গল্পসাহিত্য

ছাইন’ এট্ৰিয়েল নোডৰ ভগৱান

: অনুৰণন আদিত্য :

মেহেক আৰোৰাৰ একৈছটা মিছ্ড কল।

ছোৱালীজনী প্ৰকৃততে ক’ৰ, ছোৱালীজনীৰ সৈতে মোৰ সম্পৰ্ক কি, সেয়া কুঁৱলি। অথচ তাইৰ সৈতে মোৰ যে সম্পৰ্ক এটা আছে সেয়া স্পষ্ট। শীতৰ কোনো কুৱাচ্ছন্ন ৰাতিপুৱা লোৱা লেণ্ডস্কেপ ফটোৰ লঠঙা গছৰ দৰেই মোৰ জীৱনত মেহেকৰ অৱস্থিতি। কুঁৱলিৰ আচ্ছাদনত চৌপাশ অস্পষ্ট। স্পষ্ট মাথোঁ লঠঙা গছডাল। মেহেক কুহেলিকাময়। কিন্তু তাইৰ অৱস্থিতি মোৰ জীৱনত গুৰুত্বপূৰ্ণ।

মেহেকে কল কৰিছে।

অথচ মই ধৰা নাই।

মোৰ মোবাইল ফোনটোৱে দেখুৱাইছে মিছড কলৰ এৰিথমেটিক।

একে একে দুই…। তাৰ পিছত তিনি…। চাৰি…। পাঁচ।

মিছড কলৰ সংখ্যা বাঢ়িছে। মোৰ বুকুৰ ধৰফৰণিও। আৰু মেহেকৰ! হয়তো মেহেকৰ বুকুতো উৎকণ্ঠাৰ ছাঁয়া। নহ’লেনো ইমান কল কৰেনে!

অৱলীলাক্ৰমে কেতিয়াবা ক’ৰবাত লগ পাই যোৱা যুৱতীগৰাকীৰ স’তে মোৰ অন্তৰংগতা বাঢ়ি আহিছে। বুকুত শুকাই কৰকৰীয়া হোৱা সপোনবোৰ মেহেকৰ আগত সন্তৰ্পণে মেলি দিবলৈ মই আৰম্ভ কৰিছো। নজনাকৈয়ে। নাজানো। কিছুমান কথাৰ কোনো কাৰণ নাথাকে। আপুনি যদি মোক কথাবোৰ ব্যাখ্যা কৰিবলৈ কয়, মই নোৱাৰিম।

আজি মেহেকক মই একো কথাই কোৱা নাছিলোঁ। অথচ তাই কেনেকৈ জানোঁ উমান পালে মোৰ বুকুৰ ধূলিৰ ধুমুহাজাকৰ। টেলিপেথি!

একৈছটা কল মিছ্ কৰাৰ পিছত মেহেক নিশ্চিত হৈছে, আজি আৰু মই তাইৰ ফোন ৰিছিভ নকৰোঁ। তাই বোধকৰো নিশ্চিত হৈছে ধুমুহাই বিধ্বস্ত কৰা মৰুপ্ৰান্তৰত মোৰ বিব্ৰত অৱস্থিতিৰ বিষয়েও।

*

জু-ৰোডৰ ফ্লেটটোৰ পৰা ওলাই আহিছো। আচলতে বাধ্য কৰা হৈছে। মাহৰ পিছত মাহ ধৰি ভাড়াৰ টকাকেইটা নিদিলে কোনে বাৰু বিনা পইচাত বিলাসিতা কৰিবলৈ দিব?

বৰ কৰ্কষভাৱে মোক কোৱা হ’ল ফ্লেটটো এৰি দিবলৈ। ভাড়া নিদিয়াৰ বাবে ৰাখি দিয়া হ’ল মোৰ সমগ্ৰ বয়বস্তু। ছেকেণ্ডৰ ভিতৰতে মই অঘৰী হৈ পৰিলোঁ। মানুহৰ জীৱনলৈ দুৰ্ভাগ্য নামি আহিবলৈ ইমানেই কম সময় লাগে! তিলে তিলে গঢ়ি অনা জীৱনটো নিঃশেষ হ’বলৈ মাথোঁ এটা ছেকেণ্ডৰ প্ৰয়োজন। ওহো, এক ছেকেণ্ডো নালাগে।

এক ছেকেণ্ডৰ আগলৈকে মোৰ এটা ঠিকনা আছিল। এই ঠিকনাটোত এটা সপোন পুহিছিলো। সপোনটোক পূৰ্ণতা দিবলৈ মোৰ চেষ্টা আছিল অবিৰাম। ঘৰটোৰ ভাড়া দিব নোৱাৰা দুৰৱস্থাই মুহূৰ্ততে সকলো সলনি কৰি দিলে। ছ’চাইটিৰ পৰা এটা বিশাল তলা আহি ফ্লেটৰ মূল দুৱাৰত লাগিল। এনে পৰিস্থিতিত মোৰ ডাঙৰ সপোনটো মোৰ লগে লগে আহিলনে নাই মই উৱাদিহ নাপালোঁ। নে ডাঙৰ ফ্লেটটোত মোৰ একান্তই ডাঙৰ সপোনটো এটা ডাঙৰ তলাৰে আৱদ্ধ কৰি থোৱা হ’ল সেয়াও নুবুজিলোঁ। মাথোঁ বুজি পালোঁ জীৱনৰ গতিপথ সলনি হৈ পৰিছে।

