নিবন্ধশীৰ্ষ

জুবিন গাৰ্গক জীয়াই থাকিবলৈ দিয়ক

শিলাদিত্য বৰ্মন

জুবিনক লৈ প্ৰায়ে বিতৰ্ক হয়। জুবিনে কি চোলা পিন্ধে? জুবিনে কি জোতা পিন্ধে? জুবিনে মূৰত পাগুৰি মাৰেনে? জুবিনে বেল্ট হিচাপে ৰচী কিয় লয়? জুবিন গাৰ্গে কথা ক’লেই বিতৰ্ক হয়। অবাধ সৃষ্টিশীলতাৰ মাজতো জুবিনক লৈ এচাম মানুহে বিতৰ্ক কৰি ভাল পায়। বিতৰ্ক হ’লে জুবিনৰ কাষত থকা ন্যস্তস্বাৰ্থজড়িত এচামৰো লাভেই হয়। টিভিত ওলোৱাৰ সুযোগ আহে। কিন্তু কিয় সদায়ে বিতৰ্কলৈ টানি আনি এনেকৈ সৃষ্টিশীল মানুহ এজনক বাধা দিয়া হয়। জুবিনক সদায় কিয় জুবিন হৈ থাকিবলৈ দিয়া নহয়। কোনোবাই কোনোবাই কয়- জুবিন এটি অবোধ শিশুৰ দৰে। জুবিনৰ মৰম আকলুৱা মনটো বহুতেই বুজি পোৱা নাই। জুবিনে অবোধ শিশুৰ দৰে হ’লেও অবোধ শিশুৰ দৰেই সকলোৰে দৃষ্টি আকৰ্ষণ বিচাৰে, সেইকাৰণে শিশুৰ দৰেই মনলৈ অহা সকলো কথাই মুকলিকৈ কৈ দিয়ে। -এনেকৈ ছ’চিয়েল মিডিয়াত বহুতেই কোৱা মেলা কৰা দেখি আছোঁ- কিন্তু জুবিন গাৰ্গৰ লগত থকাই হওঁক বা জুবিন গাৰ্গৰ সাক্ষাৎগ্ৰহণ কৰা কোনো সাংবাদিকেই আজিলৈকে আচল জুবিনজনৰ সৈতে মানুহক পৰিচয় কৰাই দিব পৰা নাই। জুবিনক বুজোঁ বুলি দাবী কৰা বহুতেই বুজি নাপায় জুবিনৰ বিতৰ্কৰ আঁৰত থকা সৰল মুখখন। সিদিনা বাতৰিতে পালোঁ- জাৰ্মানী নে ক’ৰবাত ফুটবল খেলিবলৈ যাবলৈ ল’ৰা এটা ওলাইছে, টকা নাই পিতৃৰ। সকলোৰে ওচৰত হাত পাতি নিৰাশ হৈছে পিতৃ। ২.৫ লাখ টকা বিচাৰি হাবাথুৰি খোৱা পিতৃৰ হাতত জুবিনেই তুলি দিছে বিনা বাক্যই ২.৫ লাখ টকা। কটন কলেজত গান গাবলৈ গ’ল জুবিন। কটন কলেজত পোৱা টকাকেইটাও ১০ জন মেধাৱী আৰু দুখীয়া ল’ৰাক সাহায্য দিবলৈ সিদ্ধান্ত ল’লে জুবিনে। মাজতে দিছপুৰৰ হাস্পতালত এটা ল’ৰাক ৫০ হাজাৰ টকাৰ প্ৰয়োজন হ’ল, ল’ৰাটোক চিনি নাপায় জুবিনে, কিন্তু বন্ধুবৰ্গৰ কথা শুনিয়ে ৫০ হাজাৰ টকা পঠাই দিলে জুবিনে। আনপিনে, হাস্পতালত থকা এগৰাকী মাতৃয়ে জুবিনৰ এবাৰ লগ পোৱাৰ অন্তিম ইচ্ছা বুলি ক’লে, বন্ধুমহলৰ জৰিয়তে পোৱা খবৰৰ ভিত্তিত জুবিনে অকণমান সময়ৰ বাবে মানুহগৰাকীক হাস্পতাললৈ গৈ খবৰ ল’লে। এয়াই জুবিন। অসমৰ মানুহ যেতিয়াত বানপানীত ককবকাই