শীৰ্ষ

মঞ্চতে হুকহুকাই কান্দিলে জুবিনে

প্ৰথম খবৰ, বঙাইগাঁও: এজন শিল্পী,  যিজনে বন্ধুৰ মাতৃক জ্ঞান কৰে নিজৰ মাতৃৰূপে৷ আৰু বন্ধুৰ মাতৃৰ বিয়োগৰ বাতৰি পাই গীত গাই থকাৰ মাজতে হুকহুকাই কান্দি উঠিল জুবিন৷ জুবিন গাৰ্গ সকলোৰে কিয় মৰমৰ হয়তো সেয়া বহলাই ক’বৰ প্ৰয়োজন নাই৷ মাত্ৰ এদিন পূৰ্বে ‘মাজুলী’ গীতেৰে অসমত সুকীয়া স্থান লাভ কৰা নীলোৎপল বৰাক মঞ্চত উঠাই প্ৰশংসা কৰা, ‘নাহৰ’ শীৰ্ষক গীত গাই সকলোকে নাহৰ গছ ৰুবলৈ আহ্বান জনোৱা জুবিন মংগলবাৰে নিশা মৰিগাঁৱৰ বিহু মঞ্চত গীত গাই থকাৰ মাজতে হুকহুকাই কান্দি উঠে৷ জুবিনৰ এজন ভাল বন্ধু সুমন দুৱৰাৰ মাতৃৰ বিয়োগৰ দুখত এজন সৰু ল’ৰাৰ দৰেই হুকহুকাই কান্দে জুবিনে৷ কিছুসময়ৰ বাবে এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয় বিহুতলীত৷ পত্নী গৰিমা শইকীয়া গাৰ্গে দিয়ে সান্ত্বনা৷ জুবিনৰ কান্দোনে এক আৱেগিক পৰিৱেশৰ সৃষ্টি কৰে দৰ্শকসকলৰ মাজত৷ একাংশ দৰ্শকে চকুলো টোকাও পৰিলক্ষিত হয়৷ অৱশ্যে পিছত পুনৰ গীতৰ অনুষ্ঠান আৰম্ভ কৰে জুবিনে৷

Tags

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close