শীৰ্ষসাক্ষাৎকাৰ

সৌন্দৰ্যৰ চৰ্চাৰে চিনাকি হৈ পৰা মালা মহন্তৰ সৈতে এখন্তেক

সাক্ষাৎগ্ৰহণঃ জোনমণি জোনাক দাস

অসমৰ সৌন্দৰ্য চৰ্চাৰ জগতখনত এক বিশেষ স্থানৰ গৰাকী তথা এক বিশেষ মাত্ৰা প্ৰদান কৰাত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়োৱা বলিষ্ঠ নাৰীগৰাকীয়েই হ’ল মালা মহন্ত ভূঞা। তেওঁৰ জীৱন তথা কেৰিয়াৰৰ বহুল পৰিক্ৰমাৰ বিষয়ে কিছু কথা জানিবলৈ প্ৰথম খবৰৰ হৈ বহিছিলো এক বাৰ্তালাপত। তেওঁৰ সৈতে আমাৰ সাক্ষাৎকাৰৰ পূৰ্ণপাঠ এনেধৰণৰ:

জোনমণি: আপোনাৰ জন্ম।

মালা মহন্তঃ মোৰ জন্ম গুৱাহাটীত।

জোনমণি: আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে।

মালা মহন্তঃ মই সন্দিকৈ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰো। তাৰ পিছত বিউটি থেৰেপিয়ান আৰু কছমেট’লজীৰ প্ৰাথমিক শিক্ষা গুৱাহাটীত গ্ৰহণ কৰো। ভাৰতৰ বিখ্যাত Hair Expert Jawed Habib তেওঁৰ পৰা চুলিৰ কাট (Hair Cut), মুম্বাইৰ মেকআপ আৰ্টিছ Cory Wailaৰ পৰা মেকআপ ট্ৰেনিং, Skin আৰু Hair ৰ বাবে Blossom Kochharৰ পৰা এলবাৰ্ড থেৰাপিৰ প্ৰশিক্ষণ লওঁ। মুম্বাইৰ আন এগৰাকী Hair Expert Pro Rajan (বৰ্তমান ঢুকাইছে) তেওঁৰ পৰাও প্ৰশিক্ষণ গ্ৰহণ কৰো।

জোনমণি: বিউটি থেৰাপিৰ প্ৰতি আগ্ৰহ কেনেকৈ জন্মিল?

মালা মহন্তঃ মই আগৰ পৰাই নিজকে সজাই ৰাখি ভাল পাওঁ। সন্দিকৈত পঢ়ি থাকোতে নতুন নতুন Hair Style কৰি গৈছিলো। তেতিয়া মোৰ ছিনিয়ৰ আৰু লগৰবোৰে সিহঁতকো চুলিৰ ডিজাইন কৰি দিবলৈ প্ৰায়েই খাটনি ধৰে আৰু মোক বহুত উৎসাহ দিয়ে এইটো প্ৰফেচনত কাম কৰিবলৈ। যিহেতু মোৰ ভীষণ চখ আছিল। সেয়ে ঘৰত কথাটো কোৱাত কোনেও বাধা দিয়া নাছিল।

জোনমণি: প্ৰথম অৱস্থাত ঘৰৰ তথা পৰিয়ালৰ পৰা বাধা পাইছিল নেকি?

মালা মহন্তঃ মায়ে গুৱাহাটী বিশ্ববিদ্যালয়ত এম এ পঢ়াটো বিচাৰিছিল যদিও বিউটি থেৰাপিৰ প্ৰতি মোৰ আগ্ৰহ দেখি কোনো বাধা দিয়া নাছিল। দেউতাই মোক পূৰ্ণ সমৰ্থন কৰিছিল।

জোনমণি: আপুনি বাতৰি কাকততো লেখা-মেলা কৰিছিল। লেখা জীৱনৰ আৰম্ভণি কেনেদৰে ঘটিল?

মালা মহন্তঃ ১৯৯৯ চনত অজিত কুমাৰ ভূঞাৰ সম্পাদনাত ‘নতুন সময়’ কাকতত প্ৰথম লিখিবলৈ আৰম্ভণি কৰো। তাৰ পিছত তেওঁলোকৰেই ‘আজি’ নামৰ কাকতখনৰ ‘দেওবৰীয়া শিতান’ত বিউটি থেৰাপিৰ ওপৰত প্ৰশ্নোত্তৰ শিতানত মই উত্তৰ দিওঁ। সেই শিতানটোৰ পৰাই আচলতে মই বেছিকৈ জনপ্ৰিয়তা লাভ কৰিলো আৰু বৃত্তিটোক প্ৰফেচনেলি আগবঢ়াই নিয়াত গুৰুত্ব দিওঁ।

জোনমণি: আপোনাৰ কেৰিয়াৰটো গঢ়াৰ ক্ষেত্ৰত টাৰ্ণিং পইণ্ট কোনটো?

