অসম

বিলুপ্তিৰ পথত শগুন পক্ষী, প্ৰকৃতি প্ৰেমীৰ উদ্বেগ: মাৰাত্মক ডাইক্লফিনাক ঔষধৰ কুপ্ৰভাৱ

প্ৰথম খবৰ, উজনি মাজুলী: বাৰিষাৰ বৰষুণ জাক অহাৰ লগে লগে পথাৰৰ মাজত থকা ডাঙৰ গছ বিলাকৰ তলত সততেই দৃষ্টি গোচৰ হয় প্ৰকৃতি জগতৰ দক্ষ জামাদাৰ শগুন পক্ষী। এই শগুন পক্ষীকুলৰ অন্তৰ্ধান সম্পৰ্কে প্ৰকৃতি প্ৰেমী আৰু একাংশ চিকিৎসক,গৱেষকে মত প্ৰকাশ কৰি কয় যে ডাইক্লফিনাক দৰৱৰ বাবেই এই পক্ষীকুলৰ অস্তিত্ব সংকটজনক হৈছে। পশু চিকিৎসাৰ খাতিৰত ব্যৱহাৰ কৰা এই ডাইক্লফিনাক ঔষধৰ নেতিবাচক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ২০০৬ বৰ্ষৰ পৰা এই ডাইক্লফিনাক ঔষধ উৎপাদন প্ৰক্ৰিয়াত স্থাগিতাদেশ জাৰি কৰিছিল যদিও এই মাৰাত্মক ঔষধ পশু চিকিৎসাৰ ক্ষেত্ৰত গোপনে এচাম পশু চিকিৎসক, ব্যৱসায়ীয়ে ব্যৱহাৰ কৰি অহাৰ সমসাময়িক ভাৱে ইয়াৰ কু-ফলৰ জৰিয়তে আক্ৰান্ত হয় শগুন পক্ষী। উল্লেখ্য যে, এই ঔষধ প্ৰয়োগ কৰা পশুৰ মৃত্যুৰ ৭২ ঘন্টাৰ ভিতৰত মৃত পশুৰ মাংস ভক্ষণ কৰা শগুন নিশ্চিত ভাৱে মৃত্যু মুখত পৰে বুলি আমাক এজন দক্ষ পশু চিকিৎসকে জানিবলৈ দিয়ে। ১৯৯০ চনৰ তুলনাত অসমৰ লগতে সমগ্র ভাৰতবৰ্ষত এশ শতাংশ শগুণ বিলুপ্তি ঘটিছে বুলি প্ৰকৃতি প্ৰমীৰ মাজত প্ৰকাশ । বম্বে নেচাৰেল হিষ্টি ছ’চাইটিয়ে অসম বন বিভাগৰ সহযোগত শগুন সংৰক্ষণ আৰু প্ৰজনন কেন্দ্র সমূহে ৩০ হাজাৰ বৰ্গ কিলোমিটাৰৰ ৯ খন জিলাত শগুন সংৰক্ষণ পদক্ষেপ ২০১৩/১৪ বৰ্ষত হাতত লৈছিল যদিও আজি সেয়া অসাৰ প্ৰচেষ্টা আছিল বুলি মন্তব্য কৰিছে প্ৰকৃতি প্ৰেমী সকলে। যান্ত্ৰীকতাত সৰ্বস্ব হেৰুৱাই মানৱ সমাজে প্ৰকৃতি সমাজলৈ ভাবিবলৈ অৱকাশ ক’ত বুলি সচেতন মঞ্চই দাবী কৰে। বিশ্বৰ সৰ্ববৃহত নদী দ্বীপ মাজুলীৰ চৰাইচুঙ, হাতীপৰা, কদৈগুৰি ,মেৰাগড়, ধনাই চাপৰি সমূহত গতবৰ্ষ বোৰত দুই – এটা শগুন দেখা পোৱা গৈছিল যদিও এই বছৰ এটাও পৰিলক্ষিত হোৱা নাই।

 

 

Related Articles

Leave a Reply

Close