অসম

‘নিউজ লাইভ’ৰ জ্যেষ্ঠ সাংবাদিক ছাঁয়ামনি ভূঞালৈ ‘আপকু’ৰ বঁটা

প্ৰথম খবৰ, নাহৰকটীয়া: ৰাজ্যৰ মফচলীয় সাংবাদিকৰ সংগ্ৰামী মঞ্চ ‘আপকু’এ অহা ২৯,৩০ এপ্ৰিলত দুলীয়াজানত অনুষ্ঠিত হ’ব লগা ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এইবছৰৰ পৰা প্ৰৱৰ্তন কৰিছে সংগঠনটোৰ অন্যতম প্ৰতিষ্ঠাপক ‘বুধিন্দ্ৰ নাথ হাজৰিকা সোঁৱৰণী ইলেকট্ৰনিক মিডিয়া সাংবাদিকতা বঁটা’। এই বঁটা আগবঢ়োৱা হৈছে নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক ছাঁয়ামনি ভূঞাক। বঁটাত থাকিব নগদ দহ হাজাৰ টকা, এখন প্ৰশস্তি পত্ৰ, জাপি, গামোছা, চেলেং আদি । ৩০ এপ্ৰিলত এই বঁটা দুলিয়াজানত প্ৰদান কৰা হ’ব ।

Related Articles

Leave a Reply

Close