মালা মহন্তঃ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞাৰ লগত চিনাকি হোৱাটোৱে মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট। লেখা-মেলা তথা বিউটি থেৰাপিক বৃত্তি হিচাপে গঢ়াৰ ক্ষেত্ৰত গতিপথেই সলনি হৈ গ’ল তেওঁক লগ পায়।

জোনমণি: বৰ্তমান স্থানত উপনীত হোৱাত ক্ৰেডিট কাক দিব?

মালা মহন্তঃ বৰ্তমান মই যিটো স্থানত উপনীত হ’ব পাৰিছো তাৰ ক্ৰেডিট মই মোৰ Husband, মোৰ ছোৱালীজনী আৰু আৰম্ভণিৰ পৰা মোক ক্লিনিকলৈ সৌন্দৰ্য চৰ্চা কৰিবলৈ অহা মহিলাসকলক দিব বিচাৰো, যিসকলে মোক বিশ্বাস কৰি তেওঁলোকৰ ছাল, চুলি এৰি দিছিল।

জোনমণি: ড০ ভূপেন হাজৰিকা দেৱৰ প্ৰভাৱ আপোনাৰ জীৱনত কেনেদৰে পৰিছে?

মালা মহন্তঃ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞাৰ জৰিয়তেই মই লগ পাওঁ ডঃ ভূপেন হাজৰিকা দেৱক। ২০০০ চনত মোৰ বিউটি পাৰ্লাৰ ‘Imagic’ৰ বাবে শুভেচ্ছাবাণী আনিব গৈছিলো। তেওঁ লিখি দিছিল ‘মালা তুমি বিউটি পাৰ্লাৰ’ খুলিব খুজিছা অতি সুন্দৰ কথা। তোমাৰ এই প্ৰচেষ্টা তোমাৰ এই সৌন্দৰ্যবোধেৰে বিতোপন কৰি তোলা।ভূপেনদাৰ ভাষা, শব্দই মোক যথেষ্ট প্ৰেৰণা দিয়ে। মোৰ দায়িত্ব যেন বহু বাঢ়ি গ’ল এনে লাগে। ভূপেনদাই সদায় নাৰীক সন্মান কৰিব জানিছিল। নাৰীক সদায় প্ৰফচনেল হোৱাটো বিচাৰিছিল। তেওঁৰ প্ৰতিটো কথাই মোক জীৱনত বহুত প্ৰেৰণা দিয়ে।

জোনমণি: অসমত বিউটি থেৰাপিৰ সমাদৰ কেনেকুৱা?

মালা মহন্তঃ অন্য ঠাইৰ তুলনাত ইয়াতো আদৰ কম নহয় বুলি ভাবো। ১৯৯৭ চনৰ পৰা বৰ্তমানলৈকে প্ৰায় ২০ বছৰ হ’ল অসম, উত্তৰ-পূৰ্বাঞ্চল তথা বিদেশৰ পৰা ট্ৰেনিং ল’বলৈ আগবাঢ়ি আহিছে আৰু সকলোৱে বৰ্তমান সংস্থাপিত, আত্মনিৰ্ভৰশীল হৈ নিজৰ নিজৰ সংসাৰ চলাই আছে।

জোনমণি: মুঠ শিক্ষাৰ্থীৰ সংখ্যা কিমান হ’ব?

মালা মহন্তঃ ৫০০০ শিক্ষাৰ্থী ইতিমধ্যে ওলাই গৈছে। বৰ্তমান প্ৰত্যেক গ্ৰুপতে ৩০ জনীমানকৈ আছে। ইয়াত বিভিন্ন ক’ৰ্ছ আছে। যেনে- স্কিন, হেয়াৰ কাট, মেকআপ আৰু অন্যান্য। প্ৰত্যেক পাঠ্যক্ৰমৰ বিপৰীতে থকা বহুতো গ্ৰুপৰ শিক্ষাৰ্থীৰ সংখ্যা মিলালে বহুতো হ’ব।

জোনমণি: আপুনি আৰু কি কি কৰি ভাল পায়?

