থোৰতেশীৰ্ষ

পেঙেৰীৰ পথত বন্যহস্তীয়ে খাৱৈত বগৰালে মাৰুতি ভান

প্ৰথম খবৰ, পেঙেৰী: তিনিচুকীয়া জিলাৰ ডিগবৈ পেঙেৰী পথত আজি দিনৰ ভাগত বন্যহস্তীৰ আক্ৰমণত এখন যাত্ৰীবাহী মাৰুতি ভান দুঘৰ্টনাগ্ৰস্ত হৈ পথৰ দাঁতিৰ খাৱৈত বাগৰি পৰে৷ জানিব পৰা মতে, AS23N 9971 নম্বৰৰ যাত্ৰীবাহী মাৰুতি ভানখন দুজনকৈ যাত্ৰীসহ ডিগবৈৰপৰা পেঙেৰী অভিমুখে গৈ থকা অৱস্থাত মাজ বাততে এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে আক্ৰমণ কৰে৷ হাতীৰ আক্ৰমণত গাড়ীখন পথৰ দাঁতিৰ খাৱৈত বাগৰি পৰে৷ আনহাতে আক্ৰমণ সংঘটিত কৰিয়েই হাতীটো বনাঞ্চলত প্ৰৱেশ কৰে৷ অৱশ্যে গাড়ীখনৰ চালকসহ দুয়োজন যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰে৷ ঘটনা সংঘটিত হোৱামাত্ৰকে ঘটনাস্থলীলৈ আৰক্ষী বাহিনী আহি গাড়ীখন উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে৷ উল্লেখ্য যে পূৰ্বেও পেঙেৰী-ডিগবৈ পথত অনুৰূপ ঘটনা সংঘটিত হৈ আহিছে৷

Related Articles

Leave a Reply

Close