অসম

অসম আৰক্ষীৰ আধুনিকীকৰনৰ নমুনা:মৃত বিষয়া হ’লগৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া

প্ৰথম খবৰ,মূৰফুলনি:  যিটো সময়ত সমগ্ৰ দেশতে ডিজিটেল কৰাৰ প্ৰচেষ্টা চলি থকাৰ লগতে অসম আৰক্ষীটো ব্যাপক আধুনিকীকৰনৰ কথা কৈ থকা হৈছে তেনে সময়তে অসম আৰক্ষীৰ নিজা ৱেবচাইটত থকা এক তথ্যই সকলোৰে চকু কপালত তুলিব ৷ তথ্য অনুসৰি গোলাঘাট জিলাৰ নামবৰ-দৈগ্ৰোং বনাঞ্চলৰ কাষতে লগতে কাৰ্বিআংলং জিলাৰ সীমামুৰিয়া  অঞ্চলত থকা বগীজান আৰক্ষী থানা ২০১২ চনত স্থাপন কৰিছিল চৰকাৰে ৷ সেই সময়ত বগীজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আছিল যতিন দাধৰা ৷ কিন্তু সেই বিষয়াজন বগীজান থানাৰ পৰা বদলি হোৱা আজি প্ৰায় কেইবাবছৰো হোৱাৰ লগতে কেইমাহমান পূৰ্বে তেখেতৰ মৃত্যুও হয় ৷ কিন্তু ইমানৰ পিছতো অসম আৰক্ষীৰ ৱেবচাইটত বগীজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনৰ নাম যতিন দাধৰাই হৈ আছে ৷ আচলতে বগীজান থানাৰ বৰ্তমান ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নাম ৰাজীৱ গোহাঁইহে ৷ অতিকে পৰিতাপৰ বিষয় এই যে যতিন দাধৰা নামৰ বিষয়াজনৰ বদলিৰ পিছত আৰু এজন বিষয়াই এই থানাত কৰ্তব্য পালন কৰি যায় যদিও ৱেবচাইটত তেওঁৰ নামেই নাহিল ৷এইটো এটা মাত্ৰ সৰু উদাহৰনহে ৷ ৱেবচাইটত এতিযাও বহু থানাত বহু পূৰ্বৰ বিষয়াৰ নামেই জিলিকি আছে ৷ ইয়াৰ পৰাই বুজিব পাৰি এতিয়াও অসম আৰক্ষীৰ ৱেবচাইটতো কিমান সক্ৰিয় তথা কিমানদূৰ সঘনাই নতুন তথ্যৰ সংযোজন হয় লগতে আধুনিকীকৰনৰ নামত কিমানদূৰ আগবাঢ়িছে সেইয়া সহজেই অনুমেয় ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close