অসম

আপকুৰ ডাকযোগে অসম ভিত্তিত প্ৰবন্ধ লিখা প্ৰতিযোগিতা

প্ৰথম খবৰ, খৈৰাবাৰী : আপকুৰ ৰূপালী জয়ন্তী বৰ্ষ সমাৰোহৰ অংশ হিচাপে ওদালগুৰি জিলাৰ অন্তৰ্গত আপকু, ভেৰগাঁও মহকুমা সমিতিৰ উদ্যোগত একাদশৰ পৰা দ্বাদশ (ক শাখা) স্নাতকৰ পৰা স্নাতকোত্তৰলৈ ( খ শাখা) ছাত্ৰ ছাত্ৰী সকলৰ ভিতৰত অসম ভিত্তিত প্ৰবন্ধ লিখা প্ৰতিযোগিতা আয়োজন কৰা হৈছে বুলি আপকু ভেৰগাওঁ মহকুমা সমিতিৰ সভাপতি দ্বীপেন ডেকাই জনাইছে ৷ ‘ক’ শাখাৰ বাবে ‘সাম্প্ৰতিক সময়ত সাংবাদিক সকল কেনে হোৱা উচিত’ ? আৰু ‘খ’ শাখাৰ বাবে – ‘বৰ্তমানৰ সাংবাদিকতা আৰু নাগৰিকৰ দায়িত্ব’ বিষয়ত অতি কমেও ৫০০ -১০০০ শব্দৰ ভিতৰত লিখা হ’ব লাগিব৷ দুয়োটা শাখাৰ পৰা প্ৰথম আৰু দ্বিতীয় শ্ৰেষ্ঠ বিজেতা সকলক ক্ৰমে তিনি হেজাৰ আৰু দুই হেজাৰকৈ টকা আৰু লগতে প্ৰতিভাৰ প্ৰমাণ পত্ৰ আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হ’ব৷ আগ্ৰহী প্ৰতিযোগীসকলে নিম্মোক্ত ঠিকনাত যোগাযোগ তথা লেখনি সমূহ অহা ৩০ মে’ৰ ভিতৰত পোৱাকৈ ডাকযোগে প্ৰেৰণ কৰিব পাৰিব ৷ দ্বীপেন ডেকা-সভাপতি,আপকু, ভেৰগাঁও মহকুমা সমিতি।
ডাক- খৈৰাবাৰী, পিন- ৭৮৪৫২২, জিলা- ওদালগুৰি, অসম৷ মোবাইল- ৯৮৫৪০ ৮১৩৫৬,৭০০২৬৯৭২৬২ নতুবা তীৰ্থ শৰ্মা সম্পাদক ৮৬৩৮৫০৩৮২১ ৷৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close