অসম

দুলীয়াজানৰ আপকুৰ ৰূপালী জয়ন্তী বৰ্ষ অনুষ্ঠান

প্ৰথম খবৰ, কাকপথাৰ : দুলীয়াজানত অনুষ্ঠিত হৈ থকা আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়নৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানৰ আজি অন্তিম দিনাৰ অন্তিম কাৰ্যসূচী মুকলি সভা আৰু কেইবাটাও বিভিন্ন বটাঁ প্ৰদান কাৰ্যসূচী অনুস্থিত হয় ৷ আপকুৰ সভাপতি মনোজ সিংৰ সঞ্চালনত আৰম্ভ হোৱা সভাত আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈ, সাংবাদিক সঞ্জীৱ ফুকন, বেদব্ৰত বৰা, নৱ ঠাকুৰীয়া অইলৰ মুখপাত্ৰ ত্ৰিদিৱ হাজৰিকাকে ধৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷ চৰাইদেউ জিলা আপকুৰ দ্বাৰা প্ৰৱৰ্তিত ‘ৰিতামালা দত্ত সোঁৱৰণী সদৌ অসম মহিলা সাংবাদিকতা বটাঁ’ লাভ কৰিবলৈ সক্ষম হৈছে বিশিষ্ট সাংবাদিক,সমালোচক,নন্দিনীৰ সম্পাদিকা মাইনী মহন্তই আৰু বিশ্বনাথ জিলা আপকুৰ দ্বাৰা প্ৰৱৰ্তিত ‘বুধিন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী সদৌ অসম ইলেক্ট্ৰনিক মিডিয়া বটাঁ’ লাভ কৰিবলৈ সক্ষম হল নিউজ লাইভৰ ৰাজনৈতিক সম্পাদিকা ছায়াঁমণি ভূঞাই লাভ কৰাৰ লগতে আপকুৰ দ্বাৰা প্ৰৱৰ্তিত ‘উচ্চ কমল চেতিয়া সোঁৱৰণী সাংবাদিকতা বটাঁ’ লাভ কৰিছে ডিব্ৰুগড় জিলাৰ মৰাণৰ অসমীয়া প্ৰতিদিন কাকতৰ সংবাদদাতা যদুনাথ পুৰীয়ে ৷ উক্ত অনুষ্ঠানত সমগ্ৰ অসমৰ প্ৰায় ২৫০ জন সংবাদকৰ্মীয়ে উপস্থিত থাকে বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে ৷

Related Articles

Leave a Reply

Close