অসম

অভয়াপুৰীৰ ঐতিহ্যমণ্ডিত বিদ্যালয় অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অৰাজকতা: শিক্ষকে নকৰে পাঠদান

প্ৰথম খবৰ, অভয়াপুৰী: নামনি অসমৰ ভিতৰত এখন ঐতিহ্যমণ্ডিত বিদ্যালয় হ’ল অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয় ৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ উচ্চশিক্ষাৰ মধ্যমণি এইখন বিদ্যালয়ে ইতিমধ্যে ১১৭ বছৰ অতিক্ৰম কৰিছে ৷ বিজনীৰ প্ৰজাবৎসল ৰাণী অভয়েশ্বৰীয়ে অভয়াপুৰীত উচ্চশিক্ষাৰ পোহৰ বিলাবৰ বাবে ১৯০৪ চনতেই স্থাপন কৰিছিল এইখন বিদ্যালয় ৷ অভয়াপুৰীৰ লগতে সমগ্ৰ নামনি অসমতে জ্ঞানৰ পোহৰ বিলোৱাত অগ্ৰণী ভূমিকা লৈছিল এইখন বিদ্যালয়ত ৷ এইখন বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰা বহু মেধাৱী ছাত্ৰই ইতিমধ্যে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত এক সুকীয়া পৰিচয় দিবলৈ সক্ষম হৈছে ৷ কিন্তু সম্প্ৰতি এইখন অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ত চলিছে অৰাজকতা ৷ একাংশ শিক্ষকে শ্ৰেণীকোঠাৰ পৰিৱৰ্তে ব্যস্ত থাকে চাহৰ দোকানত বা পাণ তামোলৰ দোকানত চিগাৰেট হুপাত ৷ এই অভিযোগ আমাৰ নহয়, এই অভিযোগ স্বয়ং বিদ্যালয়খনৰ একাংশ ছাত্ৰৰ ৷ এই সম্পৰ্কে একাংশ ছাত্ৰই উত্তৰ শালমাৰা মহকুমাধিপতি অন্বমূদন এম পিক এক অভিযোগপত্ৰ প্ৰদান কৰে ৷ অভিযোগপত্ৰত উল্লেখ কৰা মতে চলিত শিক্ষাবৰ্ষৰ আজিলৈকে নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান, উচ্চ বিজ্ঞান, সাধাৰণ বিজ্ঞান আৰু ভূগোল বিষয়ৰ এটাও ক্লাছ হোৱা নাই ৷ আনহাতে “প্ৰথম খবৰ”ৰ নিজা অভিযানত পোহৰলৈ আহিছে আন কিছু বিস্ফোৰক তথ্য ৷ ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ কিছুসংখ্যক শিক্ষকে নিজ ইচ্ছামতেই চলায় কাম ৷ নিজৰ খেয়াল খুচিমতে চলায় কাম ৷ ছাত্ৰৰ কোনো অসুবিধাৰ প্ৰতি নিদিয়ে চকু কাণ ৷ আনহাতে একাংশ শিক্ষকে নিজৰ ল’ৰা-ছোৱালীক বিদ্যালয়ত অনা-নিয়াৰ কামতেই ব্যস্ত থাকে ৷ ইফালে বিদ্যালয়খনৰ এই অৰাজকতা সম্পৰ্কে জানিব পাৰি একাংশ প্ৰাক্তন ছাত্ৰ, অভিভাৱক আৰু শুভাকাংশীয়ে বিদ্যালয়খনত পূৰ্বৰ অৱস্থা ঘূৰাই অনাৰ বাবে অসমৰ শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে ৷

Related Articles

Leave a Reply

Close