কবিতা

সাৰে আছানে অসমীয়া

মমীতা গগৈ
সাৰে আছানে অসমীয়া তুমি
শুনিছানে তুমি অসমৰ স্বাধীনতা গান।
পাইছানে তুমি নিৰীহ জনতাৰ
গগন ফলা চিঞৰ,’আমাক মুক্তি লাগে’
পাৰিবানে আগুৱাব মুক্ত প্ৰাণেৰে।

চেনেহৰ ভাই-ভনী, আই কি বোপাই
কোনো বাদ পৰা নাই,
আজলী গাভৰু জনীও ধৰ্ষিতা হ’ল
পাইছানে দেখা তুমি অসমীয়া,
উৰুখা পঁজাৰ মৰিশালীৰ ৰূপ।
অনুভৱ জানো তুমি কৰিব পৰা নাই
কন্দুৱা- বাৰুদেৰে তোমাৰ ওপৰত
অহৰহ নিৰ্মম অত্যাচাৰ।

পংগু হ’ল বহু যুৱক
কিছু হেৰাল সময়ৰ খৰতকীয়া সোঁতত,
শুই পৰিল চিৰদিনৰ বাবে
সেউজী বিহগৰ বুকুত
জানো কিয় এনে নহয়…?
তেওঁলোকে হেনো এখন মুক্ত আকাশৰ
সেউজী অসমত জূয়াই থাকিব বিচাৰে
ইয়েই জানো অপৰাধ…?
ৰাষ্ট্ৰযন্ত্ৰৰ বৰ্বৰ সন্ত্ৰাসৰ ৰূপ দেখি
ভয় নাখাবা,নাযাবা পিছুৱাই।

আঁহা তুমি পুনৰ ওলাই আঁহা
মুক্ত মনৰ সাহসেৰে
অসমীয়া সাৰ পোৱাৰ লক্ষ্যৰে
সমন্বয়ৰ দেশ,জাতি,মাটি গঢ়াৰ
এক বৃহৎ মানসেৰে।

Related Articles

Leave a Reply

Check Also

Close
Close