অসমধুবুৰী

জালত আন্তঃৰাষ্ট্ৰীয় অস্ত্ৰ সৰবৰাহকাৰী

কবিৰ মণ্ডল, হাটশিঙিমাৰী:
হাটশিঙিমাৰীত সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানত ধৰা পৰিল এটা আন্তঃৰাষ্ট্ৰীয় অস্ত্ৰ সৰবৰাহকাৰী। গোপন সূত্ৰৰ পম খেদি ভাৰত বাংলাদেশ সীমান্তৱৰ্তী মানকাচাৰৰ সোণাপুৰত সেনা-আৰক্ষীয়ে অভিযান চলাই মকবেল হুছেইন নামৰ অস্ত্ৰ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত মকবেলৰ জিম্মাৰপৰা এটা ভাৰতত নিৰ্মিত পিষ্টল, দুই জাই সজীৱ গুলী আৰু বাংলাদেশী ছিম কাৰ্ড জব্দ কৰা হৈছে। উল্লেখ্য যে তেওঁৰ বিৰুদ্ধে চুৰি-ডকাইতিকে ধৰি আৰু বহু অপৰাধমূলক কাণ্ডৰ অভিযোগ আছে।

কেবাবাৰো ৰঙা ঘৰৰ আলহী হোৱাৰ অভিজ্ঞতা থকা এই সৰবৰাহকাৰীটোৰ জিম্মাৰপৰা পিষ্টল আৰু বাংলাদেশী ছিম উদ্ধাৰ হোৱাক লৈ জিলা আৰক্ষীৰ মাজত হৈ-চৈ সৃষ্টি হৈছে। ঘটনা সম্পৰ্কত আৰক্ষীয়ে অনুসন্ধান তীব্ৰতৰ কৰি তুলিছে।

Related Articles

Leave a Reply

Close