অসম

ইৰিধানৰ পতান হোৱাক কেন্দ্ৰ কৰি উত্তপ্ত বৰপেটা-বঙাইগাওঁ  

প্ৰথম খবৰ, কলগাছিয়া:  ইৰিধানত চাউলৰ পৰিৱৰ্তে পতান হোৱাত বৰপেটা জিলাৰ কলগাছিয়াৰ বিলৰটাৰীত কালি কৃষিমন্ত্ৰী অতুল বৰাৰ পুত্তলিকা দাহ কৰাৰ বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছত বৰপেটা জিলা কৃষি বিষয়া ছাফিউল ইছলামে বিভাগটোৰ সজাতি দলসহ বিলৰটাৰী গাঁৱত পতান হোৱা ইৰিধানৰ পতান খেতি তদন্ত কৰিবলৈ উপস্থিত হোৱাৰ পিছত ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলে সজাতি দলটোক প্ৰায় তিনি ঘন্টা সময় আবদ্ধ কৰি ৰাখে। বিষয়া গৰাকীক আৱদ্ধ কৰি ধানৰ ক্ষতিপুৰণ আৰু এই বীজ কোম্পানী সমুহক নিষিদ্ধ কৰাৰ দাবীৰে এইদৰে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ কৰে। পিছলৈ জিলা কৃষি বিষয়া ইছলামে জিলা প্ৰশাসন আৰু চৰকাৰৰ লগত আলোচনা সাপেক্ষে দাবী সমুহ মানি লোৱাৰ আশ্বাস প্ৰদান কৰাৰ পিছতহে প্ৰতিবাদী কৃষকে বিষয়া গৰাকীক মুক্ত কৰি দিয়ে। ইফালে একেই সমস্যাক লৈ বঙাইগাওঁ জিলাৰ ঘোঁৰামাৰাতো আজি পতান হোৱা ইৰি ধাননিত অগ্নি সংযোগ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে খেতিয়ক সকলে। প্ৰতিবাদকাৰী সকলে কৃষি বিভাগ হায় হায়, অতুল বৰা মূৰ্দাবাদ আদি শ্লো-গানেৰে উত্তাল প্ৰতিবাদ কৰে। আনকি সৰিয়হ আৰু ধানক লৈ কালি মন্ত্ৰী অতুল বৰাই কৰা টুলুঙা মন্তৱ্যত ক্ষুব্ধ হৈ পৰিছে এই সকল দুৰ্ভোগীয়া খেতিয়ক সকলে। এডভাণ্টা ৮৩৭, লাল গংগা ৮১৬, এন কে ৫২৩১ আদি কেইবাটাও কোম্পানীৰ ধানৰ বীজেৰে খেতি কৰি এইদৰে কৃষক সকলে ক্ষতিগ্ৰস্ত হৈছে।

Related Articles

Leave a Reply

Close