অসম

কাৰ্বি পাহাৰত ট্ৰাক দূৰ্ঘটনা

প্ৰথম খবৰ, বকলীয়াঘাট:  কাৰ্বি পাহাৰৰ বকলীয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত ২ নম্বৰ উদালি গাঁৱৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা প্ৰায় ১:৩০ বজাত এক ভয়াৱহ দূৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, মনিপুৰৰ ইম্ফলৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এম এন-০১, ৯৬৮৮ নম্বৰযুক্ত ১২ চকীয়া ট্ৰাকখনে ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰ দলঙেদি যোৱাৰ পৰিৱৰ্তে কাষতে থকা দুজোপা গছত খুন্দিয়ায়। ফলত দলঙৰ তলত সোমাই পৰে ট্ৰাকখন। অৱশ্যে কথমপি প্ৰাণ ৰক্ষা পৰে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন।

Related Articles

Leave a Reply

Close