স্বাস্থ্য

টিভি হ’ব পাৰে শিশুৰ ডায়েবেটিছৰ কাৰক

বৰ্ষাজ্যোতি দাস
এক গৱেষণাত প্ৰকাশ পোৱা মতে অধিক পৰিমাণে টিভি চোৱা শিশু আক্ৰান্ত হ’ব পাৰে মধুমেহ বা ডায়েবেটিছ ৰোগত। প্ৰতিদিনে তিনি ঘণ্টা বা তাতোকৈ অধিক সময় টিভি নাইবা মোবাইলৰ স্ক্ৰীণত চাই থাকিলে শিশুৰ শৰীৰত ইনছুলিনৰ নিঃসৰণৰ পৰিমাণ অসমতুল হ’ব পাৰে। ইনছুলিন হৰমনৰ কাম হ’ল তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা। লণ্ডনৰ গৱেষকসকলে ‘মেটাবলিজম’ আৰু ‘কাৰ্ডিঅ’ৱেক্সোলাৰ’ৰ পৰীক্ষা কৰি চাবৰ বাবে ৯-১০ বছৰীয়া ৪,৫০০টা শিশুৰ তেজৰ নমুনা লৈছিল। আৰু যিকেইটা শিশুৱে প্ৰতিদিনেই অধিক পৰিমাণে টিভি, কম্পিউটাৰ নাইবা মোবাইল ক্ৰীণত চায় সেইকেইটি শিশুৰ শৰীৰত ইনছুলিন প্ৰতিৰোধ, শৰ্কৰাৰ মাত্ৰা, গেছৰ মাত্ৰা বহু পৰিমাণে বেছি পোৱা গৈছিল। গতিকে অতিমাত্ৰা টিভি চোৱা শিশুৰ ডায়েবেটিছ ৰোগৰ আশংকা বহুত।

Tags

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close