অসমখেল

আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতালৈ বিশ্বনাথৰ দুই সন্তান

প্ৰথম খবৰ,বিশ্বনাথ চাৰিআলি: অহা ২৮ মে’ৰ পৰা ৩০ মে’লৈ নেপালৰ কাঠমাণ্ডু চহৰত অনুস্থিত হব আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতা। নেপালৰ সৰ্ববৃহৎ কাৰাটে সন্থাৰ অন্যতম নেপাল ৱডোৰিঅ কাৰাটে সন্থাই আয়োজন কৰা উক্ত প্ৰতিযোগিতাত ভাৰতীয় দলত অসমৰ ৪ গৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে। ভাৰতৰ ৬০ জনীয়া কাৰাটে দলত স্থান লাভ কৰা অসমৰ খেলুৱৈ কেইগৰাকী ক্ৰমে হৃদয়ানন্দ দাস, পাৰ্থ প্ৰতিম ভূঞা, চিমৰণ বৰাৰ লগতে অফিছিয়েল হিচাপে নিলাক্ষী বৰাই অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে দলটোত অন্তৰ্ভূক্ত হোৱা বিশ্বনাথ জিলাৰ সন্তান হৃদয়ানন্দ দাসে থাইলেণ্ড বাংলাদেশকে আদি কৰি বিভিন্ন স্থানত অনুস্থিত সমৰকলাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পৃথিৱীৰ বিভিন্ন সমৰকলাবিদক পৰাস্ত কৰি ৯ টাকৈ আন্তঃৰাষ্ট্ৰীয় পদক জিনিবলৈ সক্ষম হৈছে। আনহাতে ৰাষ্ট্ৰীয় সমৰকলাৰ প্ৰতিযোগিতাত বিভিন্ন পদক অধিকাৰী বিশ্বনাথৰ আন এগৰাকী সন্তান পাৰ্থ ভূঞা আৰু গুৱাহাটীৰ চিমৰন বৰাই প্ৰথম বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহন কৰিব। ২৬ মে ত নেপাল অভিমুখে ৰাওনা হবলগীয়া কাৰাটে দলটিলৈ বিভিন্ন দল সংগঠনৰ লগতে বিভিন্ন জনে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সুফলাফল কামনা কৰিছে।

Related Articles

Leave a Reply

Close