অসমথোৰতে

থোৰতে দিনটোৰ বাতৰি

অধ্যক্ষ ভূৱন চন্দ্ৰ শৰ্মাৰ দেহাৱসান

প্ৰথম খবৰ, দলংঘাট, দৰং:  দৰং জিলাৰ দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান অধ্যক্ষ ভূৱন চন্দ্ৰ শৰ্মাৰ ৮৫ বছৰ বয়সত  নিশা নাৰায়নী চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে । শৰ্মা ৰ মৃত্যু ত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে । দুনী আঞ্চলিক ছাত্ৰ সন্থা, দুনী সাহিত্য সভা আদিকে ধৰি বিভিন্ন অনুষ্ঠান প্রতিষ্ঠান দল সংগঠনে শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

বিধ্বংসী ধুমুহা  

নিউজ ডেস্ক,প্ৰথম খবৰ: মুকালমুৱাৰ লোহাৰকাঠা, গোঁসাইগাঁও, চাবুৱা, বৰক্ষেত্ৰী, ডিকমৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিধ্বংসী ধুমুহাত বিস্তৰ ক্ষতিসাধন। একাধিক বাসগৃহৰ টিনপাত উৰুৱাই নিয়াৰ লগতে প্ৰকাণ্ড,প্ৰকাণ্ড গছ উভালি পৰে অঞ্চলসমূহত।

বিৰল প্ৰজাতিৰ চৰাই আগমন

প্ৰথম খবৰ, দলংঘাট, দৰং: দৰং জিলাৰ দেওমৰনৈ ৰ সমলা গাওঁত বেলেগ প্ৰজাতিৰ চৰাই আগমন ঘটাত বহুত লোকৰ সমাগম হয়  চৰাই চাবলৈ। এনেকুৱাকৈ লুপ্তপ্রায় চৰাই বোৰ জংঘল ৰ পৰা ওলাই আহি জনসাধাৰণৰ মাজত অহাটো চৰ্চা লাভ কৰিছে। বন ধ্বংসৰ কাৰনে জীৱ জন্তু, চৰাই চিৰিকটি বোৰৰ নিৰাপত্তা নোহোৱা হৈছে বুলি ৰাইজে মত ব্যক্ত কৰিছে। বৰ্তমান বিৰল প্ৰজাতিৰ চৰাই টো ব্যক্তি জনে নিৰাপত্তা দি ৰাখিছে ।

পথ দুৰ্ঘটনা

বাক্সাৰ আনন্দ বজাৰত পথ দুৰ্ঘটনা । তীব্ৰ বেগী পালছাৰ বাইকৰ খুন্দাত আহত সাংবাদিক ।  AS- 15 F – 9966  নম্বৰৰ পালছাৰ বাইক আৰোহীৰ সাংবাদিক গৰাকীক খুন্দিওৱাৰ লগতে দুৰব্যৱহাৰ কৰি পলায়ন ।

বিপদসংকুল যাত্ৰা গাঁওবাসীৰ

প্ৰথম খবৰ, গোড়েশ্বৰ: বাক্সা জিলাৰ এখন সীমান্তৱৰ্তী  অঞ্চল। গ্ৰাম্য কামৰূপ, ওদালগুৰি, দৰং তথা বাকসা জিলাৰ সংযোগস্থলী মহাজনপাৰা সেপকুছি এক বৃহৎ অঞ্চল এতিয়াও যোগাযোগৰ ক্ষেত্ৰত পিছপৰি আছে। অঞ্চলটোৰ যোগাযোগৰ একমাত্ৰ পথ সেপকুছি -গাছবাৰী পথত থকা দুখন কাঠৰ দলঙেৰে নিতৌ শশ লোক, ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে।