এতিয়া ভৱিষ্যত অনিশ্চিত।

অনাকাংক্ষিত যাত্ৰাপথ।

ভীষণভাৱে অপমানিত হৈ অনিশ্চিত যাত্ৰা আৰম্ভ কৰিছোঁ মই। লক্ষ্য অনিশ্চিত। সপোন যাৰ তলাবন্ধ।

মেহেকে বাৰে বাৰে ফোন কৰিছে। মই উপেক্ষা কৰি গৈছোঁ। কিন্তু মেহেকে বুজে উপেক্ষাতো আত্মীয়তা থাকে। উপেক্ষাতো গাঢ়তা থাকে আৱেগৰ। এনে আৱেগৰ আৱেশত আৱিষ্ট অচিনাকি হৈয়ো চিনাকি মেহেক। মোৰ অভিমানবোৰ ভাঙিবলৈ এনে ধৰণৰ পৰিস্থিতিত তাই এটা কাম কৰে- সুন্দৰ হাঁহিৰে মোলৈ পঠিয়াই দিয়ে তাইৰ একোখন ছেলফী। মোৰ অভিমান, মোৰ খং, মোৰ অস্থিৰতা চুচুৰ্মৈ হৈ খহিবলৈ আৰম্ভ কৰে। শান্ত-সমাহিত হৈ পৰোঁ মানুহজন। আজিও একেটা কামেই কৰিলে হাজাৰ কিলোমিটাৰ আঁতৰত থাকিও বুকুৰ আপোন হৈ পৰা মেহেক আৰোৰাই।

তাৰ পিছত একপ্ৰকাৰ বাধ্য হৈ মই ডায়েল কৰিলোঁ মেহেকৰ নম্বৰ। মোৰ কলটো মিছ নকৰিলে তাই। মেহেকৰ মাতত ধৰফৰনি। এনকোডিং-ডিকোডিঙৰ বহুত কঠিন সূত্ৰ অতিক্ৰম কৰি তাইৰ সৰল মাতটো মোৰ কাষলৈ আহিছে। কৃত্ৰিমভাৱে ঠেহ পাতি মেহেকে সুধিলে– ‘ক’ত আছা তুমি? ইম্মান ফোন কৰিছোঁ তোমাক। অথচ তোমাৰ খবৰেই নাই। ক’ত আছানো এতিয়া?’ মই সাধাৰণভাৱেই ক’লোঁ– ‘ষ্টেচনত।’

‘ষ্টেচন? ক’ৰবালৈ যোৱা?’

‘ওহো। নাযাওঁ।’

‘তেন্তে?’

‘নাজানোঁ।’ মেহেকে আৰু কিবা কিবি প্ৰশ্ন কৰিছিল। বহুত প্ৰশ্ন। অন্তহীন প্ৰশ্নৰ উত্তৰত ময়ো কিবা কিবি কৈছিলো। বুকুৰ হাহাকাৰবোৰ লুকুৱাবলৈ চেষ্টা কৰিছিলো। কিন্তু মোৰ বুকুততো তেতিয়া অনিশ্চয়তাৰ দাবানল। বৰ ডাঙৰকৈ জ্বলি উঠিছে জুইকুৰা। বুকুৰ জুইকুৰা যিমানেই ঢাকিবলৈ চেষ্টা কৰিছোঁ সিমানেইচোন প্ৰসাৰিত হৈ গৈ আছে।

মই বুকুৰ অগনি ঢাকিব নাজানোঁ। নাজানোঁ সেয়া মোৰেই ব্যৰ্থতা নে জুইৰ তীব্ৰতা।

মেহেকে ক’লে– ‘তুমি নক’লেও বুজিছোঁ অনুপল। তুমি সমস্যাত আছা। ভগৱানৰ ওপৰত বিশ্বাস ৰাখা। সকলো ঠিক হৈ যাব।’

ষ্টেচনৰ ভিৰলৈ কৰ্ণপাত নকৰি মই চিঞৰি উঠিলোঁ– ‘এফ অফ। নালাগে মহাকাব্যৰ পাতৰ পৰা উঠি আহি তোমাৰ ভগৱানে মোৰ সমস্যা সমাধান কৰিবলৈ। নিজৰ সমস্যা সমাধান কৰিবলৈ অনুপল বৰুৱা নিজেই সক্ষম। মোৰ সামৰ্থ্য আছে মেহেক। ভগৱানৰ কনছালটেন্সি ছাৰ্ভিছ বন্ধ হওক। নালাগে পথ দেখুৱাব। মোৰ ৰাস্তা মই নিজেই সাজি উলিয়াম। কাম নাই।’ মোৰ চিৎকাৰ ৰূপান্তৰিত হৈছে কান্দোনলৈ। থোকা থুকি হৈ পৰিল শব্দবোৰ। ‘লাজ লগা নাইনে তোমাৰ! মেহেক, ডাক্তৰ হৈয়ো তুমি ভগৱানৰ কথা কৈছা। তাকো মোৰ আগত। বি প্ৰেক্টিকেল মেহেক, বি প্ৰেক্টিকেল।’

‘কাম ডাউন বেবী…। ডাক্তৰ বাবেই কৈছোঁ অনুপল, ভগৱান আছে। কোনো মহাকাব্যৰপৰা উঠি আহিব নালাগে। ভগৱান তোমাৰ হৃদয়তে আছে।’