মালা মহন্তঃ মই অসমীয়াৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ আহাৰ ৰান্ধি আৰু খাই ভাল পাওঁ। গান শুনি ভাল পাওঁ। ভুপেনদাৰ গান মোৰ খুব প্ৰিয়। ডলী ঘোষ, বীৰেণ দত্ত ছাৰৰ গান ভাল পাওঁ আৰু জুবিনৰ গান বহুত ভাল পাও শুনি।

জোনমণি: বিউটি থেৰাপিৰ ওপৰত অসম চৰকাৰৰ আঁচনিৰ ক্ষেত্ৰত কওঁকচোন।

মালা মহন্তঃ আগতে বিউটি থেৰাপিৰ ওপৰত অসম চৰকাৰৰ কোনো আঁচনি নাছিল। বৰ্তমান সময়ত আহিছে। Skill Development প্ৰজেক্টত বিউটি থেৰাপি সংযুক্ত কৰা হৈছে। আমাৰ ক্লিনিকত সেই আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ চৰকাৰৰ ফালৰ পৰা আবেদন আহে। ইয়াৰ দ্বাৰা আৰ্থিকভাৱে দুৰ্বল এই পাঠ্যক্ৰমৰ প্ৰতি আগ্ৰহী মহিলাক কম খৰচত প্ৰশিক্ষণ দিয়া হয়। চৰকাৰী আঁচনিসমূহৰ পাঠ্যক্ৰমৰ বাবে বাতৰি কাকতত বিজ্ঞাপন দিয়া হয়।

জোনমণি: আপোনাৰ প্ৰকাশিত গ্ৰন্থখনৰ বিষয়ে জনাওকচোন।

মালা মহন্তঃ ২০০৩ চনত ‘ৰূপকথা’ নামেৰে বিউটি থেৰাপিৰ ওপৰত এখন কিতাপ লিখি প্ৰকাশ কৰো। আৰু কিতাপখনৰ শুভ উন্মোচন কৰে ড০ ভূপেন হাজৰিকাদেৱে। আৰু এখন কিতাপৰ কাম চলি আছে।

জোনমণি: আপুনি কি এৱাৰ্ড লাভ কৰিছিল?

মালা মহন্তঃ হয় মই Aastilva 2013/Women & Achiever of North East এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হওঁ।

জোনমণি: আপোনাৰ ফ্ৰেনছাইজী ক’ত ক’ত আছে?

মালা মহন্তঃ  গুৱাহাটীৰ ছয়মাইল, মৰিগাঁৱৰ মিৰ্জাত বৰ্তমান আছে। উজনি অসমতো কথা পাতি আছে।

জোনমণি: ‘বায়োমেজিক’ সম্পৰ্কত জনাওকচোন।

মালা মহন্তঃ ‘বায়োমেজিক’ সম্পূৰ্ণ প্ৰাকৃতিক সৌন্দৰ্য যতন। ২০০৮ চনত জন্ম হয় যদিও ব্যৱসায়িক দিশত থকা আনুষ্ঠানিকতাৰ বাবে ৰাইজৰ হাতত তুলি দিব পৰা হোৱা নাছিলো। উত্তৰ-পূৰ্বাঞ্চলৰ পাতল আৰু স্পৰ্শকাতৰ ছালৰ উপযোগীকৈ প্ৰস্তুত কৰা হৈছে ‘বায়োমেজিক’। এশ শতাংশ জৈৱিক হোৱা বাবে তাৰ কোনো পাৰ্শ্বক্ৰিয়া নাই, কেমিকেল নাই। ২০১৪ চনৰ পৰা ব্যৱসায়িক দিশত সম্পূৰ্ণৰূপে গুৰুত্ব দিয়া হয়। আমাৰ website ত আছে। অসম, ভাৰতৰ বাহিৰেও বিদেশতো আমাৰ বায়োমেজিকে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

জোনমণি: আপোনাৰ বৈবাহিক জীৱন।

মালা মহন্তঃ ২০০২ চনত সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞাৰে বিবাহ পাশত আবদ্ধ হওঁ। ২০০৪ চনত আমাৰ ছোৱালী বিস্তৃণা আমাৰ জীৱনলৈ আহে।

জোনমণি: বিউটি থেৰাপিৰ ওপৰত চেমিনাৰৰ ব্যৱস্থা কেনেকুৱা?

