অসম

আনন্দ বাগানত নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত: দুজন নিহত

প্ৰথম খবৰ, গোগামুখ : আজি পুৱা গুৱাহাটী পৰা চিলাপথাৰ অভিমুখি এখন নৈশ বাছ নিমন্ত্ৰণ হেৰুৱাই লখিমপুৰ জিলাৰ চাউলধোৱাত বাগৰি পৰাত দুজন থিতাতে নিহত হয় আৰু ১৬ জন আহত হয়। আহত সকলক ততাতৈয়াকৈ লখিমপুৰ চিকিৎসালয়লৈ লৈ যায় । নিহত দুজনৰ এজন গাড়ী এখন চালক অৰবিন্দ হালৈ আৰু আন জন জোনাইৰ তেলেমৰ বাবু কুলি। জানিব পৰা মতে এ আৰ ০২-৬৫৩১ নম্বৰৰ এখন ড্ৰাম্পাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰাখি থোৱাত বাছ খন পথৰ কাষলৈ নিব লগা হোৱাত এটা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে ৷ বাছ খনে অধিক বস্তু কঢ়িৱাৰ ফলত ভাৰসাম্য হেৰুৱাই বাগৰি পৰে ৷  এ এছ ০১ জি চি৫২৮৮ নম্বৰৰ নেটৱৰ্ক ট্ৰেভেলচৰ বাছ খন বগীনদী আৰক্ষীয়ে আঁতৰাই নিছে ৷ আনহাতে আহত সকলক ততাতৈয়াকৈ লখিমপুৰ জিলাৰ পৰা এন ডি আৰ এফ বাহিনীৰ এটা দলে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

Related Articles

Leave a Reply

Close