অসম
বাক্সাত তীৰ- আই পি এলৰ জুৱা

প্ৰথম খবৰ, শালবাৰী: বাক্সাৰ জিলাৰ আনন্দ বজাৰ উপ আৰক্ষী চকীৰ অন্তৰ্গত বৃহত্তৰ সাউদৰভিঠা, লেচেৰা , গাতি আদি অঞ্চলত দিনক দিনে তীৰ, জুৱা খেলকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপ বৃদ্ধি হোৱা দেখা গৈছে। উক্ত অঞ্চলসমূহত দৈনিক তীৰ খেলৰ নম্বৰ বিক্ৰী কৰি সাধাৰণ ৰাইজৰ পৰা কেইবাজনো এজেন্টে লাখ লাখ টকা লুট কৰাৰ অভিযোগ উঠিছে। উক্ত অঞ্চলকেইটাত তীৰ জুৱা খেল চলি থকাৰ উপৰিও এচাম অসাধু চক্ৰৰ নেতৃত্বত প্ৰত্যেক দিনাই চলি আছে আই পি এল জুৱা। সম্প্ৰতি তীৰ আৰু আই পি এল জুৱা খেলৰ প্ৰয়োভৰে যুৱ প্ৰজন্ম ধ্বংসৰ পথলৈ গতি কৰিছে যদিও স্থানীয় প্ৰশাসনে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।