মেহেকে ফোন ৰাখিলে। কথোপকথন শেষ হ’ল। শেষ নহ’ল যন্ত্ৰণা। মেহেকৰ কথাবোৰে মোক এক দোদুল্যমান অৱস্থালৈ লৈ গ’ল। কি যে হ’ব এই অন্ধবিশ্বাসী মানুহবোৰক লৈ। মই মৰিছোঁ জীৱনৰ সীমান্তহীন অস্থিৰতাক লৈ। তেওঁলোক আকৌ ব্যস্ত হৈ পৰিছে ভগৱানৰ অস্তিত্ব বিচাৰ কৰিবলৈ। সঁচাকৈয়ে তেওঁলোক মোৰ শুভাকাংক্ষীয়েইনে? চিন্তা হৈ যায়।

ভগৱান মোৰ বাবে কৌতুক মাত্ৰ। মানসিকভাৱে দুৰ্বল মানুহৰ জীয়াই থকাৰ সম্বল। জীৱনৰ সকলো হেৰুৱাই ভাঙি পৰাৰ সময়ত ভগৱানৰ দৰে বিমূৰ্ত ধাৰণাই তেওঁলোকক সাময়িক সকাহ দিয়ে। এবছাৰ্ড জীৱন এটা লৈ জীয়াই থাকিবলৈ। ভগৱান আছে ভাল হ’ব। মই কোনো এবছাৰ্ড জীৱন লৈ জীয়াই থাকিব নিবিচাৰোঁ। মই প্ৰেক্টিকেল। সেয়েই মই নাস্তিকো। আৰে বাবা, ৰামায়ণ-মহাভাৰতত কোনোবাই কৃষ্ণ অথবা ৰামৰ কথা লিখি গৈছে, সেয়া মোৰ বাবে উপন্যাসৰ চৰিত্ৰ মাথোঁ। ৰামায়ণ অথবা মহাভাৰত কোনো প্ৰতিভাধৰ কবিৰ কাব্যোপন্যাসৰ বাহিৰে আন একো নহয়। সকলোবোৰ ধৰ্মগ্ৰন্থকে মই সাহিত্যকৃতী বুলিয়েই ভাবোঁ।

মানুহবোৰে যে ক’ত ক’ত ভগৱানৰ অস্তিত্ব বিচাৰি পায়। গাঁওখনৰ কোনো এজন কুখ্যাত মানুহৰ মৃত্যু হ’ল, অন্ধবিশ্বাসীবোৰে বিচাৰি পায় ভগৱানৰ অৱস্থিতি। কাৰোবাৰ এটা সৰু দুৰ্ঘটনা হ’ল। ভগৱাননিৰ্ভৰ ব্যাখ্যা আহি যাব, ইয়াতকৈ ডাঙৰ দুৰ্ঘটনা হ’বলগীয়া আছিল, ভগৱানে বচালে। ভগৱানে ডিছকাউণ্ট দিব পাৰে! কিমান ব্যাখ্যা! কিমান বৰ্ণনা!

কেইহাজাৰমান বছৰ পিছত আজিৰ নিৰ্বাচিত সাহিত্যকৃতীকো হয়তো মানুহে ধৰ্মীয় গোড়ামীৰে ব্যাখ্যা কৰিবলৈ আৰম্ভ কৰিব। প্ৰযুক্তিৰ উত্তৰণৰ লগে লগে বৰ্তমানৰ বহু সৃষ্টিয়ে ভৱিষ্যতৰ সৃষ্টিৰ সৈতে ফেৰ মাৰিব নোৱাৰিব। তাৰেই কিছু উৎকৃষ্ট সৃষ্টি হৈ পৰিব হাজাৰ বছৰ পিছৰ ধৰ্মীয় বিশ্বাসৰ আধাৰ। ভগৱানৰ কথা ক’লে হাজাৰ বছৰ পিছৰ সেই কল্পনাৰ ছবিখন মোৰ মনত ভাহি উঠে। ধৰক তেতিয়ালৈ বৌদ্ধিক চৰ্চা আৰু বিনোদনৰ মাধ্যমবোৰ সলনি হৈ পৰিছে। আমি সৰুতে পঢ়া স্কুলখনৰ সৈতে বৰ্তমানৰ স্কুলীয়া শিক্ষাৰ আকাশ-পাতাল প্ৰভেদ আছে। প্ৰযুক্তিৰ পৰিৱৰ্তন-বিৱৰ্তনৰ ফলত চিনেমাই দিনে দিনে কি ৰূপ পাইছে সেয়াওতো আপোনালোকে দেখিছেই। এনে পৰিস্থিতিত এই চিন্তা আপুনি অমূলক বুলি বুকুত হাত থৈ ক’ব নোৱাৰিব। তেতিয়া কি হ’ব? এই ধৰক আমি মন্দিৰ পাতিছোঁ কোনো শক্তিমান বা মিষ্টাৰ ইণ্ডিয়াৰ। ছুপাৰমেন, স্পাইডাৰমেন অথবা আন কোনো ছুপাৰহিৰ’কো হয়তো ঐশ্বৰিক শক্তিলৈ উত্তৰণ ঘটোৱা হ’ব। একো আচৰিত হ’বলগীয়া কথা নহয়। কেইটামান শতিকা পিছত হয়তো তেওঁলোকক ঈশ্বৰৰ শাৰীলৈ লৈ যোৱা কোনো মহান ব্যক্তিৰ আৱিৰ্ভাৱ ঘটিব। তেওঁলোকে তালিকাকৰণ কৰিব নতুন ঈশ্বৰৰ। নতুন দানৱৰ।

