Uncategorizedনিবন্ধশীৰ্ষ

ছন্দ হেৰুৱাইছে নেকি বিহুৱে

বসন্তই কঢ়িয়াই আনে বিহুৰ বতৰা।কুলিৰ মাত¸ঢোল-পেঁপাৰ শব্দই ৰঙালীৰ উছাহ দুগুণে বঢ়ায়। ৰঙালী বিহুত প্ৰত্যেকজন অসমীয়াই উপভোগ কৰে এক নান্দনিক পৰিৱেশ¸এক মাদকতাপূৰ্ণ আনন্দ। কিন্তু সময় অথবা যুগৰ পৰিৱৰ্তনৰ লগে লগে তাহানিৰ বিহু আৰু বৰ্তমানৰ বিহুৰ মাজত বেছ তফাৎ আহি পৰিছে। চোতাল অথবা গছৰ তলৰ বিহু আহি মঞ্চ পালে। লাহে লাহে মঞ্চ বিহু ৰেকৰ্ডিং¸চিডি আদিত সোমাই পৰিল। আনকি বাপতি সাহোন বিহুটিক ইণ্টাৰনেটেও সাঙুৰি ল’লে। যদিও আওপুৰণি সমল কিছুমান হেৰুৱাই পেলালে¸আমাৰ আদৰৰ বিহুটিয়ে এক নতুনত্ব পাবলৈ সক্ষম হৈছে। তদুপৰি বিহু গীতবোৰত আধুনিক সুৰ সঞ্চাৰ কৰাৰ ফলত বিহুসুৰীয়া গীতবোৰে বৰ্তমান সময়ত জনসাধাৰণক বাৰুকৈয়ে আমোদ প্ৰদান কৰিছে¸লগতে বহু সংখ্যকৰ বাবে বিহু হৈ পৰিছে ব্যৱসায়িক স্বাৰ্থ লাভৰ উপায়। সাম্প্ৰতিক সময়ত বিহুৰাণী¸বিহুকুৱঁৰী¸বিহুসম্ৰাজ্ঞী আদি দামী বাজেটৰ প্ৰতিযোগিতাসমূহ চলি থকাও দেখা গৈছে। আজিৰপৰা কেইটামান বছৰ আগলৈকে পৰ্যবেক্ষণ কৰিলে দেখা যাব যে আমাৰ চেনেহৰ ৰঙালী বিহুটিক আদৰিবলৈ গঞা সমাজ ব্যৱস্থাত এমাহমানৰ পৰা প্ৰস্তুতি চলোৱা হৈছিল¸যেনে- ডেকা-গাভৰুবোৰে মিলি চুবুৰি অথবা সংঘত ঢোল-নাচৰ আখৰা কৰা¸বোৱাৰী-জীয়ৰীহঁতে তাঁতশালত গামোচা চেলেঙ লগোৱা¸ঢেঁকীৰ শব্দত ৰজনজনোৱা পৰিৱেশ ইত্যাদি। সেই সময়ত বিহু হুঁচৰিৰ স্থানো আছিল উল্লেখযোগ্য। কিন্তু ক্ৰমান্বয়ে এই সকলোবোৰ কিছু পৰিমাণে কমি অহা পৰিলক্ষিত হৈছে। কিয়নো তাকৰীয়া সময় আৰু ব্যস্ততাপূৰ্ণ জীৱনশৈলীৰে সীমাবদ্ধ হৈ পৰিছোঁ আমি। সেয়ে বৰ্তমানৰ বিহুৰ তিনি/চাৰি দিনৰ আনন্দ-উৎসৱৰ অন্তত মানুহে আকৌ নিজৰ কাম-কাজত ব্যস্ত হৈ পৰে। মুঠতে ক’বলৈ গ’লে¸আগৰ দিনৰ সেই মাহজোৰা আনন্দ-উৎসৱ এতিয়া আৰু নাই যেন অনুভৱ হয়। সময় আৰু পৰিৱৰ্তন যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। সেয়ে সময়ৰ অগ্ৰগতিয়ে প্ৰতিটো দিশত নতুনত্ব অনাটো স্বাভাৱিক। আমাৰ ৰীতি-নীতি¸সমাজ ব্যৱস্থা¸আদৰ্শ সকলো পুৰণি নিয়মেৰে বন্ধা। গতিকে অত্যাধুনিক ব্যৱস্থাপনাৰে অতিৰঞ্জিত কৰিবলৈ গৈ বিহুৰ সমাদৰ যাতে হেৰুৱাবলগীয়া নহয়¸তাৰবাবে প্ৰতিজন অসমীয়াই সচেতন হ’ব লাগিব। নিজৰ ব্যৱসায়িক স্বাৰ্থৰ বাবে কিছুমান লোকে যি ‘মডাৰ্ণিটি’ লৈ আহিছে¸হয়তো তাৰ বাবে বিহুয়ে সুকীয়া বৈশিষ্ট্য হেৰুৱাই পেলাব। তথাপি অসমীয়া সংস্কৃতিত কিছুমান বিৰূপ প্ৰভাৱ পৰিলেও অসমীয়া জাতীয় উৎসৱ বিহুৰ মৰ্যাদা আৰু অস্তিত্ব জীয়াই ৰাখিবলৈ প্ৰতিজন অসমীয়াই সংকল্প ল’ব লাগিব।

Tags

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close