অসম

উত্তৰ শালমাৰাত নিশা চোৰাং গৰুভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

প্ৰথম খবৰ, অভয়াপুৰী,১৩ মে’: ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ অবৈধ বেহা ৷ এই কথা পুনৰবাৰ প্ৰকাশ হ’ল শুক্ৰবাৰে নিশা ৷ শুক্ৰবাৰে পুৱতি নিশা উত্তৰ শালমাৰাৰ কাকৈজানাত ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় এখন চোৰাং গৰুভৰ্তি ট্ৰাক ৷ ট্ৰাকখনত আছিল ২৫টা গৰু ৷ দুৰ্ঘটনাৰ ফলত থিতাতে মৃত্যু হয় ৫ টাকৈ গৰুৰ ৷ ট্ৰাকখনত থকা আন গৰুকেইটাও কম বেছি পৰিমাণে আঘাটপ্ৰাপ্ত হয়। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকৰ নং AS17B 7336 ৷ ট্ৰাকখন উত্তৰ শালমাৰা দিশৰ পৰা বৰপেটা দিশলৈ গৈ আছিল ৷ পিছত স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে উদ্ধাৰ কৰে গৰুখিনি ৷ চোৰাং গৰুখিনি বাংলাদেশলৈ নিয়াৰ সন্দেহ কৰা হৈছে ৷ উল্লেখ্য দীৰ্ঘদিন ধৰি বঙাইগাঁওৰ জিলাৰ মাজেৰে চলি আছে চোৰাং গৰুৰ বেহা ৷ কিন্তু কোনো কাণষাৰ নাই জিলা প্ৰশাসন তথা আৰক্ষীৰ ৷

Related Articles

Leave a Reply

Close