অসম

আগন্তুক বৰ্ষত গুজৰাটৰ দৰে অসমতো উদ্যোগ বিপ্লৱ হ’ব: চন্দ্ৰমোহন পাটোৱাৰী

প্ৰথম খবৰ, নলবাৰী:  আজি দিনজোৰা কাৰ্যসূচীৰে নলবাৰী জিলা বিজেপিৰ এখন গুৰুত্বপূৰ্ণ সভা নলবাৰীৰ হোটেল বৰদৈচিলাৰ সভাকক্ষত অনুষ্ঠিত হয় চন্দ্ৰমোহন পাটোৱাৰী। জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাই সভাপতিত্ব কৰা তথা সাধাৰণ সম্পাদকদ্বয় নিতুল ডেকা আৰু পুলক শৰ্মাই আঁত ধৰা সভাত উপস্থিত থাকি ৰাজ্যৰ উদ্যোগ – বাণিজ্যিক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীযে কয় যে – আগন্তুক বৰ্ষত গুজৰাটৰ দৰে উদ্যোগ বিপ্লৱ হ’ব অসমতো। ইতিমধ্যে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা লোৱাৰ কাম হাতত লৈছে। যাতে এই উদ্যোগ বিপ্লৱৰ দ্বাৰাই ৰাজ্যৰ কিছু পৰিমাণে নিৱনুৱা সমস্যাৰ সমাধান কৰিব পাৰি। ভাষন প্ৰসংগত মন্ত্ৰী পাটোৱাৰীযে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে দলৰ নেতা – নেত্ৰী, দলৰ কৰ্মী সকলক সাজু হ’বলৈ আহ্বান জনাই আৰু নলবাৰী সকলো পঞ্চায়ত দখল কৰাৰ হুংকাৰ দিয়ে। সভাত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই ভাষণ ৰাখি  ২৬ মে’ৰ প্ৰধানমন্ত্ৰীৰ সভাত নলবৰীয়া ৰাইজৰ উপস্থিতিত কামনা কৰে আৰু পঞ্চায়ত নিৰ্বাচনৰ আগত দলক শক্তিশালী কৰাত লাগিবলৈও আহ্বান জনাই। সভাত পাচঁ শতাধিক দলীয় কৰ্মী অংশ গ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close