থাকে, তেতিয়া জুবিনৰ মনটো মুম্বাইত উৰি নুফুৰে। বানপানীৰ বাবে ৰাইজৰ পৰা সাহায্য বিচাৰি গোটেই অসমখন ঘূৰি ফুৰে, ফুটবলৰ জনপ্ৰিয়তা ঘূৰাই আনিম বুলি গোটেই অসমখন ফুটবল খেলি ফুৰিলে, তাকো কেইজনমান ল’ৰাক লগত লৈ। কিন্তু বহুতেই সমালোচনাও কৰিলে, অসমীয়া চিনেমা ভাল পায় জুবিনে। অসমৰ হ’লৰ অৱস্থা বেয়া। বন্ধ হৈ যাব ধৰা তেজপুৰৰ জোনাকী হলৰ দায়িত্ব গ্ৰহণ কৰিবলৈ ওলাল জুবিন। অসমত জুবিনতকৈ বহু বেছি টকা-পইচা থকা মানুহ অলেখ আছে, কোনেও অলপো চিন্তা কৰিব নোৱাৰে, চিন্তা কৰে জুবিনে। অসমীয়া চিনেমাৰ সুদিন আহক বুলিয়ে ডেৰ দুই কোটি খৰচ কৰি মিচন চাইনা চিনেমা নিৰ্মাণ কৰিছে জুবিনে। কি দৰকাৰ ইমান টকা খৰচ কৰাৰ? কিন্তু জুবিনে যি কৰে ভালকৈ কৰে, সেইবাবেই ইমান টকা খৰচ কৰি এখন চিনেমা বনাইছে জুবিনে।  তাৰ মাজতেই জুবিন গাৰ্গক কাষৰ পৰা পোৱা দুই একে আকৌ সুযোগো লৈছে জুবিনৰ সৰলতাৰ। কেতিয়াবা মাকৰ, কেতিয়াবা ভনীয়েকৰ, কেতিয়াবা ভায়েকৰ গা বেয়া বুলি জুবিনৰ পৰা টকা সৰকাই নিয়া দুই এটা ল’ৰাও আছে, তেনে ল’ৰা যে দুই এটা থাকেই, সেই কথা জুবিনেও নুবুজা নহয়। এতিয়া আহো ফেন ক্লাবৰ কথালৈ। ফেন ক্লাবৰ নামত জুবিন গাৰ্গক দুই এটা ল’ৰাই অলপ বেছিকৈ ব্যতিব্যস্ত কৰিছে। জুবিনে কেতিয়াবা কৰিব নলগীয়া কামো দুই এটা কৰিছে। সেইটো জুবিনেও নজনা নহয়। কিন্তু ফেন ক্লাবৰ দুই এটা ল’ৰা অলপ মতলবী হ’ল বুলিয়ে জুবিনক প্ৰাণভৰি নিস্বাৰ্থভাৱে ভালপোৱা ল’ৰাবোৰকটো বেয়া বুলি ক’ব নোৱাৰি। গতিকে, মই ফেন ক্লাবকো বেয়া বুলি ক’ব নোৱাৰোঁ। দুই এটা বেয়া ল’ৰা ক’ত নাথাকে। এতিয়া আহোঁ জুবিনক লৈ সৃষ্টি হোৱা শেহতীয়া বিতৰ্কৰ বিষয়ক লৈ। জুবিনক লৈ বিতৰ্ক কৰা যিকোনো লোকেই নেতিবাচক হ’লেও প্ৰচাৰ পায়। সেই প্ৰচাৰৰ আশাতে দুই একে অযথা জুবিনক লৈ বিতৰ্ক কৰে। জুবিনে দুই এখন মঞ্চত গীতৰ মাজতে ছমাৰ ছল্ট দেখুৱাইছে। চকুচৰহা দুই একে জুবিনৰ এই ছমাৰ ছল্টকে আকৌ মঞ্চৰ বান্দৰ জাপ বুলি সমালোচনা কৰিব খোজে। হঠাৎ সাংবাদিকৰ মাইক্ৰ’ফোন পোৱা বহুতেই আকৌ এয়া কি নাজানেই নহয়, তেওঁলোকৰ সমালোচনাত ভুল নাই। নাজানি কৰিছে। কিন্তু য’ত ছমাৰ ছল্টৰ দৰে কলাৰ পৰিৱেশ নাথাকে, তাত কৰিব নালাগে জুবিন গাৰ্গেও। কিন্তু আমি ৰাষ্ট্ৰীয় টিভি চেনেলৰ নাচ-গানৰ অনুষ্ঠানবোৰত একোজন জনপ্ৰিয় শিল্পী বা অভিনেতাই যেতিয়া আকাশৰ পৰা নামি আহে, মঞ্চতেই জুই লগাই নাচে বা মঞ্চতে বৰষুণ নমাই আনে, সেইবোৰক লৈ বিতৰ্ক হোৱা নেদেখোঁ। কিন্তু জুবিন গাৰ্গে এখোজ যদি বেলেগধৰণে দিয়ে, ‘বাতৰি’ হৈ যায়, ‘বিতৰ্ক’ হৈ যায়। জুবিনক ভালপোৱাসকলে আচলতে বেয়া নাপাব এইবোৰ কথাৰ বাবে। জুবিনক লৈ বাতৰি ওলাই থাকিব। কাৰণ, অসমত সকলো মানুহে চোৱা বাতৰিৰ আধাৰ হ’ব পৰাকৈ জুবিনৰ দৰে কোনো চৰিত্ৰই এতিয়া নাই। মানে, টেলিভিশ্বনৰ টিআৰপি বুলি ক’লে আমি যি বুজোঁ, সেই টিআৰপি থকা লোকৰ ভিতৰত আজিও এক নম্বৰত জুবিন গাৰ্গ। সেইবাবে জুবিন বুলি ক’লেই টিভি চেনেলেও ৰৌটোকে ঢৌ কৰি বাতৰি বনাবই। সেয়া তেওঁলোকৰ পেচা। কিন্তু জুবিন গাৰ্গক অপ্ৰয়োজনীয়ভাৱে যি দুই এজন সাংবাদিক-ঘোষকে অপমানিত কৰিবলৈ লৈছে, এক অৰ্থত শ্ৰুতলিপি দিবলৈ লৈছে, সেই কথাই জুবিনক ভাল পোৱা প্ৰতিজন লোককে অলপ হ’লেও দুখ দিছে। সস্তীয়া লাভৰ বাবে তেনে বিতৰ্ক নকৰক কোনো সাংবাদিকেই। জুবিনক লৈ অযথা বিতৰ্ক কৰি জনপ্ৰিয় হ’ব খোজাসকলক কোনেও গুৰুত্ব নিদিয়াৰ পৰিৱেশ আৰম্ভ হ’লেই ক্ষান্ত হ’ব তেৰাসৱ। কিন্তু আমি বিচাৰিম, জুবিনক মুক্তমনে থাকিবলৈ দিয়ক। জুবিনৰ সৰলমনা শিশুমনটোৰ কথা আমি সকলোৱে জানে। প্ৰাণতকৈও বেছি ভাল পায় অসমখনক। প্ৰাণতকৈও বেছি দুখ পাই অসমীয়াই দুখ পালে। গঁড. নিধন বন্ধ কৰিবলৈ অকলে প্ৰতিবাদ কৰিবলৈ ওলাই আহে সি। বান আহিলে, দুৰ্যোগ আহিলে সিয়েইটো বহুতৰ আশা ভৰসাৰ থল হৈ পৰে। গান লিখে সি বুকুৰ পৰা, হৃদয়ৰ পৰা। তাক আৰু অধিক সৃষ্টি কৰিবলৈ দিয়ক। অযথা বিতৰ্ক কৰি তাৰ সৃষ্টিশীলতাক দমন নকৰিব। সি যেনেকৈ ভাল পায়, তেনেকৈ যাপন কৰক তাৰ জীৱনটো। কাৰণ, অপাৰ জনপ্ৰিয়তাই তাৰদৰে মানুহৰ ব্যক্তিগত জীৱনেই নোহোৱা কৰি পেলাইছে। অনবৰত তাক ঘেৰি ধৰি ৰাখিলে, সিও কেতিয়াবা খং কৰে, উঠি থকা খঙটো বেলেগৰ ওপৰতো কেতিয়াবা প্ৰকাশ হৈ যায়। তাক জীয়াই থাকিবলৈ দিয়ক তাৰ মতে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close