অসম

ৰঙিয়াত আৰক্ষীৰ তৎপৰতাত বন্ধ বাল্য বিবাহ

প্ৰথম খবৰ,ৰঙিয়া: ৰঙিয়া তুলসীবাৰীৰ সমীপৰ হাচানটুক গাঁৱত আজি নিশা আয়োজন কৰা এক বাল্য বিবাহ আৰক্ষীৰ তৎপৰতাত বন্ধ হয়৷ গাঁওখনৰ ১৭ বছৰীয়া কিশোৰী এগৰাকীৰ চিকনীবাৰী নিবাসী আৰিফুল হুছেইনৰ লগত নিকাহ অনুষ্ঠিত হোৱাৰ আগমুহূৰ্তত আৰক্ষীয়ে উপস্থিত হৈ ল’ৰা-ছোৱালীক উদ্ধাৰ কৰি থানালৈ লৈ আহে৷ আৰক্ষীয়ে লৰা-ছোৱালীৰ বয়সৰ প্ৰমাণপত্ৰ সহ চাইল্ড লাইনক উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

Related Articles

Leave a Reply

Close