অসম

খাৰুপেটিয়াত কথমপি প্ৰাণৰক্ষা পৰিল এটি পানী কেঁচুৱা

প্ৰথম খবৰ,খাৰুপেটিয়া: খাৰুপেটিয়াত কথমপি প্ৰাণ ৰক্ষা পৰিল এটি পানীকেঁচুৱা ৷ দৰং জিলাৰ খাৰুপেটিয়া আৰু ঘনশিমুলীৰ মাজেৰে যোৱা নীমতলি নদীত খাৰুপেটিয়া প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰৰ নিকটৱৰ্তী ছফিকুল ইছলামৰ দুই বছৰীয়া কন্যা সন্তান এটি খেলি থকা অৱস্থাত নদীত পৰি কক্‌বকাই থকা দেখা পায়৷ ততাতয়াকৈ দেখা পোৱা ব্যক্তি জনে পানীৰ পৰা তুলি আনি পেটত লাহে লাহে হেঁচা পোৱাকৈ মূৰৰ ওপৰে ঘুৰাই পেটত থকা পানী খিনি উলিয়াই দিয়ে ৷ কেঁচুৱাটোৰ জ্ঞান ঘুৰাই অহাৰ পিচত চিকিৎসাৰ বাবে খাৰুপেটিয়া প্ৰাথমিক চিকিৎসালয়ত লৈ যোৱা হয়।

Related Articles

Leave a Reply

Close