বিনোদনশীৰ্ষ

ৰাজ্যজুৰি কিমান খৰচ বিহু কমিটিৰ?

কুমুদ দাস

বিহুৰ কথা এইকেইদিন খুবেই চৰ্চিত হৈছে। মঞ্চ বিহুৰ পৰা একেবাৰে বিহুমঞ্চত শিল্পীৰ গীতৰ তালিকা আৰু সাজপোচাকলৈকে। ব’হাগ বিহুৰ ক্ষেত্ৰত আমাৰ
অসমবাসীৰ এক স্বাভিমান জড়িত হৈছে। সেইকাৰণে, বিগত তিনি চাৰি বছৰ ধৰি বিহুৰ সময়ত অৱধাৰিতভাবে বিতৰ্কৰ সূচনা হয়। কোনোবাই কয়- বিহু মঞ্চত গীত পৰিৱেশনৰ কথা। কোনোবাই কয় বিহু মঞ্চত বিহু কমিটিসমূহৰ নিয়ন্ত্ৰণৰ কথা। কিন্তু আজি আমি এই আলোচনাত বিহুৰ বিতৰ্কৰ কথা পাতিব খোজা নাই। এমাহৰ পৰা ডেৰমাহ দুমাহলৈ চলিবলগীয়া বিহু মঞ্চৰ বাজেটৰ বিষয়ে কিছু প্ৰাৰম্ভিক কথা বতৰা পাতিব খুজিছো। মঞ্চবিহুৰ আত ধৰিয়ে এক নতুন চিন্তাৰ বাট মুকলি কৰিব খুজিছো আপোনাৰ বাবেও। মই জনাত অসমৰ কোনো মানুহেই মঞ্চ বিহু বিদ্বেষী নহয়। বৰং বিহু বুলি ক’লে কিবা এটা ভাৱ প্ৰতিজন অসমীয়া লোকৰ মনলৈ আহে। কিন্তু অসমত প্ৰতিবছৰে পতা বিহুৰ নামত কিমান টকা খৰচ হয়, সেই সম্পৰ্কীয় গৱেষণা এতিয়াও হোৱা নাই। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ চৰকাৰী ৱেবচাইটৰ তথ্য অনুসৰি অসমত প্ৰায় ২৫,৫৯০ খন গাওঁ, ২,৪৮৯ খন গাওঁ পঞ্চায়ত, ২১৯ টা ৰাজহ চক্ৰ আছে। এই হিচাপ ২০১১ চনৰ। অসমৰ প্ৰায় প্ৰতিখন গাওঁ পঞ্চায়ততে দুই তিনিখন মঞ্চ বিহু পতা হয়। অৱশ্যে, বৰাক উপত্যকা আৰু পাহাৰীয়া জিলাকেইখনৰ কেইটামান অঞ্চলক বাদ দি প্ৰায়বোৰ স্থানতে বিহু হয়। এই সকলোবোৰ হিচাপ বাদ দিও যদি অসমৰ ২৫ হাজাৰ গাঁৱৰ ২০ হাজাৰ গাওঁ বাদ দিলে অসমত প্ৰায় ৫ হাজাৰখন মান বিহু সন্মিলন বা বহাগী বিদায় হয় বুলি ধৰিব পাৰি। হয়তো এই হিচাপৰ কিছু তাৰতম্যও হ’ব পাৰে। অলপতে, আমাৰ সিদ্ধান্ত অনুষ্ঠানত অসমৰ বিহু সন্মিলনৰ সংখ্যা প্ৰায় ৩ হাজাৰ বুলি কৈছিল বিহু সমন্বয়ৰক্ষী সমিতিৰ সভাপতি ডঃ হৰেন দাসে। যদি অসমত ৩ হাজাৰখন মঞ্চ বিহু অনুষ্ঠিত হয় বুলি ধৰা হয়, তেনেহ’লে, কিমান খৰচ অসমবাসীয়ে বিহুৰ নামত কৰিব পাৰে এবাৰ ভাবি চাওঁক। আজিকালি একোজন গায়কক অতিকমেও এক ডেৰ লাখ টকাৰ পৰা ছয় সাত লাখ পৰ্যন্ত দিব লাগে। গড়ে তিনি লাখ টকা পোৱা গায়ক গায়িকাও প্ৰায় ১০ গৰাকীমান আছে। প্ৰতিগৰাকীয়ে ৪০ খনকৈ বিহুমঞ্চত অনুষ্ঠান কৰে। সেই হিচাপত চাৰিশ বা পাঁচশখন বিহু সন্মিলনৰ বাজেট ৫ লাখৰ ওপৰত। বাকী এহেজাৰখন মান বিহু সন্মিলনৰ বাজেট হ’ব দুই-তিনি লাখ টকা। হয়তো বাকী পোন্ধৰশখন মানৰ বাজেট ডেৰ দুই লাখ টকা হ’ব। ৫ শ খন বিহুৰ বাজেট ৫ লাখকৈ ধৰিলেও আঢ়ৈ কোটি টকা, ১০০০ খন বিহুৰ ৩ লাখকৈ বাজেট ধৰিলে প্ৰায় তিনিকোটি টকা, আৰু ১৫০০ বিহুৰ বাজেট ২ লাখকৈ ধৰিলে ৩ কোটি টকা। এই হিচাপতে, অসমৰ সৰ্বমুঠ বিহুৰ বাজেট ৮.৫০ কোটি টকা হয়। এই হিচাপ হয়তো আৰু বাঢ়িবও পাৰে। অৰ্থাত্‍ আনুমানিক হিচাপ এটা কৰিলে অসমৰ মঞ্চবিহুৰ নামত প্ৰতিবছৰে আঠৰ পৰা দহ কোটি টকা খৰচ হয়। গতিকে, আপুনিয়ে চিন্তা কৰক, মনৰ দুখীয়াও নহয়, ধনৰ দুখীয়াও নহয় অসমীয়া।

Tags

Related Articles

Leave a Reply

Close