কথাবোৰ ভাবি ভাল লাগে।

হাঁহি উঠে।

জনাকীৰ্ণ ষ্টেচন। মোক কোনেও লক্ষ্য কৰা নাই। ব্যস্ততাৰ নিগনি দৌৰত অভ্যস্ত মানুহবোৰে একোটা লক্ষ্য লৈ ষ্টেচনলৈ আহিছে। গৈছে। গন্তব্যস্থানৰ নিশ্চিতিৰে সুঁহুৰি বজাই আহিছে ৰে’লবোৰ। মোৰ লক্ষ্যস্থান নাই। জুৰোডৰ বিশেষ তলাটোৱে মোৰ পথটোও অৱৰুদ্ধ কৰি পেলাইছে।

ভাবিলোঁ লক্ষ্যবিন্দুলৈ আগবঢ়া কোনো এখন ৰে’লত মই উঠি দিম নেকি। লক্ষ্যবিহীনভাৱে। এই মূহূৰ্তত কোনো এটা স্থিৰ সিদ্ধান্ত ল’ব পৰাকৈ মানসিকভাৱে মই শক্তিশালী নহয়। খেলিমেলি সিদ্ধান্তবোৰে জীৱনটোক অধিক খেলিমেলি কৰি দিব বুলিও মোৰ ভয় হৈছে।

*

সন্ধ্যা নামিছে। মায়াময় হৈ পৰিছে গুৱাহাটী। শাৰী শাৰী লাইটবোৰ জ্বলি উঠিছে। জিলিকি উঠিছে আভিজাত্য। গুৱাহাটীৰ আভিজাত্যৰ মাজত মই সৰ্বহাৰা। ভাড়া দিব নোৱাৰি ঘৰ হেৰুওৱা মানুহ মই। আঃ ডাঙৰ মানুহ হ’বলৈ গুৱাহাটীলৈ আহিছিলো। এক বিশেষ ক্ষেত্ৰত দপদপাই থকাৰ সপোন লৈ আহিছিলো। এতিয়া সপোনটোৰ কথা ভাবিবলৈয়ে ভয় হৈছে। আনৰ আগত কোৱাটো দূৰৈৰ কথা।

ভাগ্যই লাঠ মাৰি ষ্টেচনত পেলাইছে মোক! মোক ডিছকাউণ্ট দিবলৈ ভগৱান নাছিল নেকি? নে বৰ টোপনি লাগিছিল ভগৱানৰ? এতিয়া মোৰ পৰিচয় অঘৰী। অন্য শ্ৰেণীৰ অঘৰী।

প্লেটফৰ্মৰ বিশেষ স্থান এটুকুৰা দখল কৰি মই প্লাষ্টিক পাৰিলোঁ। গৃহহীন হৈ ওলাই অহাৰ সময়ত লৈ অহা বেকপেকটোত আছে লেপটপ। ষ্টেচনত বিদ্যুতৰ সমস্যা নাই। মই লেপটপ অন কৰিব পাৰিম। মোৰ হাতত ম’বাইল আছে। কথা পাতিব পাৰিম ইচ্ছা হ’লে।

গুৱাহাটী ষ্টেচনৰ প্লেটফৰ্মত বাস কৰিবলৈ মনটো বান্ধিলেও এনে নহয় যে মোৰ ঘৰেই নাই। ধন-সম্পদেৰে ভৰা ঘৰ এখনৰ সদস্য মই। গুৱাহাটীৰ পৰা কেইশ কিলোমিটাৰমান আঁতৰত সেই ঘৰখন। ইচ্ছা কৰিলেই ঘৰলৈ গুচি যাব পাৰি। কিন্তু নাযাওঁ।

মোৰ ডাঙৰ সপোনটো দিঠকলৈ ৰূপান্তৰিত কৰাৰ পিছতহে নিজৰ ঘৰখনত ভৰি দিম বুলি সিদ্ধান্ত লৈছিলো। কিন্তু আজি জীৱনৰ কঠিন পৰিস্থিতিৰ মুখামুখি হৈ হাৰি যাবও বিচৰা নাই।

সপোনবোৰ দিঠক কৰাৰ কোনো মেচিন এতিয়ালৈ আৱিষ্কাৰ হোৱা নাই যে এফালে সপোনবোৰ ভৰাই দিলে আনফালে দিঠকবোৰ ওলাই আহিব। মই ঠিৰাং কৰিলে লক্ষ্যত উপনীত হ’বলৈ যিমানেই সময় নালাগক মই ষ্টেচনতেই থাকিম। পাঁচ টকাৰ প্লেটফৰ্ম টিকট লৈ নিশাটো ষ্টেচনত কটাব পাৰি। হোটেলত নোৱাৰি।

*

‘পল, কি কৰিছ তই ইয়াত?’

‘নাই এনেয়ে।’ অম্লানৰ বাবে মোৰ হাতত পূৰ্ব নিৰ্ধাৰিত উত্তৰ নাছিল। তাৰ মুখলৈ চালোঁ। এনে লাগিল সি যেন বহু কথাই জানে।

অম্লান জুৰোডলৈ গৈছিল। মোৰ এপাৰ্টমেণ্টলৈ। তাতেই সি তলাৰ কাহিনীটো শুনিলে। তাৰ পিছত অধীৰ হৈ দৌৰি আহিছে অম্লান। আৰু সি এই অৱস্থাত আৱিষ্কাৰ কৰিছে মোক। মোৰ বেকপেকটো পিঠিত তুলি ল’লে সি। ক’লে, ‘বহুত হ’ল। এতিয়া ব’ল।’

অনুপল বৰুৱা ইমানেই ঠুনুকা নহয়। যে অম্নানে মাতিলেই মই তাৰ ঘৰলৈ লৰ দিম। নাযাওঁ। ক’লৈকো নাযাওঁ। ষ্টেচনৰ পৰাই জীৱনৰ যুদ্ধ কৰিব পৰাকৈ মই সক্ষম। ভগৱানে মোক কোৱাণ্টাম অব্ পানিছমেণ্ট ডিছকাউণ্ট ৰেটত দিব নালাগে। সম্পূৰ্ণ পৰিমাণে কষ্ট মূৰ পাতি ল’ব পৰাকৈ মোৰ ক্ষমতা আছে। আৰু কোন আছে…? মেহেকৰ ভগৱান! হেঃ হেঃ মেহেকৰ ভগৱানে মোক ৰক্ষা কৰিব!

