অসম

হাজোত মাছৰ মৃত্যুৰ কাৰণ বিছাৰি মীন বিশেষজ্ঞৰ দল

প্ৰথম খবৰ, শুৱালকুছি: হাজোৰ বিষ্ণুপুষ্কৰ হ্ৰদত মাছৰ মৃত্যুৰ কাৰণ বিছাৰি উপস্থিত মীন বিশেষজ্ঞৰ দল। হয়গ্ৰীৱ মাধৱৰ বিষ্ণুপুষ্কৰত মাছৰ অস্বাভাৱিক মৃত্যু। বিষ্ণুপুষ্কৰ হ্ৰদৰ পানীৰ নমুনা সংগ্ৰহ কৰি বিশেষজ্ঞৰ দলটোৱে কৰিলে পৰীক্ষা -নিৰীক্ষা। পৰীক্ষাৰ অন্তত মীন বিষয়াৰ মন্তব্য পানীৰ গভীৰতা বৃদ্ধি হোৱাৰ বাবেই এই অস্বাভাৱিক মৃত্যু আৰুমাছ কাছৰ সংখ্যা বৃদ্ধিও অন্যতম কাৰণ। ইফালে মাজে সময়ে অক্সিজেনৰ পৰিমাণ কমাৰ বাবেই এনেদৰে হয় মাছৰ মৃত্যু। ৰহাৰ মীন মহাবিদ্যালয়ৰ অধ্যাপক বিশেষজ্ঞৰ দলটোৱ হাজোত উপস্থিত হৈ পৰীক্ষাৰ অন্তত এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।

Related Articles

Leave a Reply

Close