অসমশীৰ্ষ

আজিও বাঁহৰ মেলেঙৰে বিপদ সংকুল যাতায়ত কৰে ধেমাজিৰ জীয়াধল মুখৰ গঞাই

প্ৰথম খবৰ,ধেমাজি: স্বাধীনতাৰ ৭০ বছৰৰ পাছতো বাঁহৰ মেলেঙেই যাতায়তৰ মাধ্যম হৈ আছে ধেমাজিৰ ৭০ খন গাঁৱৰ গঞা ৷ বাৰিষা বলিয়া হৈ পৰা জীয়াধল নৈৰ বুকুৰে বাঁহৰ মেলেঙত উঠি এক কল্পনাতীতভাৱে ভয়াৱহতাৰে অহা-যোৱা কৰে ধেমাজিৰ উত্তৰ বৰদলনিৰ ৭০ খন গাঁৱৰ ৰাইজে ৷ পানীত ব্যৱহাৰ কৰা নাও নহয় কেইডাল মান বাঁহ বান্ধি প্ৰস্তুত কৰা মেলেঙত উঠি জীয়াধলৰ বুকুৰে অহা যোৱা কৰে অঞ্চলটোৰ ৰাইজে ৷ অসম-অৰুণাচলৰ সীমান্তৱৰ্তী প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা জীয়াধল মুখত এখন দলঙৰ দাবীৰে অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিন অনুনয় বিনয় কৰি আহিছে কিন্তু কানসাৰ দিয়া নাই চৰকাৰ-প্ৰশাসনে ৷ ধেমাজি সদৰৰে যোগাযোগৰ আন এটা পথ আছে কিন্তু সেই পথৰে যাতায়তৰ বাবে সময়ৰ প্ৰয়োজন হয় প্ৰায় দুই ঘন্টা ৷ কিন্তু জীয়াধল মুখৰে বাঁহৰ মেলেঙত পাৰ হ’লে সময়ৰ প্ৰয়োজন হয় মাত্ৰ ত্ৰিশ মিনিট ৷ ৰাইজে বাঁহৰ মেলেঙৰে কৰি আহিছে যাতায়ত ৷ বাঁহৰ মেলেঙত বিপদসংকুল ভাবে যাত্ৰা কৰাৰ বাবে ইতিমধ্যে ৩০ জন লোকৰ মৃত্যু হৈছে ৷ এই কথা প্ৰকাশ কৰিছে ৰাইজে ৷ সেয়েহে পৰিৱৰ্তনকামী চৰকাৰৰ পৰা বাঁহৰ মেলেঙৰে মান্ধাতা কলীয়া যাতায়তী ব্যৱস্থাৰ অৱসান বিচাৰিছে ধেমাজিৰ জীয়াধল মুখৰ অসম-অৰুণাচলৰ সীমান্তৱৰ্তী ৰাইজে ৷ সৌন্দৰ্যৰ আকৰ জীয়াধল মুখত এখন দলং হলে খোল খাব পৰ্যটনৰো নতুন দুৱাৰ !

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close