অম্লানৰ হাজাৰ চেষ্টা ব্যৰ্থ প্ৰতিপন্ন কৰি মই ষ্টেচনত থকাৰ সিদ্ধান্ত ল’লোঁ। জিদ ধৰিলে সি। মোক এৰি সিও নাযায়। মই চেষ্টা কৰিলোঁ মোৰ বাবে সি কষ্ট খাব নালাগে। কিন্তু নুশুনে। মোৰ চেষ্টাক ব্যৰ্থ ঘোষণা কৰিছে সি।

*

গুৱাহাটী ষ্টেচনত দুজন আঢ্যৱন্ত অঘৰী। এজন মই, আনজন অম্লান। প্ৰচণ্ড জিদ আৰু ভাড়াঘৰৰপৰা উলিয়াই দিয়াৰ খঙত মই ষ্টেচনলৈ আহিছোঁ। আৰু এই বেচেৰাটো…। সি বন্ধুত্ব পালন কৰিবলৈ আহিছে। আৰামী বিচনা এৰি আহি ষ্টেচনত অঘৰী বন্ধুক সংগ দিছে। বেচেৰা…।

মেহেকে পুনৰ ফোনত খবৰ লৈছে। মেহেক হতবাক। পুৱাৰপৰা নিশালৈ কিয় মই ষ্টেচনত অৱস্থান লৈছোঁ। ষ্টেচনৰপৰা আঁতৰাই পঠিয়াবলৈ সকলো উপায় অৱলম্বন কৰিছে মেহেকে। আব্দাৰ-ভয়-ভাবুকি, সকলো। আৰু মই চাল্লা স্থিতপ্ৰজ্ঞ। মহাকাব্যিক সাহিত্যৰ কোনো চৰিত্ৰৰ দৰেই মই মোৰ স্থিতিত অলৰ-অচৰ।

‘ভগৱানৰ বাহিৰে তোমাক কোনেও বুজাব নোৱাৰে।’ মেহেকে হাৰ মানিলে।

‘ভগৱান! হাঃ হাঃ ক’ত আছে তোমাৰ ভগৱান?’

‘আছে। হৃদয়ৰ কোনো এটা অংশত। মই তোমাৰ হাৰ্টটো উলিয়াই আনি দেখুৱাই দিম নেকি?’

‘হৃদয়েই ভগৱান নেকি?’

‘নহয়। হৃদয়ৰ এক বিশেষ স্থান আছে। নাম ছাইন’ এট্ৰিয়েল নোড। ইয়াতেই আছে তোমাৰ ভগৱান। মোৰ ভগৱান।’

‘বাপৰে তুমিতো এল ৰন হাবাৰ্ডৰ স্থান দখল কৰিব পাৰিবা।’

‘এল ৰন হাবাৰ্ড কোন?’ মেহেকৰ অনুসন্ধিৎসা।

‘প্ৰথম কথা তোমাৰ মোৰ দৰেই এজন মানুহ আছিল হাবাৰ্ড। কল্প বিজ্ঞান কাহিনীৰ ৰচয়িতা হিচাপে এল ৰনৰ নাম আছিল। কিন্তু পৰৱৰ্তী সময়ত তেওঁ হৈ পৰিল এটা নতুন ধৰ্ম প্ৰৱৰ্তক। চেলিব্ৰেটীৰ ধৰ্ম ছিয়াণ্টলজি। ধৰ্ম অথবা দৰ্শন যিয়েই নোকোৱা মই হাবাৰ্ডক ভাল নাপাওঁ। অস্তিত্বহীন ভগৱানকো মই যেনেকৈ বেয়া পাওঁ।’

‘ভগৱান আছে মাই ডিয়েৰ। মই তোমাক ভগৱানৰ অস্তিত্ব প্ৰমাণিত কৰি দিব পাৰোঁ। পদাৰ্থ বিজ্ঞানৰ সৰু এটা সূত্ৰৰ কথা উল্লেখ কৰিব পাৰোনে মহাশয়?’

‘পাৰিবা পাৰিবা লেডী হাবাৰ্ড। কোৱা…।’

