অসমগুৱাহাটী

গুৱাহাটী পৌৰনিগমৰ কাণ্ডজ্ঞানহীনতাৰ পৰিচয় : বিগত তিনিমাহে জ্বলা নাই নাৰেংগী ফৰেষ্টগেটৰ ষ্ট্ৰীট লাইট

প্ৰথম খবৰ,নাৰেংগী,২৭ এপ্ৰিল : হয়, নামত ঠিকেই আছে পিছে কামত হ’লে নাই গুৱাহাটী পৌৰ নিগমৰ অধীনৰ নাৰেংগী ফৰেষ্টগেট অঞ্চলৰ ষ্ট্ৰিট লাইট সমূহ। বিগত ৩ মাহে জ্বলা নাই এই লাইট সমূহ। ফলত গোটেই নিশা সমগ্র অঞ্চলটো তথা অঞ্চলবাসী ঘোৰ অন্ধকাৰত ডুব গৈ থাকিবলগীয়া হৈছে ৷ লগতে অন্ধকাৰৰ বাবেই সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। মূলত: ষ্ট্ৰীট লাইটসমূহ নজ্বলাৰ বাবেই বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ।ভূক্তভোগী ৰাইজে উক্ত বিষয়টো সন্দৰ্ভত সংশ্লিষ্ট বিভাগক বাৰম্বাৰ অভিযোগ কৰাৰ পিছতো পৌৰ নিগমে নিজৰ দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দি এইপৰ্যন্ত লাইটকেইটা জ্বলোৱাৰ বাবে কোনো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। নাৰেঙ্গীবাসীয়ে “প্ৰথম খবৰ”ৰ যোগেদি অনতিপলমে উক্ত
লাইটসমূহ জ্বলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।

Related Articles

Leave a Reply

Close