটাৰ গৰাকী হৈ সি কোনোদিনেই দুঃচিন্তাৰ মুখামুখি হ’ব লগা নহ’ব। জীৱনৰ স’তে যুঁজাৰ অৱকাশ নাথাকিলে জীৱনৰ প্ৰতিটো মুহূৰ্তৰ আমেজ বহু গুণে কমি যায়-আজি ৰমানন্দ‍ই ভাবি চালে কোনোদিনে নভবা ধৰণে।

হঠাতে জীৱনৰ সমীকৰণটো বৰ জটিল যেন অনুভৱ হ’ল ৰমানন্দৰ। একান্ত মনে কৰি যোৱা অংকটোৰ এটা অস্বাভাৱিক উত্তৰ ওলোৱাত ৰমানন্দ কলম কামুৰি থমকি ৰ’ল। যেন পৰীক্ষা হলৰ তিনিঘণ্টা সময়ৰ মাথোঁ পাঁচমিনিট বাকী থকা সময়ত ধৰা পৰিল এটা দীঘলীয়া প্ৰশ্নৰ উত্তৰ ভুল হৈ গ’ল আৰু নতুন কৈ আৰম্ভ কৰাৰ বাবে হাতত তিলমানো সময় নাই! জীৱনটোক লৈ ৰমানন্দ ভীষণভাৱে অসহায় হৈ পৰিল। পৰীক্ষা হলৰপৰা ওলাই আহি সি হঠাতে আৱিষ্কাৰ কৰি পেলালে তাৰ উত্তৰ বহীৰ আটাইকেইটা উত্তৰেই ভুল।

ৰমানন্দৰ হৰিধন কাইৰ চকুহাললৈ মনত পৰিল। সিদিনা সি বুজি পোৱা নাছিল, কি আছিল সেই ভাৱলেশহীন চকু দুটাত। এইমাত্ৰ সি অনুভৱ কৰিলে জিকি জিকি হাৰি যোৱা সেই চকুহাল শ’লমাছটোৰো নহয়, হৰিধনকাইৰো নহয়, সেইহাল তাৰ নিজৰো চকু। ৰমানন্দৰ জীৱনটো এবাৰ নতুনকৈ আৰম্ভ কৰিবৰ মন গ’ল।

Tags

Related Articles

Leave a Reply

Check Also

Close
Close