থোৰতে

মানাহ ৰাষ্ট্ৰীয় উদ্যানত দুটা চোৰাংচিকাৰী গ্ৰেপ্তাৰ

লৱ কুমাৰ দাস, প্ৰথম খবৰ: বাক্সাৰ শিমলা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুটাকৈ চোৰাং চিকাৰী। ধৃত চিকাৰী দুটাৰ নাম বোন্দা বসুমতাৰী আৰু সোমনাথ বসুমতাৰী। দুয়োজনৰে জিম্মাৰপৰা এটা হাতে সজা বন্দুক জব্দ। সম্প্ৰতি শিমলা আৰক্ষীয়ে দুয়োৰে জেৰা অব্যাহত ৰাখিছে। দীৰ্ঘদিন ধৰি মানাহত জীৱ জন্তু নিধন কৰি অহাৰ অভিযোগ দুয়োৰে বিৰুদ্ধে। ইফালে, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত গড়ঁৰ আক্ৰমণত বানী সাহা নামৰ এগৰাকী মহিলা নিহত হৈছে। মানাহত গৰু চৰাবলৈ গৈ মহিলাগৰাকীয়ে এনেদৰে কৰুণ মৃত্যুক আঁকোৱালি লয়। মহিলাগৰাকীৰ ঘৰ মানাহৰ সমীপৰ কলনি মায়ংপাৰাত।

Related Articles

Leave a Reply

Close