খেলশীৰ্ষ

বিশ্বৰ আটাইতকৈ ধনী ১০ ক্ৰিকেটাৰ

ডেভিদ চুতীয়া
টি-২০ ক্ৰিকেটৰ আগমনৰ পিছত বিশ্বৰ বহু আগশাৰীৰ দেশে ক্ৰিকেট খেলাৰ বাবে আগবাঢ়ি আহিছে। ই ক্ৰিকেটৰ বাবে শুভ লক্ষণ। আই পি এলৰ আৰ্হিত আন দেশতো ঘৰুৱা প্ৰতিযোগিতা আৰম্ভ হৈছে। BBL, BPL, CPL আদি হ’ল উদাহৰণ।
ক্ৰিকেটৰ জন্মস্থান যদিও ইংলেণ্ড তথাপি কিন্তু ভাৰতত ক্ৰিকেট সকলোতকৈ জনপ্ৰিয় খেল। বিশ্ব ক্ৰিকেটত দপদপাই থকা দেশকেইখনৰ ভিতৰত নাম ল’লে আমি পাওঁ ভাৰত, অষ্ট্ৰেলিয়া, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, নিউজিলেণ্ড, পাকিস্তান আদিৰ নাম। সামগ্ৰিকভাৱে খেলুৱৈৰ পাৰিশ্ৰমিকৰ কথা আহিলে নিঃসন্দেহে ভাৰতৰ খেলুৱৈসকলক আগস্থান দিব লাগিব। হয়, ক্ৰিকেটত ভাৰতৰ খেলুৱৈসকলে বিশ্বৰ আন ক্ৰিকেট খেলা দেশতকৈ বেছি পৰিমাণে সা-সুবিধা লাভ কৰে। গতিকে নিঃসন্দেহে বিশ্বৰ ধনী ১০গৰাকী খেলুৱৈৰ ভিতৰত ভাৰতৰ খেলুৱৈয়ে অধিক স্থান লাভ কৰিব। গতিকে এটা সমীক্ষাত এই তথ্য প্ৰকাশ পাইছে। তেওঁলোক হ’ল-
10. ৰাহুল দ্ৰাবিড়

২২.৬ নিযুত ডলাৰেৰে তেওঁ দশম স্থান অধিকাৰ কৰিছে। উল্লেখযোগ্য যে তেওঁ ভাৰতৰ প্ৰাক্তন অধিনায়কৰ লগতে বৰ্তমান অনূৰ্ধ্ব ১৯ ভাৰতীয় জাতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰি আছে।
‘দ্য ৱাল’খ্যাত দ্ৰাবিড় হ’ল বিশ্বৰ টেষ্ট খেলা সকলো দেশৰ সৈতে শতক অৰ্জন কৰা প্ৰথমজন খেলুৱৈ। পদ্মভূষণ আৰু পদ্মশ্ৰীৰ সন্মানেৰে বিভূষিত হ’ল তেওঁ।
9. যুৱৰাজ সিং

৩৫.৫ নিযুত ডলাৰেৰে তেওঁ এই তালিকাৰ নৱম স্থান অধিকাৰ কৰিছে। ২০১১ৰ বিশ্বকাপ ক্ৰিকেটৰ মেন অব্ দ্য টুৰ্ণামেণ্টৰ লগতে ২০০৭ৰ প্ৰথম টি-২০ বিশ্বকাপত এক অভাৰত ৬টা বলতেই ছিক্সাৰ কোবাইছিল যুৱৰাজে। আই পি এলৰ ইতিহাসত ২০১৪ আৰু ২০১৫ ছিজনত সৰ্বাধিক পাৰিশ্ৰমিক ১৪ আৰু ১৬ কোটি টকা পোৱা একমাত্ৰ খেলুৱৈ।
8. বীৰেন্দ্ৰ ছেহৱাগ

