Uncategorizedনিবন্ধশীৰ্ষ

ৰাষ্ট্ৰীয় ৰাজনীতিত হঠাত্‍ গুৰুত্ব বৃদ্ধি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

প্ৰথম খবৰৰ আছুতীয়া প্ৰতিবেদন
ৰাষ্ট্ৰীয় ৰাজনীতিত হঠাত্‍ গুৰুত্ব বৃদ্ধি পাইছে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। ২০১৫ চনৰ আগষ্ট মাহত কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ পিছতেই কেৱল ৰাজ্যিক প্ৰেক্ষাপটতেই নহয়, ৰাষ্ট্ৰীয় বিজেপি নেতৃত্বৰ মাজতো নিজৰ স্থিতি সবল কৰাত সমৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা। অসম বিধান সভা নিৰ্বাচন আৰু মণিপুৰৰ বিধান সভা নিৰ্বাচনত বিজেপিৰ চমকপ্ৰদ সাফল্যৰ ক্ষেত্ৰত বহু খিনি কৃতিত্ব হিমন্ত বিশ্ব শৰ্মাই পোৱাৰ মাজতো বহুতো নতুন দায়িত্বও দিয়া হৈছে হিমন্ত বিশ্ব শৰ্মাক। ২০১৯ৰ লোক সভা নিৰ্বাচনৰ পূৰ্বেই প্ৰধান মন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ ঘনিষ্ঠ হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ পৰাই হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় ৰাজনীতিত এক শক্তিশালী নেতাৰূপে আত্মপ্ৰকাশ সম্ভৱ হৈ উঠিব। আনহাতে, পশ্চিম বংগ বিধান সভা নিৰ্বাচনৰ বাবেও এক গুৰুদায়িত্ব লাভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। প্ৰধান মন্ত্ৰী মোডী আৰু সভাপতি শ্বাহৰ বিশ্বাসী নেতা ৰূপে পশ্চিম বংগত এই দায়িত্ব লাভ কৰাৰ পিছতেই বংগৰ ৰাজনীতিত পদুম ফুলিলে আগন্তুক দিনবোৰ বহু জ্যেষ্ঠ নেতাতকৈও বিজেপিত গুৰুত্ব বৃদ্ধি পাব ডঃ শৰ্মাৰ। ইতিমধ্যে, উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্য সামৰি গঠন কৰা নেডাৰ আহ্বায়ক হিচাপেও উত্তৰ পূৱত বিজেপিত বিশেষভাবে শক্তিশালী কৰি অমিত শ্বাহৰো আস্থাভাজন হৈ পৰিছে তেওঁ। আনকি, নেডাৰ আহ্বায়কৰূপেই ত্ৰিপুৰাৰ নিৰ্বাচনতো গুৰুত্বপূৰ্ণ দায়িত্ব পাব বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই। ইণ্ডিয়ান এক্সপ্ৰেছৰ ফালৰ পৰা উলিওৱা শক্তিশালী ভাৰতীয়ৰ তালিকাতো প্ৰথমবাৰতেই প্ৰথম ৫০ জনৰ মাজত স্থান পাইছে শৰ্মাই। এই বিষয়টো বাদ দিও অতিশেহতীয়াকৈ ভাৰতীয় বেডমিণ্টন সন্থাৰ পৰৱৰ্তী সভাপতি ৰূপে উচ্চাৰিত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নাম। সভাপতি অখিলেশ দাসগুপ্তাৰ মৃত্যুৰ পিছত সভাপতি পদ খালী হোৱা বাবেই BAIৰ সভাপতি হিচাপে চৰ্চিত হিমন্তবিশ্বৰ নাম। গতিকে, সকলো পিনৰ পৰাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক উজ্জ্বল সম্ভাৱনা লৈ আগবাঢ়িছে ডঃ শৰ্মা। অসমত বিজেপিৰ আধিপত্য অব্যাহত থাকিলে খুব সোনকালেই মোডীৰ কেন্দ্ৰীয় কেবিনেটতো ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অন্তৰ্ভূক্তিৰ জল্পনা কল্পনা আৰম্ভ হৈছে ৰাজনৈতিক মহলত।

Tags

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close