চাহ মজদুৰ সংঘই ধৰ্ণা

প্ৰথম খবৰ, তিনিচুকীয়া: তিনিচুকীয়াৰ জিলা উপায়ুক্ত কাৰ্যeলয় সন্মুখত শুক্ৰবাৰে চাহ মজদুৰ সংঘই ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ কৰি উত্তাল কৰে। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে প্ৰতিবাদত তিনিচুকীয়াৰ আকাশ বতাহ কপাই তোলে। চাহ শ্ৰমিক সকলৰ বিভিন্ন সমস্যা সমাধানৰ লগতে পি এফৰ ধন, এল আই চি টকা জমা নিদিয়া , বন্ধ হৈ থকা দিনজান ফেক্টৰি অতি শীঘ্ৰে খোলাৰ প্ৰতিবাদত উত্তাল কৰে।

 মৰিগাঁও পথৰ দূৰৱস্থাত অতিষ্ঠ ৰাইজ।

প্ৰথম খবৰ, বটদ্ৰৱা:পৰিৱৰ্তন ৰ শ্লোগানেৰে শাসনলৈ অহা BJP চৰকাৰৰ প্ৰতিও ক্ৰমাৎ মূহভংগ হ’বলৈ আগবাঢ়িছে সমষ্টি বাসী ৰাইজৰ। দিনক দিনে নগাঁও মৰিগাঁও সংযোগী পথচোৱাৰ অৱস্থা ক্ৰমাৎ অধিক বেয়ালৈ গতি কৰা স্বত্তেও স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই কোনো গুৰুত্ব আৰোপ নকৰাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে। উল্লেখ্য যে, উক্ত পথচোৱাৰ বাবেজীয়া-কুৰুৱাবাহী-চমুৱাগাঁও-জামগুৰি-খালৈগাওঁ-ভালোকমাৰি-বাৰপূজিয়া আদি অঞ্চলত ৰাস্তা ৰ মাজত পুখুৰী সদৃশ গাত সৃষ্টি হোৱাত যান বাহন চলাচলৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সৃষ্টি

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, বোকাখাত জিলা শাখাৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভ আৰম্ভণি অনুষ্ঠান ।

প্ৰথম খবৰ, খুমটাই: মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আদৰ্শৰে প্ৰতিষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, বোকাখাত জিলা শাখাৰ আজি জিলা নামঘৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰূপালী জয়ন্তী বৰ্ষৰ শুভ আৰম্ভণি কৰা হয় ।

 কুম্ভকৰ্ণ নিদ্ৰাত গড়কাপ্তানি বিভাগ

প্ৰথম খবৰ , চাবুৱা : নাদুৱা গ্ৰান্ট হৈ নাদুৱা গোহাঁই গাওঁ , বৰুৱাচুক , চেতিয়া গাওঁ সংলগ্ন ৩৭ নং ৰাষ্ঠীয় ঘাইপথটোত এতিয়া ৰাইজে অহা যোৱা কৰাৰ ক্ষেত্ৰত যমৰ যান্ত্ৰনা ভূগিবলগীয়া হৈছে । পথটোৰ বিভিন্ন স্থানত এজাক বৰযুণতেই পুখুৰী সদৃশ গাতৰ সৃস্থি হয় । যাৰ ফলত পথটোৱেদি বিদ্যালয় মহাবিদ্যালয়লৈ অহা – যোৱা কৰা হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীকে ধৰি সাধাৰণ ব্যৱসায়ী সকলেওঁ অহা যোৱা কৰাৰ ক্ষেত্ৰত  যথেষ্ঠ অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে । যাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে চৰকাৰক পথটো অতি সোণকালে নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ।

কিংশুক চেলেঞ্জ চাইকেল ৰেছ প্ৰতিযোগিতাৰ বঁটা প্ৰদান

কিংশুক চেলেঞ্জ চাইকেল ৰেছ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ প্ৰদান কৰাৰ মুহূৰ্তত বঁটা প্ৰদান কৰিছে তিতাবৰ মহকুমাৰ মহাকুমাধিপতি কমলজিত তালুকদাৰ।

 

 

 

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close