অসম

আছুৰ কল ইণ্ডিয়াৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা: পোন প্ৰথমবাৰৰৰ বাবে চোৰাং কয়লাৰ বেহাৰ বিৰুদ্ধে সৰৱ আছু

প্ৰথম খবৰ, লিডু : আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সহযোগত চাৰি দফীয়া দাবীৰ সমৰ্থনত মাৰ্ঘেৰিটাস্থিত উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ মহা প্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে কাৰ্যালয়টোৰ মূল প্ৰৱেশ দ্বাৰত তলা লগাই প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যখনৰ অন্যতম ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান টোৱে তিনিচুকীয়া জিলাৰ আৰ্থ-সামাজিক উন্নয়ন আৰু প্ৰতিষ্ঠানটোত থলুৱা নিবনুৱা যুৱক যুৱতীক নিযুক্তিৰ ক্ষেত্ৰত পিঠি দিয়াৰ অভিযোগ তুলি সংগঠনটোৱে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ট। পাছত প্ৰতিষ্ঠান টোৰ মহা প্ৰৱন্ধকলৈ জিলা সভাপতি বিনয় ডুবে আৰু সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাইয়ে স্বাক্ষৰ কৰা এখনি স্মাৰক পত্ৰৰ জড়িয়তে তিনিচুকীয়া জিলাৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ , কল মাইনিং স্কুল স্থাপন, ১৯৯৬ চনৰ পৰা বন্ধ হৈ থকা নিযুক্তি প্ৰক্ৰিয়া মুকলি আৰু চোৰাং কয়লা বেহা বন্ধ কৰাৰ দাবী জনায় । সংগঠন টোৱে স্মাৰক পত্ৰ খনত চোৰাং কয়লা বেহাৰ বৃহৎ কলা বজাৰ গঢ়ি উঠাৰ অন্তৰালত কল ইণ্ডিয়াৰ একাংশ বিষয়া কৰ্মচাৰীৰ প্ৰত্যক্ষ সহযোগিতা থকাৰ কথা উল্লেখ কৰাৰ লগতে এই চোৰাং বেহাৰ বাবে চৰকাৰে ব্যাপক ৰাজহ হেৰুওৱাব লগা হোৱাৰ কথা উল্লেখ কৰিছে। সুদীৰ্ঘ বছৰৰৰ পৰা চলি অহা চোৰাং কয়লা বেহাৰ সন্দৰ্ভত অত বছৰে ৰহস্য জনক মৌণতা অৱলম্বন কৰি অহা সংগঠনটোৱে পোন প্ৰথমবাৰৰ সৰৱ হৈ পৰাটোৱে তাৎপৰ্য বহন কৰিছে ।

Related Articles

Leave a Reply

Close