যুৱস্বাস্থ্য

কিয় বিষণ্ণতাত ভোগে যুৱচামে?

বৰ্ষাজ্যোতি দাস

বিভিন্ন শ্ৰেণীৰ লোকৰ ক্ষেত্ৰতেই দেখা যায় বিষণ্ণতাৰ প্ৰভাৱ। কিন্তু এই ক্ষেত্ৰত যুৱ প্ৰজন্মৰ প্ৰৱণতা বেছি। ডাঃ নাহিদ মাহজাবিন মোৰছেদৰ মতে বৰ্তমান প্ৰতিযোগিতামূলক দৃষ্টিভংগী ইয়াৰ অন্যতম কাৰণ।

পঢ়া-শুনাৰ ক্ষেত্ৰতেই যথেষ্ট মানসিক চাপত ভোগে আজিৰ প্ৰজন্ম। ছাত্ৰ-ছাত্ৰীৰ ওপৰত যথেষ্ট পৰিমাণে বোজাও জাপি দিয়ে বহু অভিভাৱকে। যেন প্ৰতিযোগিতা অভিভাৱকসকলৰ মাজতহে।

তদুপৰি বয়সন্ধি কালত হৰমনৰ ভাৰসাম্যহীনতাৰ বাবেও বিষণ্ণতাই দেখা দিব পাৰে। কৈশোৰ কালত যদি পিতৃ-মাতৃয়ে সন্তানক অধিক সময় নিদিয়ে তেনে ক্ষেত্ৰত বিষণ্ণতাই দেখা দিয়ে সেই সন্তানৰ ক্ষেত্ৰত। ব্যস্ত পিতৃ-মাতৃৰ সন্তান সদায় যেতিয়া অকলশৰীয়া হৈ থাকে, তেনে শিশুৰ জীৱনলৈ বিষণ্ণতা অহাটো স্বাভাৱিক।

Tags

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close