‘তুমিতো জানাই, শক্তিৰ বিনাশ নাই। শক্তি ৰূপান্তৰিত হয় এটাৰ পৰা আনটোলৈ। ভগৱানো আমাৰ বাবেতো শক্তিয়েই। পাৱাৰ…। ছুপাৰপাৱাৰ…। আমিও এক শক্তিৰে পৰিচালিত হওঁ। আমাৰ হৃদযন্ত্ৰৰ শক্তিৰে আমি পৰিচালিত হওঁ। আমাৰ জীৱন এক শক্তি। হৃদযন্ত্ৰলৈ শক্তি আহে ছাইন’ এট্ৰিয়েল নোডৰ পৰা। ছাইন’ এট্ৰিয়েল নোডৰ মেমব্ৰেনত যিবোৰ শক্তিকণিকা বা আয়ন আছে সেয়া ক’ৰপৰা আহে? পেচমেকাৰৰ কথা তুমি জানা। পেছমেকাৰত বেটাৰী থাকে। হৃদযন্ত্ৰ কৃত্ৰিমভাৱে পৰিচালনা কৰিবলৈ ব্যৱহাৰ কৰা পেচমেকাৰত বেটাৰী থাকে। ছাইন’ এট্ৰিয়েল নোড বা এছ এ নোডক প্ৰাকৃতিক পেচমেকাৰ বুলিয়েই কোৱা হয়। কিন্তু আমাৰ এছ এ নোডততো বেটাৰী লগোৱা নাথাকে। তেন্তে তালৈ শক্তি ক’ৰপৰা আহিল? জীৱনৰ প্ৰথমটো ক্ষণত যেতিয়া হৃদযন্ত্ৰটো চলিবলৈ আৰম্ভ কৰিছিল সেই শক্তি ক’ৰপৰা আহিছিল? এই এছ এ নোডতেই আমি ভগৱানৰ অস্তিত্ব বিচাৰি পাওঁ। জানানে এছ এ নোডৰ শক্তিৰ উৎস আজিও চিকিৎসা বিজ্ঞানৰ বাবে সাঁথৰ। ক’ৰ পৰা আহে শক্তি চিকিৎসা বিজ্ঞানৰ কোনো উত্তৰ নাই।’

‘সেয়া চিকিৎসা বিজ্ঞানৰ ব্যৰ্থতা।’

‘কথাবোৰ এনেয়ে উৰাই নিদিবা অনুপল। কথাটো এনে নহয় যে চিকিৎসা বিজ্ঞানীসকলে এছ এ নোডক ভগৱান হ’বলৈ এৰি দিছে। অধ্যয়ন চলি আহিছে। গৱেষণা চলি আছে। কিন্তু এতিয়ালৈ উত্তৰবিহীন সাঁথৰ। আৰু পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়েই বৃহত সাঁথৰ এটা হদয়ত লৈ চলি আছে। চোৱাচোন কিমান ডাঙৰ কথা?’

মেহেকৰ কথাখিনিয়ে মোক ভাবিবলৈ বাধ্য কৰাইছে। মই নাস্তিক। নাস্তিকৰপৰা আস্তিকৰ শাৰীলৈ উন্নীত বা অৱনমিত হ’বলৈ মোক বহুত প্ৰশ্নৰ উত্তৰ লাগিব। উত্তৰ নহ’লেও মেহেকে আজি এটা প্ৰশ্ন দিছে। চিকিৎসা বিজ্ঞানে উত্তৰ বিচাৰি নোপোৱা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন।

মেহেকৰ মতে ভগৱান আমাৰ ইমান ওচৰতে থাকে। বুকুৰ ভিতৰত ভগৱানক লৈ আমি গোটেই বিশ্ব ঘুৰ্মুটিয়াই ফুৰোঁ। দৰকাৰ নাই। পৰম শক্তিৰ ওচৰত নিজকে বিলীন কৰি দিয়াৰ বা যাযাবৰ হৈ যোৱাৰ প্ৰয়োজন নাই।

আচৰিত কথা। নিজকে ভগৱানৰ অস্তিত্বৰ পৰা শতযোজন আঁতৰত অৱস্থান কৰা মোৰ দৰে অঘৰী মানুহজনে ছাৰ্ছ ইঞ্জিনত ভগৱান সম্পৰ্কে পঢ়া-শুনা কৰিবলৈ লৈছোঁ। ছাইন’ এট্ৰিয়েল নোড, ব্লেক অ’ৰা, হোৱাইট অ’ৰা। মই বাৰু ভগৱানৰ অস্তিত্ব বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছোঁ নেকি? নাই নাই। তথাপিতো কথাবোৰ জনাটো দৰকাৰ।

যদিহে ছাইন’ এট্ৰিয়েল নোডত ভগৱানৰ অস্তিত্ব মানি লওঁ। তেন্তে বিশ্বজুৰি বৰ্তমান প্ৰায় ৭১২ কোটিমান ভগৱান আছে। সকলোৰে বাবে একোজন ভগৱান। ঈশ্বৰৰ জন্ম হয়, মৃত্যুও ঘটে! মোৰ জন্মৰ লগে লগে মোৰ ঈশ্বৰৰো জন্ম। আপোনাৰ জন্মৰ সৈতে আপোনাৰ ঈশ্বৰৰ।

ঈশ্বৰ এক অৱধাৰণা। ঈশ্বৰৰ ধাৰণাই মানুহক জীয়াই থাকিবলৈ প্ৰেৰণা যোগায়। অন্ধবিশ্বাসী হ’বলৈও বাধ্য কৰায় নেকি ঈশ্বৰে? ঈশ্বৰ-দেৱদূত এই সব সৃষ্টিৰ আঁৰত কি? কি উদ্দেশ্য লৈ মানুহে জন্ম দিছিল ঈশ্বৰৰ। মানুহৰ স্বপ্নভংগ মেৰামতিৰ আঠা ভগৱান! বিভিন্ন দৃষ্টিকোণৰ পৰা ঈশ্বৰক বিশ্লেষণ কৰিছোঁ। মানুহক সৃষ্টি কৰা ভগৱান। মানুহে সৃষ্টি কৰা ভগৱান।

