অসম

অঞ্জুমণিৰ কণমানি সন্তানৰ ভৱিষ্যত সন্দৰ্ভত জিলা প্ৰশাসনক চাৰি সংগঠনৰ স্মাৰক পত্ৰ

 

প্ৰথম খবৰ,বেবেজীয়া:  নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত নমাটিত ৭ মে’ত হত্যাৰ বলি হোৱা অঞ্জুমণি বৰা নামৰ বোৱাৰীগৰাকীৰ একমাত্ৰ তিনি বছৰীয়া কন্যা সন্তানটোৰ লালন পালন আৰু ভৱিষ্যত সম্পৰ্কে সদৌ অসম প্ৰগতিশীল নাৰী সন্থা, অঞ্জুমণি ন্যায় বিচাৰ সমিতি, শ্ৰী শ্ৰী শংকৰদেৱ যুৱক পুথিভৰাল সংঘ, গ্ৰামীণ শ্ৰমিক সন্থাকে ধৰি চাৰি সংগঠনৰ প্ৰতিনিধিৰ এটা সঁজাতি দলে নগাঁও জিলাৰ উপায়ুক্ত আৰু নগাঁও জিলা সমাজ কল্যাণ বিষয়াক পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰদান কৰে। উল্লেখ্য যে, প্ৰগতিশীল নাৰী সন্থাৰ সভানেত্ৰী পৰি কুমাৰী বৰুৱা, সম্পাদিকা আয়েছা বেগম, অঞ্জুমনি ন্যায় বিচাৰ সমিতিৰ আহ্বায়িকা অজন্তা বৰুৱা আৰু প্ৰভাৱতী বৰদলৈ, শ্ৰীশ্ৰী শংকৰদেৱ যুৱক সংঘ নমাটিৰ প্ৰতিনিধি, গ্ৰামীণ শ্ৰমিক সন্থাৰ মাধৱ চন্দ্ৰ বৰাকে ধৰি প্ৰতিনিধিসকলৰ স্বাক্ষৰিত স্মাৰকপত্ৰ খনিত কোৱা হয় যে যি সময়ত কেন্দ্ৰৰ বিজেপি চৰকাৰে ‘বেটী বচাও বেটি পঢ়াও’ ৰ দৰে কন্যা সন্তানৰ সুৰক্ষা আঁচনি গ্ৰহণ কৰিছে ঠিক সেই সময়তে ন্যায়িক জিন্মাত থকা তথা হত্যাৰ অভিযোগত অভিযুক্ত পিতৃ আৰু মাতৃহাৰা কণমানি শিশু কন্যা এনিশা বৰা ই আশ্ৰয় লৈ থকা দৰিদ্ৰ ককাক আইতাকে ভৰণ পোষণৰ দায়িত্ব কিমানদূৰ পালন কৰিব পাৰিব তাক লৈ সন্দেহৰ এক প্ৰশ্ন উত্থাপন হৈছে। এই ক্ষেত্ৰত জিলা প্ৰশাসন তথা চৰকাৰে এক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংগঠনকেইটাৰ লগতে ৰাইজে দাবী জনাইছে। উল্লেখ্য যে, যৌতুকজনিত কাৰণত শাহু স্বৰ্ণ বৰা, ৰ্স্বামী অৰূপ বৰা আৰু দেউৰ ৰূপজ্যোতি বৰাই দীৰ্ঘদিনধৰি চলোৱা অকথ্য নিৰ্যাতনত প্ৰাণ হেৰুৱাইছিলু বোৱাৰী অঞ্জুমনি বৰাই। শোৱাপাটিত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল অঞ্জুমণিৰ মৃতদেহ। ঘটনা সন্দৰ্ভত ইতিমধ্যে অভিযুক্ত তিনিওকে আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। অন্যহাতে, অঞ্জুমণিৰ এমা-ডিমা সন্তানটি বৰ্তমান অঞ্জুমনিৰ পিতৃ-মাতৃ তথা ককাক আইতাকৰ লগত আছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close