৪০ নিযুত ডলাৰেৰে তেওঁ তালিকাৰ অষ্টম স্থানত আছে। বিস্ফোৰণ অ’পেনাৰ হিচাপে জনাজাত ছেহৱাগ হ’ল ভাৰতৰ প্ৰথম টেষ্ট মেছত ত্ৰিশতক অৰ্জন কৰা খেলুৱৈ। আই পি এলৰ দল দিল্লী ডেয়াৰডেভিলছৰ প্ৰথম চাৰিটা ছিজনৰ অধিনায়ক হিচাপে দায়িত্ব পালন কৰিছিল তেওঁ।
7. শ্বেন ৱাটশ্বন
৪০.১ নিযুত ডলাৰেৰে তেওঁ সপ্তম স্থান অধিকাৰ কৰিছে। ৱাটশ্বন অষ্ট্ৰেলিয়া জাতীয় দলৰ অল ৰাউণ্ডাৰ আছিল। তেওঁ ভাৰতৰ ঘৰুৱা প্ৰতিযোগিতা আই পি এলতো অংশগ্ৰহণ কৰিছিল। ২০০৯ চনৰ ছিজনত ৭.৪ কোটি টকাত বিক্ৰী হোৱা প্ৰথম বিদেশী খেলুৱৈ আছিল।
6. শ্বাহিদ আফ্ৰিদী
৪১ নিযুত ডলাৰেৰে বিশ্বৰ ৬ নম্বৰ আৰু পাকিস্তানৰ এক নম্বৰ ধনী খেলুৱৈ হ’ল শ্বাহিদ আফ্ৰিদী। আই পি এলৰ প্ৰথম সংস্কৰণত তেওঁ অংশগ্ৰহণ কৰিছিল। বিশ্বৰ প্ৰায় সকলো টি-২০ লীগত তেওঁ অংশগ্ৰহণ কৰিছে।
5. শ্বেন ৱাৰ্ণ
৫০ নিযুত ডলাৰেৰে ৱাৰ্ণ হ’ল পঞ্চমগৰাকী ধনী খেলুৱৈ। প্ৰাক্তন অষ্ট্ৰেলিয়া জাতীয় দলৰ এগৰাকী মহান ক্ৰিকেটাৰ ১০০০ আন্তঃৰাষ্ট্ৰীয় উইকেট দখলৰ কৃতিত্ব। আই পি এল দল ৰাজস্থান ৰয়েলছৰ প্ৰথম বৰ্ষৰ উদ্বোধনী ছিজনৰ অধিনায়কৰ লগতে প্ৰশিক্ষক আছিল। ২০০৪ চনত তেওঁৰ নেতৃত্বতে ৰাজস্থান ৰয়েলছ চেম্পিয়ন হৈছিল।
4. বিৰাট কোহলী
৫৩ নিযুত ডলাৰেৰে বৰ্তমান ভাৰতীয় জাতীয় দলৰ অধিনায়কজন আছে চতুৰ্থ স্থানত। Ran Machine, Chess Man হিচাপে খ্যাতি লাভ কৰিছে তেওঁ অনূৰ্ধ্ব ১৯ৰ ২০০৮ চনত সন্মুখৰ পৰা নেতৃত্ব দি চেম্পিয়ন কৰাইছিল। আই পি এলৰ ২০১৬ চনত তেওঁ ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু ফাইনেল খেলিবলৈ সক্ষম হৈছিল। মুঠ চাৰিটা শতক কৰিছিল এটা ছিজনত। আই পি এলত ৪০০০ ৰাণ সম্পূৰ্ণ কৰা প্ৰথম খেলুৱৈ হ’ল তেওঁ। ২০১১ চনৰ বিশ্বকাপ ২০১৩ৰ চেম্পিয়নছ ট্ৰফীত উন্নত প্ৰদৰ্শন আগবঢ়াইছিল। বিৰাট কোহলীৰপৰা ভাৰতৰ ক্ৰিকেট অনুৰাগীয়ে আৰু বহুতো সফলতা আশা কৰে।
3. ৰিকি পণ্টিং
৬৫ নিযুত ডলাৰেৰে ৰিকি পণ্টিং হ’ল বিশ্ব ক্ৰিকেটৰ তৃতীয় ধনী খেলুৱৈ। অষ্ট্ৰেলিয়া জাতীয় দলৰ সবাতোকৈ সফল অধিনায়ক তেওঁ। বিশ্বকাপ ২০০৩ আৰু ২০০৭ত তেওঁৰ নেতৃত্বতে লাভ কৰিছিল। ক্ৰিকেটৰ তিনিওটা সংস্কৰণতে সৰ্বমুঠ ৩২৪ মেছত নেতৃত্ব দিছিল। এইটো এটা অভিলেখ।
2. মহেন্দ্ৰ সিং ধোনী
১০৩ নিযুত ডলাৰেৰে মহেন্দ্ৰ সিং ধোনী হ’ল বিশ্ব ক্ৰিকেটৰ দ্বিতীয় ধনী ক্ৰিকেটাৰ। এম এছ ধোনী হ’ল ভাৰতৰ সকলোতকৈ সফল অধিনায়ক। তেওঁৰ নেতৃত্বতে ভাৰতে টি-২০ বিশ্বকাপ ২০০৭ চন, এদিনীয়া বিশ্বকাপ ২০১১ চন আৰু চেম্পিয়ন ট্ৰফী ২০১৩ৰ লগতে টেষ্ট ক্ৰিকেটতো এক নম্বৰ স্থান অধিকাৰ কৰিছিল। ভাৰতৰ জাতীয় দলৰ অধিনায়ক হিচাপে তেওঁ ১০০ খন মেছ জিকাৰো বিৰল অভিলেখ ৰচে। আই পি এলৰ দল চেন্নাই ছুপাৰ কিংছৰ নেতৃত্ব বহন কৰি দুবাৰ দলটোক চেম্পিয়ন কৰাইছিল। ভাৰতৰ ক্ৰিকেট ইতিহাসত মহেন্দ্ৰ সিং ধোনীৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ হ’ব।
1. শচীন তেণ্ডুলকাৰ
১১৮ নিযুত ডলাৰেৰে ভাৰত ৰত্ন শচীন তেণ্ডুলকাৰ হ’ল বিশ্বৰ এক নম্বৰ ধনী ক্ৰিকেটাৰ। ১০০টা আন্তঃৰাষ্ট্ৰীয় শতক, এক বিৰল অভিজ্ঞতা তেওঁ কেৰিয়াৰত লাভ কৰিছিল। ভাৰতৰ সকলোতকৈ সফল ক্ৰিকেটাৰ হ’ল শচীন ৰমেশ তেণ্ডুলকাৰ। মুঠ ৬৬৪ খন আন্তঃৰাষ্ট্ৰীয় মেছত সৰ্বমুঠ ৩৪,৩৫৭ ৰাণ সংগ্ৰহ কৰি আন এক অভিলেখ ৰচি গৈছে। এদিনীয়া ক্ৰিকেটত দ্বিশতক কৰা প্ৰথমজন খেলুৱৈ হ’ল তেওঁ। ২০১১ৰ বিশ্বকাপ বিজয়ী দলটোৰ অন্যতম সদস্য হ’ল শচীন ৰমেশ তেণ্ডুলকাৰ। বহু সন্মানৰ গৰাকী হ’ল শচীন। আই পি এলত তেওঁ মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল। বৰ্তমান তেওঁ সেই দলৰে পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close