শেহতীয়া
Home / মহিলা / ঋতুস্ৰাৱ সমস্যাৰ সমাধান

ঋতুস্ৰাৱ সমস্যাৰ সমাধান

বৰ্ষাজ্যোতি দাস
সাম্প্ৰতিক কালত সকলো ক্ষেত্ৰতেই পুৰুষৰ সমানেই আগবঢ়া নাৰী। বিজ্ঞান-প্ৰযুক্তি, ৰাজনীতি, অভিনয় আদিকে ধৰি সকলো ক্ষেত্ৰতেই বৰ্তমান মহিলাৰ অৱদান শলাগিবলগীয়া। কিন্তু কোনো কোনো সময়ত প্ৰতিগৰাকী স্বাধীন মহিলাই যেন সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। ই সমস্যা ব্যক্তিগত সমস্যা। হয়, ক’ব খুজিছোঁ নাৰী জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ, মাহেকীয়া বা ঋতুস্ৰাৱৰ কথা। স্বাৱলম্বী মহিলাৰ ক্ষেত্ৰত ই বহু সমস্যাৰ সৃষ্টি কৰা পৰিলক্ষিত হয়। বিভিন্ন সময়ত ঋতুস্ৰাৱে বেলেগ বেলেগ সমস্যাৰ সৃষ্টি কৰে মহিলা বা যুৱতীসকলৰ বাবে।
বহুসংখ্যক যুৱতী বা মহিলাই মাহেকীয়া চক্ৰৰ সময়ত মূৰৰ বিষত ভোগে। ইয়াৰ কাৰণ প্ৰোসটাগ্লানভিন হৰমন। এই হৰমন নিঃসৰণ হৈ মহিলাৰ স্নায়ুক আক্ৰান্ত কৰাৰ ফলতেই মূৰৰ বিষ হয়। এনে ক্ষেত্ৰত শৰীৰত পানী যথেষ্ট পৰিমাণে কমি যায়। এনে ক্ষেত্ৰত খুব পানী খাব লাগে আৰু প্ৰয়োজনবশতঃ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। এনে সময়ত মহিলাসকলৰ ক্ষেত্ৰত দেখা পোৱা আন এক সমস্যা হ’ল ব্ৰণ। ঋতুস্ৰাৱৰ সময়ত শৰীৰত আইৰণৰ পৰিমাণ কমি যোৱাৰ ফলত এনে সমস্যাই দেখা দিয়ে। এনে সমস্যা থকাসকলে প্ৰচুৰ পৰিমাণে শাক-পাচলি খাব লাগে। কিছুমান যুৱতীৰ ক্ষেত্ৰত আকৌ দেখা যায় টোপনি কম নাইবা বেছি। গৱেষণাৰ মতে মাহেকীয়াৰ দিনকেইটিত পেট ভৰাই খাদ্য খাব নালাগে। কম পৰিমাণৰ খাদ্য ঘনাই খালে এই সমস্যাৰ পৰা মুক্তি পোৱা যায়।
যোৱা ১০-১৫ বছৰৰ চিকিৎসালয় তথ্য পোৱা মতে বহু যুৱতীৰ পেটৰ বিষ, অনিয়মিত ঋতুস্ৰাৱ, শৰ্কৰা জাতীয় খাদ্য (চকলেট ইত্যাদি) খোৱাৰ প্ৰৱণতা বৃদ্ধি পোৱা দেখা গৈছে। এই সমস্যাৰ প্ৰধাণ কাৰণ হ’ল হৰমনৰ ভাৰসাম্যতা। মহিলাৰ শৰীৰত পানীৰ পৰিমাণ যদি কম হয় তেনে ক্ষেত্ৰত এনেবোৰ সমস্যাই দেখা দিয়ে। গতিকে প্ৰচুৰ পৰিমাণে পানী আৰু পুষ্টিকৰ খাদ্য খোৱাটো খুবেই প্ৰয়োজনীয়। মাহেকীয়া চক্ৰৰ সময়ত যদি যুৱতী বা মহিলাগৰাকী সুস্থ বা সবল হয় তেনে ক্ষেত্ৰত মন-মগজুৱেও শান্তি লাভ কৰে। অন্যথা মানসিক ভাৰসাম্যতা বজাই ৰখাত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। আৰু এনেবোৰ সমস্যাৰ পৰা যদি দীৰ্ঘদিন ধৰি মুক্তি নাপায় তেনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। কাৰণ এনেবোৰ সমস্যাই যুৱতীৰ প্ৰজনন বা গৰ্ভধাৰণ ক্ষমতাক ব্যাঘাত জন্মায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*