বৰপেটাশীৰ্ষ

দলং নাই, টুলুঙা নাৱত ভয়ংকৰ যাত্ৰা বৰপেটাত

ৰকিবুল হাছান, প্ৰথম খবৰ, মইনবড়ী: বৰপেটা জিলাৰ অন্তৰ্গত ধানবান্ধা জাহোৰপাম আৰু যতিগাঁৱৰ ৰাইজে একমাত্ৰ টুলুঙা নাওৰ ওপৰত ভৰসা কৰি দৈনিক বিপদ সংকুল যাত্ৰা কৰিব লগা হোৱাত জমৰ-যাতনা ভূগিব লগা হৈছে। উল্লেখ্য যে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ উত্তৰ ফালেদি বৈ যোৱা তথা হাস্পতালৰ গাতে লাগি থকা ১০০ মিটাৰ আঁতৰত চাউলখোৱা নদীৰ এই পাৰঘাটেদি দৈনিক শ শ ছাত্ৰ-ছাত্ৰী, ৰোগী আৰু ৰোগীৰ আত্মীয়ই এনেদৰে যাতায়ত কৰিব লগা হৈছে। চৰকাৰ তথা কোনো এজন জনপ্ৰতিধিয়েই যাতায়তৰ সুব্যৱস্থা কৰি নিদিয়াত এইদৰেই সৰু টুলুঙীয়া নাৱেৰে মানুহৰ লগতে বাইক আৰু চাইকেলসহ মৰণত শৰণ দি নদী পাৰ হ’বলগীয়া হৈছে। দৈনিক প্ৰায় ১৫০০ মানুহ অহা-যোৱা কৰা এইখন নদীত দীৰ্ঘ দিনৰপৰা এখন পকী দলং নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে দাবী উত্থাপন কৰি আহিছে। কিন্তু কোনেও কাণ-সাৰ নিদিয়াত ১০০ মিটাৰ আঁতৰত থকা চিকিৎসালয়লৈ নদী পাৰহৈ যাওতে ২-৩ ঘণ্টা সময় লাগে। সম্প্ৰতি দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা ধানবান্ধা অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে অতি শীঘ্ৰে ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ উত্তৰ ফালে থকা চাউলখোৱা নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰি দিবলৈ চৰকাৰৰ ওচৰত স্থানীয় ৰাইজে দাবী জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close