অসম

ৰহাত শিশু নিৰ্যাতন: উদ্ধাৰ

প্ৰথম খবৰ,বেবেজীয়া: শিশু শ্ৰম আইন বিৰুদ্ধ যদিও এনে কাৰ্য সমাজৰ পৰা এতিয়াও বিলুপ্ত হৈ যোৱা নাই আৰু তেনে এটি ঘটনাই পোহৰলৈ আহিল আজি নগাওঁ‌ জিলাৰ ৰহাৰ গড়মাৰীত ৷ চয়নিকা দেৱী নামৰ এগৰাকী মহিলাই বনকৰা ছোৱালী হিচাপে ৰখা লাৰ্টা চেনাৰ্পী নামৰ ১০-১১ বছৰীয়া হামৰেনৰ এগৰাকী কনমানিক বিভিন্ন শাৰীৰিক তথা মানসিক নিৰ্যাতন চলাই শিশুটিক
ঘৰ এৰি পলাই যাবলৈ বাধ্য কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে কন্যা শিশুটি ওচৰৰ আন মানুহ এঘৰত থকা ভিনিহিয়েকৰ ওচৰলৈ অহাত হে গোটেই ঘটনাটো পোহৰলৈ আহে ৷ পিছত মহিলা সমিতিয়ে শিশুটিক উদ্ধাৰ কৰে আৰু আৰক্ষীক জনায় ৷ আৰক্ষীয়ে চাইল্ডলাইনৰ হাতত শিশুটিক গটাই দিয়ে আৰু অভিযুক্ত চয়নিকা দেৱীক কৰায়ত্ত কৰে ৷

Related Articles

Leave a Reply

Close