মই ভগৱান হ’ব নোৱাৰোঁ। মই বাৰু অসুৰ হৈ পৰিছোঁ নেকি? মই স্বেচ্ছাই ষ্টেচনৰ বাসিন্দা হ’বলৈ আহিছোঁ। আৰু মোৰ সৈতে অম্লান। তাৰতো একো ভুল নাই! তাক ঘৰৰপৰা উলিয়াই দিয়া নাই। গুৱাহাটীত তাৰ এটা ঠিকনা আছে। ঠিকনাটোত তাৰ সৈতে বাস কৰে তাৰ সপোনটোৱে। তেন্তে মোৰ ভুলৰ শাস্তি খাবলৈ সি কিয় আহিছে? সি ভগৱান নে দেৱদূত হ’বলৈ আহিছে? মোৰ সপোনটো সি সাকাৰ কৰি তুলিব নোৱাৰে। মোৰ সৈতে ষ্টেচনত থাকিলে তাৰ সপোনটোও পূৰণ নহয়। তেন্তে! মোক কিয় সংগ দিবলৈ আহিছে? মোৰ ষ্টেচন জীৱনৰ আজি চাৰিদিন পূৰণ হৈছে। চাৰি দিনৰ বাবে ছাঁৰ দৰে আছে সি। মই ধৰি ল’লোঁ মহাকাব্যৰ পাতৰপৰা উঠি অহা ভগৱান অম্লান।

মোৰ ভগৱান শুইছে। ষ্টেচনৰ প্লেটফৰ্মত প্লাষ্টিক পাৰি শুইছে ভগৱান। ক্লান্ত। অথচ নিদ্ৰামগ্ন ভগৱানৰ মুখত নিৰ্মল প্ৰাপ্তিৰ চিহ্ন।

অম্লান আৰু মই পাল পাতি শুইছোঁ। এবাৰ মই। এবাৰ সি। মাজে মাজে নিদ্ৰাদেৱীৰ কোলাত আমি দুয়ো একেলগে ঢলি পৰিছো। তাৰ চিন মোৰ প্ৰথমটো লেপটপৰ অনুপস্থিতি। অম্লান আৰু মই একেলগে গভীৰ নিদ্ৰাত থকাৰ সময়ত প্ৰথমটো লেপটপ চুৰি হ’ল। মোৰ খং উঠা নাই। কাৰণ জুৰোডৰ কোঠাটোত এৰি অহা সপোনটোতকৈ লেপটপটো ডাঙৰ নহয়। দ্বিতীয়টো লেপটপ অথবা টেবটো মোৰ কামৰ বাবে যথেষ্ট।

মেহেকে প্ৰত্যেকটো মুহূৰ্তত ফোন কৰি খবৰ লৈ আছে। প্ৰথম দুদিন ষ্টেচনৰপৰা ঘৰলৈ ঘূৰি যাবলৈ মোৰ অনুৰোধ কৰিছিল। গালি দিছিল। তাইৰ নামত শপত খুৱাইছিল। কিন্তু সকলো অস্ত্ৰ বিফল হোৱাৰ পিছত মেহেকে অনুৰোধ কৰিবলৈ বাদ দিছে। মেহেকে এতিয়া মোৰ সৈতে কেৱল ভগৱানৰ কথা পাতে। ঈশ্বৰক দেখুৱাইহে শান্তিত শুব ছোৱালীজনীয়ে। ও… ডাক্তৰণী বাইদেৱে। কথাটো ময়ো বৰ বিশেষ বেয়া পোৱা নাই।

*

এতিয়া মেহেক আৰু মোৰ ব্যৱহাৰিক পৰীক্ষা চলিছে। মেহেকে নিৰ্দেশ দিছে চকু মুদিবলৈ। মই চকু মুদিছোঁ। মেহেকে নিৰ্দেশ দিছে নমস্কাৰ কৰাৰ ভংগীত হাত দুখন ৰাখিবলৈ। মই ৰাখিছোঁ। মেহেকে কৈছে সেই ভংগীত দুয়োখন হাত কিছু আঁতৰলৈ নিয়া। লাহে লাহে হাত দুখন কাষ চপাই আনা। এক বিশেষ স্থানত তুমি অনুভৱ কৰিবা দুয়োখন হাতে পৰস্পৰে বিকৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছে। সমান্তৰালভাৱে অনুভৱ কৰিবা কিছু উষ্ণতা। সেয়াই তোমাৰ অ’ৰাৰ অৱস্থিতি। সেই দূৰত্বত দেহৰ চৌপাশে তোমাক আৱৰি আছে এক শক্তিয়ে। সেয়াই অ’ৰা।

মেহেকে পাঠ দিছে। মই কৰি গৈছোঁ। কিন্তু ক’তো উষ্ণতা-চুষ্ণতা নাই দেখোন। আকৰ্ষণ-বিকৰ্ষণো নাই। ষ্টেচনত দিনে-ৰাতিয়ে বহিছোঁ, শুইছোঁ, খাইছোঁ, মেহেকৰ শ্ৰুতলিপিত অ’ৰাৰ সন্ধান চলাইছোঁ। নাইতো।

মোৰ অ’ৰা নাই। মই নিশ্চিত। মেহেকৰ দাবী-আব্দাৰ– অ’ৰা ক’ত হেৰাব? আছে আছে। তুমি বিচাৰিবই লাগিব। ষ্টেচনৰ অঘৰী জীৱন মই হাঁহিমুখে গ্ৰহণ কৰিব পাৰিছোঁ। কিন্তু মেহেকৰ নিৰ্দেশত অ’ৰা বিচৰা কাৰবাৰটোহে ভয়ংকৰ হৈ পৰিছে। দুদিন ধৰি মেহেকে যেতিয়াই সময় পায় মোলৈ ফোন কৰিছে। খবৰ লৈছে, অ’ৰাৰ খবৰ কি?