মালা মহন্তঃ বিউটি থেৰাপি এটা ডাঙৰ আৰু বহল বিষয়। প্ৰতিদিনে আপডেট হৈ থাকে। চেমিনাৰ মই বহুত কৰিলো। তেনেদৰে নিজকে আপডেট কৰি থাকো। চেমিনাৰৰ দ্বাৰা যি শিক্ষা মই গ্ৰহণ কৰো সেই শিক্ষাৰে মই মোৰ শিক্ষাৰ্থীক শিক্ষিত কৰো। লগতে গ্ৰাহকখিনিক যাতে শেহতীয়া ট্ৰেণ্ডত ৰাখিব পাৰো তাৰ চেষ্টা সদায় অব্যাহত ৰাখিছো।

জোনমণি: মামণি ৰয়ছম গোস্বামীৰ সান্নিধ্যৰ বিষয়ে কওঁকচোন?

মালা মহন্তঃ মামণি বাইদেউক মই নিচেই ওচৰৰ পৰা লগ পাইছো। তেওঁৰ সৌন্দৰ্যৰ বাবে বহুতো বলিয়ান আছিল। তেওঁৰ মতে Skin ধুনীয়াকৈ ৰাখিবলৈ সদায় স্ফূৰ্টিত থাকিব লাগে। তেওঁ খোৱা খাদ্যৰ প্ৰতি সচেতন আছিল। মোৰ বিউটি থেৰাপি প্ৰফেচনটোলৈ বহু কথা পাতিছিলো। তেওঁৰ ওচৰত অসমৰ সৌন্দৰ্য চৰ্চাৰ ওপৰত বহু কিতাপ আছিল। মোক আনিবলৈ মাতিছিল যদিও দুৰ্ভাগ্যৱশতঃ যোৱা নহ’ল।

জোনমণি: আপোনাৰ দুৰ্বলতা তথা পাৰদৰ্শিতা থকা বিষয় কি কি?

মালা মহন্তঃ মই নাটক আৰু আবৃত্তি কৰি ভাল পাওঁ। আৰু বহু মঞ্চত নাটক কৰিছো, আবৃত্তি কৰিছো। All India Radioত নাটক কৰিছো। লগতে মই বংগীয় ভাৰতী বিশ্ববিদ্যালয় কলকাতাৰ পৰা হাৱাইন গীটাৰত চিনিয়ৰ ডিপ্লমাধাৰী।

জোনমণি: আপোনাৰ ভৱিষ্যৎ পৰিকল্পনা কি?

মালা মহন্তঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সকলোতকৈ ডাঙৰ সমস্যাটো হ’ল নিবনুৱা সমস্যা। যাৰ বাবে সন্ত্ৰাসবাদ বাঢ়ি আহিছে। তাৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰত্যেকে আৰ্থিকভাৱে স্বচ্ছল হ’ব লাগিব। বিশেষকৈ ছোৱালী, মহিলাসকল বেছি সচেতন হোৱা প্ৰয়োজন। নিজৰ ভৰিত নিজে থিয় দিয়াৰ প্ৰৱণতা গঢ় দিব লাগিব। এই ক্ষেত্ৰত যিসকলে বিউটি থেৰাপিক প্ৰফেচনেলী ল’বলৈ আগ্ৰহী তেওঁলোকৰ বাবে কাম কৰি আছো আৰু আগলৈও কৰি যাম, নিজাববীয়াকৈ আৰু চৰকাৰী আঁচনিৰ জৰিয়তে। লগতে কৃষ্ণকান্ত ৰাজ্যিক বিশ্ববিদ্যালয়ৰ সৈতেও মই জড়িত। অসমৰ একমাত্ৰ শিক্ষা প্ৰতিষ্ঠান Imagic ত আছে। মই মোৰ শিক্ষাৰ্থীসকলক সময় দিবলৈ যত্ন কৰো। গতিকে ভৱিষ্যতে পৰিকল্পনা বুলিব খুজিলে আগ্ৰহীসকলক শিক্ষা প্ৰদানেৰে আত্মনিৰ্ভৰশীল তথা স্বাৱলম্বী কৰি তোলাটোত গুৰুত্ব প্ৰদান কৰি আহিছো আৰু ভৱিষ্যতেও কৰি যাম।

Tags

Related Articles

Leave a Reply

Close