অসম

সোৱনশিৰি নৈৰ পানী যুৱলীত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ: তীব্ৰ চাঞ্চল্য

প্ৰথম খবৰ বগীনদী :বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত ভীমপৰা ঘাটৰ সোৱনশিৰী নদীৰ পানী যুৱলীত এটা অচিনাক্ত যুবকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। তথ্য মতে , আজি পুৱা ৫ টা বজাত খৰি লুৰিবলৈ যোৱা পোনাৰাম নৰহ নামৰ ব্যক্তিজনে প্ৰথমে পানীৰ যুৱলীত মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় গাঁওবুঢ়াক খবৰ দিয়ে। গাঁওবুঢ়াই লগে লগেই বগীনদী আৰক্ষী থানাত জনাই। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ টো পানীৰ পৰা উদ্ধাৰ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰে। পিন্ধনত কলা পেন্ট পৰিহিত মৃতদেহৰ সোঁহাতত আছিল এডাল তামৰ খাৰু আৰু ককালত প্ৰায় দহ ফুট দৈঘ্যৰ এডাল প্লাষ্টিকৰ ৰছী বান্ধি থোৱা আছিল। ইয়াৰ উপৰিও মৃতদেহৰ পেন্টৰ পকেটত থকা এটা চামচুং মোবাইল ফোন উদ্ধাৰ কৰে আৰক্ষীয়ে। এই মোবাইলত থকা নম্বৰ এটাৰ আঁতধৰি মৃত যুবক জনৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। মৃত যুৱক জন, লখিমপুৰ জিলাৰ লীলাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত কাকৈ ৰাজগড়ৰ ৩নং বালিজান গাঁৱৰ পিয়ুৰ চাউৰাৰ পুত্ৰ ৰুবেল চাউৰা(৩৭)বুলি জানিব পৰা গৈছে। পৰিয়াল সুত্ৰে জানিব পৰা মতে মৃত ৰুবেল ছমাহমান পূৰ্বে অৰুণাচলৰ দাপৰিজোত গ্ৰীফ কোম্পানীত কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল। যদিও প্ৰায় ১৪ দিনৰ পৰা যুৱক জন পৰিয়ালৰ পৰা যোগাযোগ বিছিন্ন হোৱাৰ লগতে কৰ্ম্ম স্থানৰ পৰা নিখোঁজ হৈ আছিল। যুবক জন সন্ধানহীন হৈ থকা অৱস্থাত আজি হঠাৎ যুবক জনৰ মৃতদেহ সোৱনশিৰি নৈৰ পানী যুৱলীত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু যুবক জনৰ মৃত্যুৰ কাৰণ জানিবলৈ স্থানীয় ৰাইজ উদগ্ৰীৱ হৈ পৰিছে। এই বিষয়ত আৰক্ষীয়ে কেনেদৰে তদন্তৰ কাম আগুৱাই নিব আৰু যুবকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ আৰু ইয়াৰ আঁৰৰ ৰহস্য উদ্ধাৰ কৰিবলৈ কিমানদূৰ সক্ষম হব, সেয়া সময়েহে ক’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close