মই ক’লোঁ হৈ গৈছে আৰু… অ’ৰা চেপ্টাৰ ফিনিছড্। মেহেকৰ স্পষ্ট নিৰ্দেশ অ’ৰা বিচাৰি নোপোৱালৈ প্ৰেক্টিকেল খটম নহয়। ইমান কামোৰ সহ্য নহয়। উপায়োতো নাই।

পুনৰ পৰম বাধ্য ছাত্ৰৰ দৰে প্লেটফৰ্মত প্লাষ্টিক পাৰি বিশেষ ভংগীত বহিছোঁ। চকু মুদিছোঁ। মেহেকে নিৰ্দেশ দিয়াৰ দৰে হাত দুখন ওচৰলৈ আনিছোঁ, দূৰলৈ নিছোঁ। অনুভৱ কৰিবলৈ যত্ন কৰিছোঁ, ক’ৰবাত উত্তাপ পাইছো নেকি, ক’ৰবাত বিকৰ্ষণ আছে নেকি। মাজে মাজে মেহেকে ফোনত প্ৰশ্ন কৰিছে। মই একেটাই উত্তৰ দিছো নাই, অ’ৰা নাই।

অ’ৰা সন্ধানী কাৰবাৰটোত অম্নানে বৰ ৰস পাইছে। মাজে মাজে সিও সুধিছে, কে*, অ’ৰা পালি? মেহেকৰ কথাটো বেলেগ, অম্লানে শ্লেষপূৰ্ণভাৱে প্ৰশ্ন কৰিলেহে মোৰ মুখ ভাঙি দিবলৈ মন যায়। কিন্তু এই ছদিনমান ধৰি সি মোৰ ভগৱান। অন্নদাতা ভগৱান। নিজৰ ধন ভাঙি মোক খুৱাইছে। ভগৱানৰ মুখ ভঙাটো বৰ এটা ভাল কথা নহ’ব। মই ধৈৰ্য ধৰিছোঁ।

‘তুমি যদি অ’ৰাই বিচাৰি নোপোৱা, তেন্তে সপোনো বিচাৰি নোপোৱা। পুৰণি ফ্লেটৰ তলাৰ সিপাৰেই ৰৈ যাব তোমাৰ সপোন। ষ্টেচনৰ নাটক আৰু বাদ দিয়া ডাৰ্লিং। ঘৰলৈ যোৱা। ৰে’লৰ ট্ৰেকৰ কাষত তোমাৰ ষ্টেচনবাসৰ ভীষ্ম প্ৰতিজ্ঞাই জীৱনটো ট্ৰেকত পেলাব বুলি মোৰ ধাৰণা নহয়।’ মেহেকে উষ্মাৰে ক’লে।

মই ক’লোঁ, ‘নিজৰ ওপৰত মোৰ বিশ্বাস আছে।’

‘কিহৰ বিশ্বাসহে? কি বিশ্বাস? নিজকে ইমান প্ৰক্টিকেল বুলি জহাই থাকা। কিন্তু মোক বুজাই দিয়াচোন কি আছে ইয়াৰ ব্যৱহাৰিকতা?’

মই নীৰৱে ৰ’লোঁ।

‘আজি ছদিন হ’ল। ষ্টেচনত ঘৰ পতা। কোৱাচোন কি কৰিলা? ছটা দিনত তোমাৰ প্ৰাপ্তিৰ ৰিপ’ৰ্ট কাৰ্ড মোক দিয়া। শূন্যতাৰ বাহিৰে তোমাৰ খতিয়ানত একো নাই। স্থবিৰ হৈ পৰিছা। গতিৰুদ্ধ হৈ পৰিছা। গোৱাৰ অথবা গাধৰ বাহিৰে তোমাৰ বাবে এই মুহূৰ্তত মই বেলেগ অভিধা বিচাৰি পোৱা নাই।’ মেহেকে ফোনৰ সংযোগ বিচ্ছিন্ন দিলে। তাইৰ খং উঠিছে।

মোৰ সৰ্বশৰীৰত ঘামৰ বিন্দুবোৰ জিলিকি উঠিছে। অস্থিৰতাত। যোৱা সাতদিন মই নিজকে খতিয়ান দিয়া নাছিলো। প্লেটফৰ্মৰ বাসিন্দা হৈ মই কি পালোঁ? মেহেকৰ খং আৰু অভিমানে মোক বাধ্য কৰালে নিজকে খতিয়ান দিবলৈ। পোৱা-নোপোৱাৰ হিচাপেইতো জীৱনৰ পথৰ সন্ধান দিয়ে। মেহেকে মোক পথ দেখুওৱা নাই, কিন্তু পথ বিচাৰি ল’বলৈ বাধ্য কৰাইছে। মেহেক মোৰ ভগৱান! নে অম্লান?

অস্থিৰতাই মেহেককো গিলিছে। পুনৰ মেহেকে ফোন কৰিছে। ফোন উঠোৱাৰ লগে লগেই তাই সজোৰে চিঞৰিছে, ‘প্লেটফৰ্ম এৰিবানে এতিয়াই? এতিয়াই মানে এতিয়াই!’

মই উত্তৰ নিদিলো। কিন্তু এই মুহূৰ্তত উত্তৰ এটা মোৰ হাতত আছে।

Tags

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close