অসম

দৰঙত প্ৰাক্তন আলফা ঐক্যমঞ্চ গঠন

প্ৰথম খবৰ, দলংঘাট দৰং: আলোচনাপন্থী আলফা নেতা তথা আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই প্ৰাক্তন আলফা সদস্য সকলক একলগ কৰি আলফাৰ আলোচনাপন্থী গোটটিয়ে চৰকাৰৰ লগত যি আলোচনা প্রক্রিয়া চলায় আছে তাৰ লগত প্ৰাক্তন আলফা সদস্য সকলকো চামিল কৰাৰ লগতে প্ৰাক্তন আলফা সদস্য সকলৰ যিবিলাক সমস্যাত পৰি আছে তাক একলগ হৈ গনতান্ত্ৰিকভাৱে যাতে সমাধান কৰিব পাৰে তাৰ প্ৰচেষ্টা অব্যাহত ৰাখি গঠন কৰা প্ৰাক্তন আলফা ঐক্যমঞ্চৰ দৰং জিলা সমিতিখন গঠন কৰে। ৩১ জনীয়া সমিতিখনত সভাপতি বিনয় কুমাৰ নাথ, উপসভাপতি ৰমাকান্ত ডেকা,  দেবেন মেধি, ধৰ্মেশ্বৰ নাথ, সাধাৰণ সম্পাদক ডিম্বেশ্বৰ ডেকা, সম্পাদক হৰি চহৰীয়া, যোগেশ দত্ত, চহিদুৰ ৰহমান,  সাংগঠনিক সম্পাদক দিলিপ ডেকা, চন্দ্ৰন ডেকা, উপেন দাস, সাংস্কৃতিক সম্পাদক দিলিপ কাকতি, প্ৰচাৰ সম্পাদক দুস্মন্ত নাথ, বিত্তীয় সম্পাদক দানেশ্বৰ ডেকা, কাৰ্যালয় সম্পাদক সীতানন্দ্ৰ ডেকা সহ সভাখনত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সভাপতি কল্পজ্যোতি নেওঁগ, সম্পাদক লোহিত দেউৰি আলোচনাপন্থী আলফা নেতা প্ৰদীপ গগৈ, প্ৰানজিৎ শইকীয়া।

Related Articles

Leave a Reply

Close