বিনোদনশীৰ্ষ

কপিল শৰ্মা শ্ব’ত নতুন মুখ, কি কৰিব ডাঃ মছউৰ গুলাটীয়ে

সনাতন কুমাৰ

এইকেইদিন দ্য কপিল শৰ্মা শ্ব’ত অঘটনৰ বাতৰি প্ৰায়ে ওলাই আছে। ডাঃ মছউৰ গুলাটী মানে সুনীল গ্ৰোভাৰ, আলি আছগৰ, চন্দন প্ৰভাকৰ আদিয়ে ওলাই যোৱাৰ পিছত টিআৰপি কমি আহিছে কপিল শৰ্মা শ্ব’ৰ। আনকি, ৰাজু শ্ৰীবাস্তৱ, এহছান কুৰেশ্বিৰ দৰে অভিনেতাও আহিব বুলি খবৰ ওলাইছিল। কিন্তু এতিয়াও সেই কথা নিশ্চিত নহয়। কিন্তু কপিল শৰ্মা শ্ব’লৈ আহিবলগীয়া নতুন মুখৰ সন্ধান ওলাইছে। কপিল শৰ্মাৰ সৈতে একালত একেলগে কাম কৰা বুৱাক মনত আছেনে, উপাসনা সিং। বলিউডৰ কেইবাখনো ছবিত অভিনয় কৰা বুৱা অৰ্থাৎ উপাসনা সিঙে ইয়াৰ পূ্ৰ্বে কপিল শৰ্মা শ্ব’ৰ কেইবাটাও খণ্ডত কাম কৰিছে।

ডাঃ মছউৰ গুলাটী মানে সুনীল গ্ৰোভাৰ
কাম কৰিছে কমেডী নাইটচ উইথ কপিলতো। বৰ্তমান নাচ বলিয়েত ঘোষকৰ দায়িত্বত থকা উপাসনা সিঙে এইবাৰ বুৱা হিচাপে নহয়, আহিব মৌছি অৰ্থাৎ মাহী হিচাপে। উপাসনাৰ বিপৰীতে কপিল শৰ্মা শ্ব’ত উপাসনাৰ গিৰিয়েকৰ চৰিত্ৰ ৰূপায়ণ কৰিব পৰেশ গাণ্টাৰাই। ছনী টিভিৰ কমেডী শ্ব’টোত ডাঃ মছউৰ গুলাটী অৰ্থাৎ সুনীল গ্ৰোভাৰ, আলি আছগৰ, চন্দন প্ৰভাকৰ ওলাই যোৱাৰ পিছত কপিল শৰ্মাৰ সৈতে একপ্ৰকাৰ নিঃসংগ হৈ পৰিছে কিকু শ্ৰদ্ধা।
নতুন ৰূপত দেখিবলৈ পাব উপাসনা সিঙক
পিছে, বুৱা অৰ্থাৎ উপাসনা সিঙৰ আগমনে কিছু সকাহ দিছে কপিল তথা কিকু শ্ৰদ্ধাক। এপিবি নিউজৰ সৈতে এক সাক্ষাৎকাৰত উপাসনা সিঙে দ্য কপিল শৰ্মা শ্ব’ত কাম কৰিবলৈ লোৱাৰ সত্যতা স্বীকাৰ কৰিছে। আনকি, সুনীল গ্ৰোভাৰ আৰু কপিল শৰ্মাই পুনৰ একেলগে কাম কৰাটোও বিচৰা বুলি মন্তব্য প্ৰকাশ কৰিছে বুৱা উপাসনাই। ইপিনে, ডাঃ মছউৰ গুলাটীয়ে এই পৰ্যন্ত কোনো ধাৰাবাহিকত চুক্তিবদ্ধ হোৱা নাই যদিও ষ্টেজ শ্ব’ত অংশ লৈ ভাল উপাৰ্জন কৰিছে।

Tags

Related Articles

Leave a Reply

Close