অসম

গোসাঁইগাঁৱৰ সাপকাটাত বন বিভাগৰ অভিযানত চোৰাং কাঠ জব্দ

প্ৰথম খবৰ, গোসাঁইগাঁও: গোসাঁইগাঁও মহকুমাৰ সাপকাটা আৰক্ষী চকীৰ অন্তৰ্গত মাটিয়া পাৰাত বনবিভাগে অভিযান চলাই চোৰাং কাঠ জব্দ কৰে। এক গোপন তথ্যৰ ভিত্তিত কচুগাঁও বনসংমণ্ডলৰ গোসাঁইগাঁওৰ বনকৰ্মীৰ এটি দলে যোৱা নিশা মাটিয়া পাৰাত অভিযান চলাই চোৰাং শালকাঠৰ প্ৰকাণ্ড প্ৰকাণ্ড কুণ্ডা জব্দ কৰে। সেই সময়ত প্ৰচণ্ড ধুমুহা আৰম্ভ হোৱাত বনকৰ্মীৰ দলটোৱে শালকাঠৰ কুণ্ডা সমূহ এৰি থৈ যাবলৈ বাধ্য হয়। আৰু আজি ৰাতিপুৱা কাঠখিনি নিবলৈ আহি বনকৰ্মী সকলে কম সংখ্যক কাঠৰ কুণ্ডা পৰি থকা প্ৰত্যক্ষ কৰে। ধুমুহাৰ  সুযোগত চোৰাং বেপাৰীয়ে আধা কুণ্ডা লৈ যোৱাৰ সন্দেহ কৰি উক্ত কাঠখিনি উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে।

 

Related Articles

Leave a Reply

Close