বিনোদন

পুনমৰ এপত গুগলৰ তলা

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী পুনম পাণ্ডে গুগলৰ ওপৰত ক্ষূুণ্ণ হৈ পৰিছে। কিয়নো গুগলে প্লেষ্টোৰৰ পৰা পুনৰবাৰ নিষিদ্ধ কৰিছে পুনম পাণ্ডেৰ এপ। উল্লেখ্য যে ১৭ এপ্ৰিলত পুনম পাণ্ডে মুকলি কৰিছিল তেওঁৰ এপটো। কিন্তু প্লেষ্টোৰত মুকলি কৰি দিয়াৰ পিছতে গুগলে বন্ধ কৰি দিয়ে পুনম পাণ্ডেৰ এপটো। এই সম্পৰ্কত পুনম পাণ্ডে এক টুইটযোগে জনাইছে-

মই নাজানো কিয় তেওঁলোকে এনেকুৱা কৰিছে। মই প্লেষ্টোৰত বহুতো এডাল্ট আলোচনীত দেখিছোঁ। কিন্তু আচৰিত কথাটো হ’ল গুগল প্লেষ্টোৰে মোৰ এপ বন্ধ কৰি দিছে কিন্তু মোৰ এপটোত কোনো ধৰণৰ নগ্নতাও নাই।

পুনম পাণ্ডেৰ এপ বন্ধ কৰি দিয়া সম্পৰ্কত গুগল ইণ্ডিয়াই এই পৰ্যন্ত কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই। উল্লেখ্য যে প্লেষ্টোৰত এপটো বন্ধ কৰিলেও পুনম পাণ্ডেত অফিচিয়েল ৱেবছাইট poonampandey.inৰ পৰা ডাউনলোড কৰিব পাৰি বিতৰ্কিত এপটো।

 

Related Articles

Leave a Reply

Close