যুৱশীৰ্ষৰাষ্ট্ৰীয়

দুহাতেৰে লিখিবলৈ শিকোৱা আমাৰ বিদ্যালয়

শিলাদিত্য বৰ্মন

আপুনি বাৰু কোনখন হাতেৰে লিখে?সোহাতেৰে লিখাত সিদ্ধহস্ত বহুলোকে পিচে বাওহাতেৰে এটা শব্দও লিখা দেখা পোৱা নাযায়। কিন্তু
আপোনাৰ সন্তানেও হয়তো কেতিয়াও দুয়োখন হাত ব্যৱহাৰ কৰি লিখা মেলা কৰা দেখা নাই। মহাভাৰতৰ সব্যসাচীৰ ধাৰণা হয়তো
এতিয়াৰ বহু ছাত্ৰ-ছাত্ৰীয়ে নাজানিব পাৰে, কিন্তু তেনে এক ধাৰণাৰে এখন বিদ্যালয় আছে আমাৰ দেশ ভাৰততে। বীণা বন্দিনী
পাব্লিক স্কুল নামৰ বিদ্যালয়খনৰ প্ৰায়সংখ্যাক ছাত্ৰ-ছাত্ৰীয়ে দুয়োখন হাতেৰে লিখিব পাৰে। এই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে
বিদ্যালয়লৈ আহোতে দুটাকৈ কলম লৈ আহে। লিখেও দুই হাতেৰে খৰটকীয়াকৈ। আচলতে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছে ভিপি শৰ্মা
নামৰ এজন অৱসৰপ্ৰাপ্ত সৈনিকে। ১৯৯৯ চনৰ ৮ জুলাইত মধ্যপ্ৰদেশৰ বুদ্ধেলা নামৰ গাওঁখনত এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰা
হৈছিল। এই বিদ্যালয়খন স্থাপনৰ আঁৰৰ কথা ব্যক্ত কৰি প্ৰতিষ্ঠাপক শৰ্মাই কৈছে- ”বাছত ভ্ৰমণ কৰি থাকোতে এখন আলোচনীত
পঢ়িছিলো য়ে, দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে দুই হাতেৰে লিখিব পাৰিছিল। এই কথাটো পঢ়িয়ে এনে এখন বিদ্যালয় স্থাপনৰ
কথা মনলৈ আহিছিল। সেই কাৰণে মোৰ নিজৰ গাঁৱতে এই বিদ্যালয়খন স্থাপনৰ উদ্যোগ লওঁ।” এতিয়া প্ৰায় অষ্টম শ্ৰেণীলৈকে
অধ্যয়নৰ সুবিধা থকা এই বিদ্যালয়খনৰ প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীৰ দুই শতাধিকে সুন্দৰকৈ দুই হাতেৰে লিখিব পাৰে। আনকি,
বিদ্যালয়খনৰ ৪৫ মিনিটৰ একোটা শ্ৰেণীত ১৫ মিনিটকৈ লিখিবলৈ অভ্যাস কৰোৱা হয়। এতিয়া মধ্য প্ৰদেশৰ বুদ্ধেলা গাঁৱৰো প্ৰায় ১৫
কি.মি নিলগত এই বিদ্যালয়খনে সুকীয়া পৰিচিতিৰে জিলিকি উঠিছে। পিছে আমাৰ অসমীয়াতো এষাৰ কথা আছে, অভ্যাসৰ নৰ,
কৰ্ণপথে কৰে শৰ, গতিকে, অভ্যাসৰ জৰিয়তে অসম্ভৱ যেন লগা বহু কথাই যে সম্ভৱ কৰি তুলিব পাৰি, সেই কথাও প্ৰমাণ কৰিছে
বিদ্যালয়খনৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে।
-‘পত্ৰিকা’ৰ সৌজন্যত

Tags

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close