অসমবঙাইগাঁও

“প্ৰথম খবৰ”ৰ বাতৰিৰ প্ৰভাৱ, আমছুৰ পৰা নিলম্বন আমিনুৰ

প্ৰথম খবৰ, বঙাইগাঁও ব্যুৰ’: শুকমানাহ আঞ্চলিক আমছুৰ সাধাৰণ সম্পাদক আমিনুৰ ৰহমানে ফেচবুকত কামাখ্যা মন্দিৰ সম্পৰ্কে কৰা আপত্তিজনক মন্তব্যৰ বাতৰি “প্ৰথম খবৰ”ত প্ৰকাশ হোৱাৰ পিছতে আমছুৰ কেন্দ্ৰীয় সম্পাদকে তৎকালীনভাৱে আমছুৰ পৰা নিলম্বন কৰিছে আমিনুৰ ৰহমানক ৷ শংকৰ-আজানৰ দেশত সাম্প্ৰদায়িকতাৰ কোনো স্থান নাই বুলি উল্লেখ কৰি যিকোনো সাম্প্ৰদায়িক মন্তব্যক আমছুৱে বিৰোধিতা কৰি যাব বুলি স্পষ্ট কৰি দিয়ে আমছুৰ কেন্দ্ৰীয় সম্পাদকে ৷ ইপিনে আমিনুৰ ৰহমানে তেওঁৰ ফেচবুক হেক হোৱা বুলি অভিযোগ তুলি আজি ভৱানীপুৰ থানাত এজাহাৰ দাখিল কৰে । অৱশ্যে এয়া বিপদৰ পৰা বাচিবলৈ আমিনুৰৰ নাটক বুলি একাংশই মন্তব্য কৰিছে ৷

Related Articles

Leave a Reply

Close