অসম

ৰাইজৰ ৰোষত পৰিল আৰক্ষীৰ উচ্চপদস্থ বিষয়া

প্ৰথম খবৰ,কাজিৰঙা: কাজিৰঙাত নিজকে আৰক্ষীৰ উচ্চপদস্থ বিষয়া বুলি পৰিচয় দি উদ্ভণ্ডালি সৃষ্টি কৰা এজন লোক শুকুৰবাৰে পৰিল ৰাইজৰ ৰোষত। স্থানীয় লোকে বাটতে ঘেৰাও কৰি ৰখাৰ পাছত কঁহৰা আৰক্ষীয়ে উদ্ধাৰ কৰি আনে পৰিয়াল সহ লোক জনক। উল্লেখ্য যে, শুকুৰবাৰে কাজিৰঙাৰ মিহিমুখলৈ যোৱা নিৰ্মীয়মান পথটোত লোকজন অহা গাড়ীখনৰ বিপৰীত দিশৰ পৰা গৈ থকা স্থানীয় লোকৰ গাড়ীৰ বাট এৰি দিয়া নিদিয়াক লৈ বাক বিতণ্ডাৰ সৃষ্টি হয়। পথটো ঠেক হোৱাৰ বাবে দুখন গাড়ী পাৰ হোৱাত অসুবিধাৰ সৃষ্টি হয়।স্থানীয় লোকৰ অভিযোগ মতে ৰ’বলৈ কোৱা স্বত্তেও আৰক্ষী বুলি পৰিচয় দিয়া লোক জনৰ গাড়ীখন আগবাঢ়ি আহি স্থানীয় লোকৰ গাড়ীখনত খুন্দা মাৰে। ইয়াৰ পাছতে উভয় পক্ষৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হয়।  আৰক্ষী বিষয়া বুলি পৰিচয় দি লোক জনে মোক চিনি পোৱা নাই,মই এচ,পি।তহঁতক ধৰি ভৰাই থম আদি কথাৰে দম্ভালি মৰাৰ পিছত পৰিস্থিতি উত্তপ্ত হৈ পৰে। অৱশ্যে পিছত কঁহৰা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।আনহাতে কেমেৰাৰ আগত লোকজনে পৰিচয় প্ৰকাশ কৰাৰ পৰা বিৰত থাকে। অৱশ্যে আন এক সূত্ৰৰ পৰা লোক জন প্ৰকৃততে আৰক্ষীৰ উচ্চ পদস্থ বিষয়া বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close