অসম

খিলঞ্জীয়া ভূমি সুৰক্ষা সমিতিৰ মাজুলী ভ্ৰমণ

প্ৰথম খবৰ, মাজুলী: অসমৰ খিলঞ্জীয়া লোকৰ ভূমি সুৰক্ষা সন্দৰ্ভত অসম চৰকাৰে ভাৰতৰ প্ৰাক্তন নিৰ্বাচন আয়ুক্ত হৰি শংকৰ ব্ৰহ্মৰ অধ্যক্ষতাত গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিখনে আজি মাজুলী জিলা ভ্ৰমণ কৰে। ৬ জনীয়া দলটোৱে আজি বিয়লি গড়মুৰত থকা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মাজুলী জিলা প্ৰশাসনৰ লগতে নদীদ্বীপটোৰ বিভিন্ন দল-সংগঠন, নাগৰিক সমাজ, উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ, গাঁওবুঢ়া, মৌজাদাৰ আদিৰ লগত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। আলোচনা কালত জিলা উপায়ুক্ত পল্লৱগোপাল ঝা , অতিৰিক্ত উপায়ুক্ত (ৰাজহ) চিন্ময় নাথ , ৰাজহচক্ৰ বিষয়া অজিত শৰ্মা, সহকাৰী আয়ুক্ত অচ্যুত বৰুৱা, উত্তৰ কমলাবাৰী সত্ৰৰ অধিকাৰ জনাৰ্দন দেৱগোস্বামী, বিজেপি জিলা সভাপতি দীপক গোস্বামীৰ লগতে উপস্থিত থকা দল সংগঠনৰ নেতৃত্বই মাজুলীৰ খিলঞ্জীয়া লোকৰ ভূমি অধিকাৰৰ বিভিন্ন দিশ সমিতিখনক অৱগত কৰে। আলোচনাৰ আৰম্ভণিতে ৰাজহ চক্ৰ বিষয়া অজিত শৰ্মাই মাজুলী জিলাৰ মুঠ মাটিকালি, জনগাঁথনি, ৰাজহ ব্যৱস্থাৰ সন্দৰ্ভত পাৱাৰপইণ্টৰ যোগেদি দাঙি ধৰে সমিতিখনৰ আগত।মাজুলীৰ নাগৰিক সমাজৰ প্ৰতিনিধিসকলে মাজুলীবাসীৰ মাটিৰ পট্টা নথকা কথা সমিতিখনক অৱগত কৰাৰ লগতে দীৰ্ঘদিন খিলঞ্জীয়া কৱলত থকা মাটিসমূহৰ পট্টা দিবলৈ চৰকাৰক অনুৰোধ জনোৱাৰ বাবে পৰামৰ্শ দিয়ে সমিতিখনৰ আগত।মাজুলীৰ বাহিৰৰ মানুহে যাতে মাজুলীত মাটি দখল কৰিব নোৱাৰে তাৰ বাবে সুকীয়া আইন প্ৰৱৰ্তনৰ বাবেও দাবী জনায়। সমিতিখনৰ অধক্ষ্য বহ্মই এই দাবীসমূহৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি ৰাজ্য চৰকাৰৰ আগত অৱগত কৰিব বুলি জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Close